চুমা পৰশতে হৈছে ২০১৪ চনৰ ১৯ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন ৰোমাণ্টিক থ্ৰিলাৰ অসমৰ চলচ্চিত্ৰ। 'নিৰি প্ৰডাক্চন'ৰ বেনাৰত বোলছবিখনৰ প্ৰযোজনা, পৰিচালনা আৰু কাহিনী জোনমণি দেৱী খাউণ্ডৰ। অভিনয় কৰে নৱাগত ইন্দুমৌলি নেওগ আৰু পশ্চিমবংগৰ অভিনেত্ৰী দেবস্মিতা বেনাৰ্জী আদিয়ে। ১
অভিনয় শিল্পী
চলচ্চিত্ৰখনৰ মূল ভূমিকাত অভিনয় কৰে নৱাগত ইন্দুমৌলি নেওগ আৰু পশ্চিম বংগৰ অভিনেত্ৰী দেবস্মিতা বেনাৰ্জীয়ে। আন অভিনয় শিল্পীসকল হ'ল লক্ষী, ভাস্কৰ, নীৰৱ, চিৰঞ্জীৱ, হেমন্ত, অংশুমান, পূৰ্ণমজ্যোতি, ত্ৰৈলোক্য, ডিম্পু, ৰূপম, জ্যোতিষ্মান, শংকৰজ্যোতি, শশাংক, অবিনাশ আদি।১
কলা-কুশলী
- পৰিচালনা/প্ৰযোজনা/কাহিনী - জোনমণি দেৱী খাউণ্ড
- কাৰ্যবাহী প্ৰযোজক - জয়ন্ত খাউণ্ড
- চিত্ৰনাট্য/সংলাপ - চিৰন্তন মহন্ত
- চিত্ৰগ্ৰহণ - নৱ কুমাৰ দাস, প্ৰফুল্ল ৰাভা (সহকাৰী চিত্ৰগ্ৰহণকাৰী)
- নৃত্য নিৰ্দেশনা - বাপ্পা আহমেদ, ৰনি চাহু
- প্ৰযোজনা নিয়ন্ত্ৰণ - নীলম১
সংগীত
চুমা পৰশতে চলচ্চিত্ৰখনৰ সংগীত পৰিচালক চাজন নায়ক আৰু মণীষা বৰদলৈ। গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, দীক্ষু, চাজন নায়ক, মণীষা, প্ৰণামিকা আৰু তৃণ শৰ্মাই।১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (১৯ ছেপ্টেম্বৰ, ২০১৪). Upcoming Romantic Thriller Assamese Feature Film - Suma Poroxote. Creativica
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুমা পৰশতে” প্ৰবন্ধৰ সংশোধন ৩৮৫০৫৫ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।