এৰন বাউয়াৰৰ ঘৰ কেঁকোসাপ (Aaron Bauer's house gecko; বৈজ্ঞানিক নামঃ Hemidactylus aaronbaueri) হ'ল গেকোনিডাই (Gekkonidae) পৰিয়ালৰ এক প্ৰজাতিৰ জেঠী। ভাৰতৰ মহাৰাষ্ট্ৰৰ পশ্চিম ঘাটৰ ই এক স্থানীয় প্ৰজাতি।
ব্যুৎপত্তিবিজ্ঞান
aaronbaueri এই নিৰ্দিষ্ট নামটো আমেৰিকাৰ সৰ্প বিশেষজ্ঞ এৰন মেথিউ বাউয়াৰৰ সন্মানত থোৱা হৈছে।১২
বিৱৰণ
ইয়াৰ প্ৰজাতিৰ ভিতৰত ডাঙৰ Hemidactylus aaronbaueri থুঁতৰিৰপৰা পায়ুলৈ দৈৰ্ঘ্য (SVL) ১৩ চে.মি.(৫.১ ইঞ্চি)। ইয়াৰ শৰীৰৰ পিছফালৰ হাড়ৰ ওপৰত ১৮–২০ শাৰী অনিয়মিতভাৱে সজ্জিত, বৃদ্ধি পোৱা, ঘূৰণীয়া আৰু পাতল সৰু গুটি গুটি থাকে।৩
বাসস্থান
এইচ.এৰনবাউৰীৰ পছন্দৰ প্ৰাকৃতিক বাসস্থান হৈছে অৰণ্যত ২৫০–১,০০০ মিটাৰ (৮২০–৩,২৮০ ফুট) উচ্চতাত থকা শিলৰ খাঁজ।৪ ই সম্পূৰ্ণৰূপে নিশাচৰ আৰু গধূলিৰ সময়ত আত্মপ্ৰকাশ কৰা এক "ফাট-নিবাসী" ("crevice-dweller")।৫
প্ৰজনন
এইচ.এৰনবাউৰী ডিম্বজ।
তথ্যসূত্ৰ
- ↑ Beolens, Bo; Watkins, Michael; Grayson, Michael. (2011-09-15). The Eponym Dictionary of Reptiles. JHU Press. পৃ. 19. ISBN 978-1-4214-0135-5
- ↑ Aaron Bauer’s Legacy is Forged from Renowned Herpetology Research and Grown by Generations of Students
- ↑ Hemidactylus aaronbaueri GIRI, 2008
- ↑ Srinivasulu, C.; Srinivasulu, B. (2013). Hemidactylus aaronbaueri
- ↑ Aaron Bauer’s House Gecko
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এৰন বাউয়াৰৰ ঘৰ কেঁকোসাপ” প্ৰবন্ধৰ সংশোধন ৬২৩৫৫০ (৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।