গ্ৰহণ (Grahan) হৈছে ২০১৪ চনৰ ২৭ জুনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বি এম চি মেডিয়া প্ৰডাক্চনৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখন প্ৰযোজনা কৰে এম চৌধুৰীয়ে আৰু পৰিচালনা কৰে তিলক শৰ্মাই। বিলকিচ মজুমদাৰৰ কাহিনীৰে নিৰ্মিত বোলছবিখনত অভিনয় কৰে দিগন্ত হাজৰিকা, ফাৰহিন চৌধুৰী আদিয়ে।১
কাহিনী
বোলছবিখনৰ কাহিনী ৰোমাণ্টিক। প্ৰেম, বন্ধুত্বৰ দৰে সম্বন্ধত ভুল বুজাবুজিয়ে কেনেদৰে মন-মগজুত প্ৰতিশোধমুখী ভাবধাৰা আৰু অপৰাধৰ বীজ সিঁচি দি মানুহৰ জীৱনলৈ অন্ধকাৰ আনিব পাৰে তাৰ আধাৰতে বোলছবিখনৰ কাহিনী নিৰ্মাণ কৰা হৈছে।১
অভিনয়ত
- দিগন্ত হাজৰিকা
- ফাৰহিন চৌধুৰী
- বাবি বৰুৱা
- পংকজ পূজাৰী
- প্ৰিয়াংক কাকতি
- নীল দাস (আইটেম ছং)
- পাৰবিন চুলতানা (আইটেম ছং)১
কলা-কুশলী
- পৰিচালক - তিলক শৰ্মা
- প্ৰযোজক - এম চৌধুৰী
- সহ প্ৰযোজক - ৰিদিপ দাস
- কাহিনী - বিলকিচ মজুমদাৰ
- চিত্ৰনাট্য/সংলাপ - লিজা পেগু
- সংগীত পৰিচালক - ৰিদিপ দাস
- চিত্ৰগ্ৰহণকাৰী/সম্পাদনা - ৰাজীৱ শইকীয়া
- নৃত্য নিৰ্দেশনা - মিতুপৰ্ণ চক্ৰৱৰ্তী১
সংগীত
চলচ্চিত্ৰখনৰ সংগীত পৰিচালক ৰিদিপ দাস। গীতৰ কথা হীৰেন ভট্টাচাৰ্য (গীত- ফুলে শেৱালি), ৰিদিপ দাস আৰু সুবিল বাৰ্গৰ। ছাউণ্ড মিক্সিং দিগন্ত বৰদলৈৰ। গীতসমূহত কণ্ঠদান কৰিছে মহালক্ষ্মী আয়াৰ, ৰিদিপ দাস আৰু পলী শইকীয়াই।১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (২৯ জুন ২০১৪). অসমৰ কুৰিটা চিত্ৰগৃহত সগৌৰৱে চলিছে গ্ৰহণ. অসমীয়া খবৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰহণ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮৫০১২ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।