ফ্ৰা লাক ফ্ৰা ৰাম (ພຣະລັກພຣະຣາມ) হৈছে লাও জনসাধাৰণৰ ৰাষ্ট্ৰীয় মহাকাব্য আৰু ই হৈছে দশৰথ জাতকৰ লাও ভাষাৰ অভিযোজন। দশৰথ জাতক হৈছে গৌতম বুদ্ধৰ পূৰ্বজন্মৰ কাহিনী য'ত বোধিসত্ত্ব অৰ্থাৎ বুদ্ধৰ পূৰ্বজন্ম হৈছে ৰাম।১ বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ দ্বাৰা ইয়াক লাউচ আৰু দক্ষিণ-পূব এছিয়াৰ অন্যান্য ঠাইলৈ অনা হৈছিল। এই কাহিনীটো কম্বোডিয়া আৰু থাইলেণ্ডতকৈ বহু পলমকৈ গৈ লাওচ পাইছিল আৰু স্থানীয় অভিযোজনৰ দ্বাৰা প্ৰভাৱিত হৈছিল।২
ফ্ৰা লাক ফ্ৰা ৰামৰ নাম ইয়াৰ দুটা মুখ্য চৰিত্ৰৰ নামেৰে ৰখা হৈছে। ফ্ৰা লাক হৈছে লক্ষ্মণ আৰু ফ্ৰা ৰাম হৈছে ৰাম। যিহেতু ফ্ৰা ৰামক নায়ক বুলি গণ্য কৰা হয়, সেয়ে বিশ্বাস কৰা হয় যে গ্ৰন্থখনৰ নামটো উলোটাকৈ অৰ্থাৎ ফ্ৰা ৰাম ফ্ৰা লাক হিচাপে বাছনি কৰা হৈছিল। অৱশ্যে লুৱাং প্ৰবাঙৰ প্ৰবীণ নৃত্যশিল্পীসকলে কয় যে ফ্ৰা লাকে তেওঁৰ ভ্ৰাতৃ ফ্ৰা ৰামৰ প্ৰতি তেওঁ স্বেচ্ছাই আগবঢ়োৱা সহায়ৰ প্ৰতি সন্মান জনাই ফ্ৰা লাকক প্ৰথম স্থানত ৰখা হয়।৩ জাতকৰ কাহিনী বুলি গণ্য কৰা হয় বাবে ফ্ৰা ৰাম সাদক নামেৰেও ইয়াক জনা যায়। ইয়াক ৰামাকিয়েন বুলিও কোৱা হৈছিল যদিও সাধাৰণতে ই ৰামায়ণৰ এই অন্যান্য আঞ্চলিক সংস্কৰণৰ নাম।
তথ্যসূত্ৰ
- ↑ Tinh, V. T. (1971). Phra lak phra Ram: a previous life of the buddha [Published on-line 2003.]. (Adapted from text of Vat Kang Tha.), Retrieved from www.seasite.niu.edu/lao/otherTopics/PhralakPhral
- ↑ Phra Lak Phra Ram. Phralak Phralam
- ↑ Jähnichen, G. (2009). Re-designing the role of phalak and pharam in modern Lao Ramayana. Wacana Seni Journal of Art Discourse, 8, p 3-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ৰা লাক ফ্ৰা ৰাম” প্ৰবন্ধৰ সংশোধন ৬২৬৬৩৭ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।