মনোকামনা মন্দিৰ (মৈথিলী: मनोकामना मंदिर) হৈছে ভাৰতৰ বিহাৰ ৰাজ্যৰ মিথিলা অঞ্চলৰ অন্তৰ্গত মধুবনী জিলাৰ হৰলাখী ব্লকৰ কামটৌল গাঁৱত অৱস্থিত এটা প্ৰাচীন হিন্দু মন্দিৰ। লোকবিশ্বাস অনুসাৰে এই মন্দিৰ ত্ৰেতাযুগৰ পৰা অস্তিত্বশীল বুলি ধৰা হয় আৰু ইয়াৰ ইতিহাস ৰামায়ণৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। এই মন্দিৰ মিথিলা অঞ্চলৰ অন্যতম গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থান হিচাপে পৰিচিত।১

নামকৰণ
‘মনোকামনা’ শব্দৰ অৰ্থ ভক্তিৰ ইচ্ছা বা অন্তৰৰ কামনা। স্থানীয় লোকবিশ্বাস অনুসাৰে, যি ভক্তই শুদ্ধ মন আৰু দৃঢ় বিশ্বাসেৰে এই মন্দিৰত পূজা অৰ্চনা কৰে, তেওঁৰ ইচ্ছা পূৰ্ণ হয়। সেইবাবে এই মন্দিৰক ‘মনোকামনা মন্দিৰ’ বুলি জনা যায়। এই স্থান ‘মনোকামনা স্থান’ নামেও পৰিচিত।

বিৱৰণ

লোককথা অনুসাৰে, দেৱী সীতাই ফুলহৰত অৱস্থিত গিৰিজা দেৱীৰ পূজা বাৰ বছৰ ধৰি নিয়মিতভাৱে কৰিছিল। সেই পূজাৰ অন্তত গিৰিজা দেৱীয়ে সীতাক আশীৰ্বাদ দি মনোকামনা মন্দিৰত পূজা কৰিবলৈ কোৱা হৈছিল, যাৰ ফলত সীতাৰ মনোকামনা পূৰ্ণ হয়।১২
এই মন্দিৰ প্ৰাঙ্গণত অৱস্থিত শিৱ মন্দিৰখন ‘বাবা মনোকামনা নাথ মহাদেৱ মন্দিৰ’ নামে জনাজাত। ইয়াত শিৱ, পাৰ্বতী, গণেশ আৰু কাৰ্ত্তিক দেৱতাৰ মন্দিৰো আছে। শিৱৰ বাহন নন্দী মহাৰাজৰ প্ৰতিমূৰ্তিও ইয়াত স্থাপন কৰা হৈছে।
প্ৰতিবছৰে শ্ৰাৱণ মাহত সোমবাৰী উপলক্ষে বৃহৎ মেলা অনুষ্ঠিত হয়। এই সময়ত বহু দূৰ-দূৰণিৰ পৰা হাজাৰ হাজাৰ ভক্ত আহি শিৱলিঙ্গত জলাভিষেক কৰে আৰু পূজা অৰ্চনা সম্পন্ন কৰে।৩
মন্দিৰৰ ওচৰে-পাঁজৰে ফুলহৰৰ বাঘ তৰাগ পুষ্পৱাটিকা, কল্যাণেশ্বৰ মহাদেৱ মন্দিৰ আৰু বিশ্বামিত্ৰ আশ্ৰম আদি বহুতো ৰামায়ণ-সম্পৰ্কিত ধৰ্মীয় স্থান অৱস্থিত। এই মন্দিৰখন প্ৰাচীন মিথিলা ৰাজ্যৰ ৰাজধানী জনকপুৰৰ পৰা সড়কপথে প্ৰায় তেৰ মাইল দূৰত অৱস্থিত আৰু পৰ্যটকৰ বাবেও এক গুৰুত্বপূৰ্ণ আকৰ্ষণ।


মনোকামনা মন্দিৰ কেৱল ধৰ্মীয় আস্থাৰ কেন্দ্ৰ নহয়, ই মিথিলা অঞ্চলৰ লোকসংস্কৃতি আৰু পৰম্পৰাৰো এটা গুৰুত্বপূৰ্ণ অংশ। স্থানীয় লোকসকলৰ জীৱনধাৰা, উৎসৱ-পৰ্ব আৰু ধৰ্মীয় আচাৰ-ব্যৱহাৰৰ সৈতে এই মন্দিৰ গভীৰভাৱে সংযুক্ত হৈ আছে। শাওন মাহত এই মন্দিৰত অজস্ৰ ভক্তৰ সমাগম ঘটে। তাৰোপৰি প্ৰতিদিনে এই মন্দিৰলৈ পৰ্যটকৰ আগমণ ঘটে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনোকামনা মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৫৬৪৪৭৩ (১৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।