লাৱাছড়া ৰাষ্ট্ৰীয় উদ্যান (Lawachara National Park) বাংলাদেশৰ এখন ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰকৃতি সংৰক্ষিত বনাঞ্চল৷ ই দেশখনৰ উত্তৰ-পূব অঞ্চলৰ কমলগঞ্জ উপাজিলা আৰু মৌলভিবজাৰ জিলাত অৱস্থিত। ৰাষ্ট্ৰীয় উদ্যানখন ২,৭৪০ হেক্টৰ (২৭.৪ কিলোমিটাৰ বৰ্গফুট) পশ্চিম ভানুগাচ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অৱস্থিত।১
লাৱাছড়া ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ১২৫০ হেক্টৰ (১২.৫ কিলোমিটাৰ বৰ্গফুট) অৰ্ধ-চিৰসেউজ বন আৰু মিশ্ৰিত পৰ্ণপাতী বন আছে। ১৯৭৪ চনৰ বন্যপ্ৰাণী আইন অনুসৰি ১৯৯৬ চনৰ ৭ জুলাইত বাংলাদেশ চৰকাৰে এই ভূমিভাগক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে।২৩
অৱস্থান
ঢাকাৰপৰা প্ৰায় ১৬০ কিলোমিটাৰ (৯৯ মাইল) উত্তৰ-পূব আৰু চিলেটৰপৰা ৬০ কিলোমিটাৰ (৩৭ মাইল) দূৰত্বত লাৱাছড়া অৱস্থিত। শ্ৰীমংগল উপজিলা চহৰৰপৰা ই ৮ কিলোমিটাৰ (৫.০ মাইল) দূৰৈত অৱস্থিত।৪ লাৱাছড়া ৰাষ্ট্ৰীয় উদ্যানৰ ভূ-প্ৰকৃতি পাহাৰীয়া মাটিৰে গঠিত। এই উদ্যানখন ওখ আৰু চাপৰ টিলাৰে বিস্তৃত। বনাঞ্চলৰ মাটিত বালিৰ পৰিমাণ বেছি হোৱাৰ বাবে বহু পৰিমাণে শিল দেখা যায়। অৰণ্যৰ মাজেৰে বহু পাহাৰীয়া নিজৰা বৈ গৈছে। ইয়াৰে দুই-এটা নিজৰাৰ বাহিৰে বাকীবোৰত বাৰিষাৰ সময়তহে পানী থাকে। নিজৰাৰ পানী পৰিষ্কাৰ, স্ফটিক স্বচ্ছ আৰু ঠাণ্ডা। খৰালিতো পানী থকা নিজৰাৰ ওচৰত বন্যপ্ৰাণী দেখা পোৱা যায়।
লাৱাছড়াৰ জলবায়ু সাধাৰণতে উষ্ণ, ফেব্ৰুৱাৰী মাহত গড়ে ২৬.৮ ডিগ্ৰী চেলছিয়াছ (৮০.২ ডিগ্ৰী ফাৰেনহাইট)ৰ পৰা জুন মাহত ৩৬.১ ডিগ্ৰী চেলছিয়াছ (৯৭.০ ডিগ্ৰী ফাৰেনহাইট) হয়। গোটেই বছৰজুৰি আৰ্দ্ৰতা অধিক হয়, আৰু লাৱাছড়াত সঘনাই বৰষুণ আৰু মাজে মাজে ঘূৰ্ণীবতাহৰ ধুমুহাও হয়।২
জীৱ বৈচিত্ৰ্য
লাৱাছড়া ৰাষ্ট্ৰীয় উদ্যানত ৪৬০বিধ প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী আছে, ইয়াৰে ১৬৭বিধ প্ৰজাতিৰ উদ্ভিদ, চাৰিটা উভচৰ প্ৰজাতি, ছটা সৰীসৃপ প্ৰজাতি, ২৪৬বিধ চৰাইৰ প্ৰজাতি, ২০বিধ স্তন্যপায়ী প্ৰজাতি আৰু ১৭বিধ পতঙ্গৰ প্ৰজাতি ইয়াত বিদ্যমান।৫৬
ৱেষ্টাৰ্ণ হুলক গিবন (Hoolock hoolock) ভাৰতত পোৱা এবিধ উচ্চ শ্ৰেণীৰ বান্দৰ প্ৰজাতি৷ ই শীৰ্ষ ২৫ টা বিলুপ্তপ্ৰায় বান্দৰ প্ৰজাতিৰ ভিতৰত অন্যতম আৰু লাৱাছড়াত পোৱা ছবিধ বান্দৰ প্ৰজাতিৰ ভিতৰত অন্যতম।৭ ২০০৭ চনৰ গণনাত লাৱাছড়া আৰু বৃহত্তৰ পশ্চিম ভানুগাচ সংৰক্ষিত বনাঞ্চলত ১৭টা পৰিয়ালত মাত্ৰ ৬২টা হলৌ বান্দৰ পোৱা গৈছিল।৮ তথাপিও এইটোৱেই হৈছে বাংলাদেশৰ আটাইতকৈ বেছি জীয়াই থকা গিবনৰ জনসংখ্যা। লাৱাছড়াৰ হলৌৰ সংখ্যাক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় কাৰণ ই ৱেষ্টাৰ্ণ হুলক গিবন বা হলৌ বান্দৰৰ শেষ কাৰ্য্যক্ষম সংখ্যা হ'ব পাৰে যি পৰৱৰ্তী শতিকালৈকে জীয়াই থাকিব।৯
তথ্যসূত্ৰ
- ↑ Lawachara National Park. Community Ecotourism
- ↑ Nature Conservation Management (NACOM). (2003). Co-Management of Tropical Forest Resources of Bangladesh: Secondary Data Collection for Pilot Protected Areas: Lawachara National Park. USAID/Bangladesh & Ministry of Environment and Forest, Government of Bangladesh
- ↑ Shewli, S. B. (2008). Connecting Communities and Conservation: Collaborative Management of Protected Areas in Bangladesh. East-West Center; Nishorgo Program of Bangladesh Forest Department. পৃ. 73–88. ISBN ((984-300-002284-6))
- ↑ Management Plans for Lawachara National Park. USAID/Bangladesh
- ↑ Integrated Protected Area Co-Management (IPAC). USAID/Bangladesh
- ↑ Jalil, Md. A. (2009). Site-Level Apprasal for Protected Area Co-Management: Lawachara National Park. International Resources Group
- ↑ (2009). Primates in Peril: The World's 25 Most Endangered Primates 2008–2010. IUCN/SSC Primate Specialist Group (PSG), International Primatological Society (IPS), and Conservation International (CI). পৃ. 1–92. ISBN 978-1-934151-34-1
- ↑ The Endangered Hoolock Gibbon of Bangladesh
- ↑ Österberg, P. (2007). The vanishing ape of Bangladesh: A report from the hoolock gibbon's last stronghold in the country. Gibbon Journal. পৃ. 1–9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাৱাছড়া ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৬২২৪২৩ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।