জানকী ৰামায়ণ (মৈথিলী: जानकी रामायण) হৈছে পণ্ডিত লাল দাসৰদ্বাৰা ৰচিত মৈথিলী ভাষা ভাষাৰ পদ্যৰূপ ৰামায়ণ, যি সীতাক কেন্দ্ৰ কৰি গঢ়ি উঠা এক অনন্য সংস্কৰণ।১২
পটভূমি
ভাৰতীয় উপমহাদেশত ৰামায়ণ বহুতো ভাষাত ৰচিত হৈছে আৰু ৰামায়ণৰ অনুমাণিক ৩০০ৰপৰা ১০০০টা সংস্কৰণ পোৱা যায়। বাল্মিকীৰ মূল সংস্কৃত ভাষা ৰামায়ণ আৰু তুলসীদাসৰ অৱধী ভাষাৰ ৰামচৰিতমানসৰ দৰে সংস্কৰণসমূহত প্ৰধানকৈ ৰামৰ আদৰ্শ বৰ্ণনা কৰা হৈছে। কিন্তু পণ্ডিত লাল দাসৰদ্বাৰা ৰচিত জানকী ৰামায়ণ হ'ল সীতাৰ জীৱনৰ আধাৰত ৰচিত একমাত্ৰ সংস্কৰণ।৩ এই সংস্কৰণত সীতাৰ জন্মৰপৰা জীৱনৰ অন্ত পৰ্যন্তৰ ঘটনাবোৰ, লগতে তেওঁৰ অসীম শক্তি আৰু ত্যাগৰ বৰ্ণনা কৰা হৈছে।৪
বিৱৰণ
এই ৰামায়ণত সীতাক শক্তিৰ স্বৰূপ হিচাপে বৰ্ণনা কৰা হৈছে। তেওঁৰ তিনি ৰূপ তলত দিয়া ধৰণে বৰ্ণিত হৈছে:
- শব্দব্ৰহ্মময়ী – শব্দৰূপী শক্তি
- যজ্ঞভূমিত উৎপন্ন হলগ্ৰ – সৃষ্টি শক্তি
- অব্যক্ত স্বৰূপা
তেওঁক আদিশক্তি ভগৱতী হিচাপেও কোৱা হৈছে।৩ এই ৰামায়ণখন সম্পূৰ্ণৰূপে মৈথিলী কাব্য ভাষাত ৰচিত। ইয়াত “সীতা” শব্দৰ অৰ্থ "ভূমিজা" বুলি উল্লেখ কৰা হৈছে — অৰ্থাৎ মাটিৰপৰা নাঙলেৰে উলিওৱা ৰেখা (ভূমিত জন্ম লোৱা)। তেওঁক কৃষিৰ অধিষ্ঠাত্ৰী, পৰম বৈদেহী, পৰম জানকী আৰু জনানাং কুলে জাতা (জনসাধাৰণৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা) বুলিও সম্বোধন কৰা হৈছে।৩
এই কাব্যগ্ৰন্থখনত তিনিটা খণ্ড আৰু ২৫টা অধ্যায় আছে।১
- কথাৰম্ভ (অধ্যায় ১–৮)
- লক্ষ্মীকাণ্ড (অধ্যায় ৯–১৪)
- ৰাধাকাণ্ড (অধ্যায় ১৫–২৫)
তথ্যসূত্ৰ
- ↑ जानकी रामायण / लाल दास - कविता कोश. kavitakosh.org
- ↑ লালদাস. (১৯৮০). जानकी-रामायण: प्रबन्ध-काव्य. মৈথিলী একাডেমী
- ↑ (২০১৮-১১-০৭). 'जानकी रामायण', ऐसी रामायण जो राम पर नहीं सीता पर आधारित है. News18 हिंदी
- ↑ Choudhary, Radhakrishna. (১৯৮১). Mahākavi Lāladāsa. মৈথিলী একাডেমী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জানকী ৰামায়ণ” প্ৰবন্ধৰ সংশোধন ৬০২২৬৪ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।