অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কুলদেৱতা

কুলদেৱী (সংস্কৃত: कुलदेवी) বা কুলদেৱতা (সংস্কৃত: कुलदेवता, আক্ষৰিক অৰ্থ: 'গোত্ৰৰ দেৱতা') যাক কুলদৈৱম (তামিল: குலதெய்வம்) বুলিও জনা যায়, হিন্দু আৰু জৈন ধৰ্ম অনুসৰি পূৰ্ৱপুৰুষৰ তত্ত্বাৱধায়ক দেৱতা।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৫ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

কুলদেৱী (সংস্কৃত ভাষা: कुलदेवी) বা কুলদেৱতা (সংস্কৃত: कुलदेवता, আক্ষৰিক অৰ্থ: 'গোত্ৰৰ দেৱতা')১ যাক কুলদৈৱম (তামিল: குலதெய்வம்) বুলিও জনা যায়,২ হিন্দু আৰু জৈন ধৰ্ম অনুসৰি পূৰ্ৱপুৰুষৰ তত্ত্বাৱধায়ক দেৱতা।৩

কুলদেৱীয়ে প্ৰায়ে মানুহৰ ভক্তি লাভ কৰে আৰু দুৰ্ভাগ্যৰ পৰা নিজৰ বংশ (কুল), গোত্ৰ, পৰিয়াল, সন্তানক সুৰক্ষা প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়। কুলদেৱতা ইষ্ট-দেৱতা (ব্যক্তিগত তত্ত্বাৱধায়ক) আৰু গ্ৰামদেৱতাৰ (গাঁৱৰ দেৱতা) সৈতে একে নহয়।৪

পুৰুষ কুলদেৱতাক কেতিয়াবা কুলদেৱ বুলিও কোৱা হয়, আনহাতে সমকক্ষ নাৰী দেৱীক কুলদেৱী বুলি কোৱা হয়।৫

ব্যুৎপত্তি

কুলদেৱতা শব্দটো দুটা শব্দৰ পৰা উদ্ভৱ হৈছে: কুল, অৰ্থাৎ বংশ আৰু দেৱতা, অৰ্থাৎ দেৱতা, যিয়ে বিশেষ কোনো গোত্ৰই পূজা কৰা পূৰ্বপুৰুষৰ দেৱতাক বুজায়।৬

পূজা

শৈৱ পৰম্পৰাৰ কুলদৈৱসকলক প্ৰায়ে শিৱ আৰু পাৰ্বতীৰ অৱতাৰ বুলি গণ্য কৰা হয়, আনহাতে বৈষ্ণৱ পৰম্পৰাৰ কুলদৈৱসকলক প্ৰায়ে বিষ্ণু আৰু লক্ষ্মীৰ অৱতাৰ বুলি গণ্য কৰা হয়।৭

উপমহাদেশৰ বহু অঞ্চলৰ লোকসকলে পবিত্ৰ পুৰুষক (বাবা) পূজা কৰাৰ বাবে বহু সম্প্ৰদায়ে কোনো দেৱতাৰ ঠাইত এনে পুৰুষক নিজৰ কুলাদেৱতা বুলি গণ্য কৰে।৮

পশ্চিম ভাৰতত কিছুমান সম্প্ৰদায়ে তেওঁলোকৰ বংশৰ অন্তৰ্গত স্থানীয় ৰজাসকলক তেওঁলোকৰ কুলদেৱতা বুলি গণ্য কৰে।৯

তথ্যসূত্ৰ

  1. ↑ www.wisdomlib.org. (2017-10-17). Kuladevata, Kuladevatā, Kula-devata: 9 definitions. www.wisdomlib.org
  2. ↑ Kuladeivam & Its Significance - The Verandah Club. theverandahclub.com
  3. ↑ www.wisdomlib.org. (2017-10-17). Kuladevata, Kuladevatā, Kula-devata: 9 definitions. www.wisdomlib.org
  4. ↑ Cush, Denise; Robinson, Catherine; York, Michael. (2012-08-21). Encyclopedia of Hinduism. Routledge. পৃ. 437. ISBN 978-1-135-18978-5
  5. ↑ www.wisdomlib.org. (2017-10-17). Kuladeva, Kula-deva: 7 definitions. www.wisdomlib.org
  6. ↑ Saravanan, V. Hari. (2014). Gods, Heroes and their Story Tellers: Intangible cultural heritage of South India. Notion Press. পৃ. 14. ISBN 978-93-84391-49-2
  7. ↑ (2022-05-19). Shiva and Shaivism - Origin, Beliefs, Practices, History & mentions in Vedas. TemplePurohit - Your Spiritual Destination · Bhakti, Shraddha Aur Ashirwad
  8. ↑ Kurien, Prema. (2007-06-19). A Place at the Multicultural Table: The Development of an American Hinduism. Rutgers University Press. পৃ. 36. ISBN 978-0-8135-4161-7
  9. ↑ Lachaier, Pierre. (1999-01-01). Firmes et entreprises en Inde: la firme lignagère dans ses réseaux. KARTHALA Editions. পৃ. 70. ISBN 978-2-86537-927-9

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুলদেৱতা” প্ৰবন্ধৰ সংশোধন ৫৩৮৬৬১ (১৪ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।