সাহিত্য
১০৩ প্ৰবন্ধ
-
অণুগল্প
অণুগল্প হৈছে অতি সংক্ষিপ্তভাৱে বৰ্ণনা কৰা সাহিত্য কৰ্ম। সাধাৰণতে ই মূল ঘটনা বা কাহিনীৰ লগত অংগাংগীভাৱে জড়িত হৈ থাকে, কিন্তু কেতিয়াবা ই মূলৰপৰা শিথিল হৈ আঁতৰি যোৱাও দেখা যায়। অনুকাহিনী স্বয়ংসম্পূৰ্ণ কাহিনী নহয়; ই কাহিনীৰ মাজৰে কাহিনী।
-
অলংকাৰ শাস্ত্ৰ
অলংকাৰ শাস্ত্ৰ হৈছে সাহিত্যৰ ৰচনা তথা অলংকাৰৰ নীতি আৰু কৌশলৰ বিষয়ে আলোচনা কৰা পৰম্পৰাগত ভাৰতীয় নান্দনিক বিজ্ঞান। ই ভাৰতীয় সাহিত্য সমালোচনাৰ এক গুৰুত্বপূৰ্ণ দিশ আৰু ইয়াৰ লক্ষ্য হৈছে সাহিত্যৰ সৌন্দৰ্য্য আৰু প্ৰকাশভংগী বৃদ্ধি কৰা।
-
আলেকজেণ্ডাৰ পুস্কিন
আলেকজেণ্ডাৰ চাৰ্গেয়েভিচ পুস্কিন (Alexander Pushkin; ৬ জুন [২৬ মে', পুৰণি শৈলী] ১৭৯৯ – ১০ ফেব্ৰুৱাৰী [২৯ জানুৱাৰী, পুৰণি শৈলী] ১৮৩৭) এজন ৰোমাণ্টিক কবি, নাট্যকাৰ আৰু ঔপন্যাসিক। বহুতে তেওঁক ৰাছিয়াৰ সৰ্বশ্ৰেষ্ঠ কবি আৰু আধুনিক ৰাছিয়ান সাহিত্যৰ জনক বুলি গণ্য কৰে।
-
আলেক্সঁদ্ৰ দ্যুমা
আলেক্সঁদ্ৰ দ্যুমা (Alexandre Dumas,; ২৪ জুলাই ১৮০২ – ৫ ডিচেম্বৰ ১৮৭০), যিজন আলেক্সঁদ্ৰ দ্যুমা পেৰ নামেৰেও পৰিচিত, আছিল এজন ফৰাছী ঔপন্যাসিক, নাট্যকাৰ,প্ৰবন্ধকাৰ। তেওঁ মূলত: ঐতিহাসিক সমল আৰু দুঃসাহসিক ৰোমাঞ্চকৰ অভিযানক লৈ লিখা উপন্যাস সমূহৰ বাবে বিখ্যাত।
-
ইউট'পিয়ান আৰু ডিষ্ট’পিয়ান কল্পকাহিনী
ইউটোপিয়ান আৰু ডিষ্ট'পিয়ান কল্পকাহিনী (Utopian and dystopian fiction) হৈছে সামাজিক আৰু ৰাজনৈতিক গাঁথনিৰ সন্ধান কৰা এক অনুমানভিত্তিক ধাৰা। ইউটোপিয়ান কল্পকাহিনীত লেখকৰ নীতি-আদৰ্শৰ সৈতে সাদৃশ্যপূৰ্ণ এক পৰিৱেশৰ চিত্ৰণ কৰা হৈছে, য’ত পাঠকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে আন এটা বাস্তৱৰ বিভিন্ন বৈশিষ্ট্য সংযোজন…
-
এছিয়ান সাহিত্য
এছিয়ান সাহিত্য হৈছে এছিয়াত ৰচিত হোৱা সাহিত্যসমূহ।
-
এদো সাহিত্য
এদো সাহিত্য হৈছে নাইজেৰিয়াৰ এদো জনগোষ্ঠীৰদ্বাৰা ৰচিত লিখিত আৰু মৌখিক—উভয় ধৰণৰ সাহিত্যিক সৃষ্টিৰ সমষ্টি। ইয়াৰ উৎপত্তি উপনিৱেশ-পূৰ্ব সময়ত হৈছিল আৰু সময়ৰ লগে লগে বিকাশ লাভ কৰিছে। এই সাহিত্যত এদো সংস্কৃতিৰ প্ৰতিফলন দেখা যায় আৰু ইয়াত বিভিন্ন সময়কাল, সাহিত্যধাৰা আৰু লেখকৰ ৰচনা অন্তৰ্ভুক্ত আছে।
-
কল্পনা সাহিত্য
কল্পনা সাহিত্য (Fantasy Literature) হৈছে প্ৰায়েই কাল্পনিক বিশ্বব্ৰহ্মাণ্ডত নিৰ্মিত সাহিত্য। অৱশ্যে বাস্তৱ জগতৰ কোনো স্থান, পৰিঘটনা বা মানুহৰ সহায় নোলোৱাকৈ এনে সাহিত্য সদায়েই সৃষ্টি কৰিব নোৱাৰি। যাদু, অতিপ্ৰাকৃতিক আৰু যাদুকৰী জীৱবোৰ এনে সাহিত্যত সততে দৃষ্টিগোচৰ হয়।
-
গিলগামেশৰ মহাকাব্য
গিলগামেশৰ মহাকাব্য এখন মেছ’পটেমিয়াৰ মহাকাব্য। খ্ৰীষ্টপূৰ্ব ২১০০ চনৰ আশে-পাশে ইয়াৰ ৰচনা কৰা হৈছিল। ইয়াক প্ৰায়ে আটাইতকৈ পুৰণি সাহিত্যিক গ্ৰন্থ বুলি গণ্য কৰা হয়। গিলগামেশৰ কাহিনী প্ৰথমে পাঁচটা চুমেৰিয়ান কবিতাৰে আৰম্ভ হয় যিবোৰ উৰুকৰ ৰজা বিলগামেশ (গিলগামেশৰ চুমেৰিয়ান নাম)ৰ ওপৰত আধাৰিত।
-
চপয়
চপয়( sopoy) এবিধ চতুষ্পদী ছন্দৰ কবিতা ৷ “এই ছন্দত চাৰি ফাঁকি থাকে। ৰাগ অনুসাৰে ইয়াৰ প্ৰত্যেক ফাঁকিত দহ, এঘাৰ, বাৰ, তেৰলৈকে বা তাতোকৈ বেছি আখৰ থাকিব পাৰে আৰু দুই পদৰ শেষৰ আখৰৰ মিল থাকে৷” চপয় পৰস্পৰে মিল হোৱা চাৰি ফাকিৰ এবিধ ছন্দেৰে ৰচনা কৰা বিষ্ণুৰ স্তৱ।
-
চাঁওতালি সাহিত্য
চাঁওতালি সাহিত্য (ᱥᱟᱱᱛᱟᱲᱤ ᱥᱟᱶᱦᱮᱫ) বুলিলে চাঁওতালি ভাষাত ৰচিত সাহিত্যৰ সামগ্ৰিক সংকলনক বুজোৱা হয়। এই ভাষাটো মূলতঃ চাঁওতাল জনগোষ্ঠীৰদ্বাৰা ব্যৱহৃত, যিসকল ভাৰত, বাংলাদেশ, নেপাল আৰু ভূটানত বসবাস কৰে। চাঁওতালি ভাষা হ'ল ভাৰতৰ সংবিধান স্বীকৃত ২২টা ভাষাৰ অন্তৰ্গত এটা ভাষা।
-
চূড়ামণি (মহাকাব্য)
চূড়ামণি (Culamani) বা সুলামণি (Sulamani) হ’ল উত্তৰ-সংগম যুগৰ তামিল সাহিত্যৰ ক্ষুদ্ৰ পাঁচখন মহাকাব্যৰ ভিতৰত অন্যতম। এইখন তামিল জৈন পণ্ডিত তোলামোলি থেভাৰে লিখিছিল। এই গ্ৰন্থখনত কোনো এটা নিৰ্দিষ্ট প্ৰধান কাহিনী নাই আৰু ই ১২টা সৰ্গত বিভক্ত ২১৩১টা চতুৰ্পদী শ্লোকৰে গঠিত।
-
জনপ্ৰিয় ইতিহাস
জনপ্ৰিয় ইতিহাস (Popular History) হৈছে এক বহল ধাৰাৰ ইতিহাস ৰচনা যিয়ে জনপ্ৰিয় দৃষ্টিভংগী গ্ৰহণ কৰে, বহল পাঠকক লক্ষ্য কৰি লয়, আৰু সাধাৰণতে বিদ্বান বিশ্লেষণতকৈ আখ্যান, ব্যক্তিত্ব আৰু প্ৰাঞ্জল বিশদতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
টিং টিং চাওৰো
টিং টিং চাওৰো (ꯇꯤꯡ ꯇꯤꯡ ꯆꯥꯎꯔꯣ) হৈছে এটি পৰম্পৰাগত মেইতেই ভাষাৰ গান। সাধাৰণতে, এইটো মাকসকলে নিজৰ সন্তানক স্নান কৰোৱাৰ সময়ত গায়। লগতে, মেইতেই পৰম্পৰাগত মাইবীসকলে এইটো লাই হৰাওবা উৎসৱত গায়।
-
ডিজিটেল সাহিত্য
ইলেক্ট্ৰনিক সাহিত্য বা ডিজিটেল সাহিত্য হৈছে কম্পিউটাৰ, টেবলেট, মোবাইল ফোন, কিণ্ডল আদি ডিজিটেল যন্ত্ৰত আৰু ইয়াৰ বাবে একান্তভাৱে সৃষ্টি কৰা ৰচনাসমূহক সামৰি লোৱা সাহিত্যৰ এক ধাৰা।
-
ড্ৰিম অফ দা ৰেড চেম্বাৰ
ড্ৰিম অফ দা ৰেড চেম্বাৰ (হংলৌ মংগ) বা দা ষ্ট’ৰী অফ দা ষ্টোন (শিতু জি) হৈছে ১৮ শতিকাৰ মাজভাগত কাও জুয়েকিনৰ দ্বাৰা ৰচিত এখন উপন্যাস। চীনা সাহিত্যৰ চাৰিখন প্ৰধান ধ্ৰুপদী উপন্যাসৰ ভিতৰত অন্যতম এই উপন্যাসখন ১৮ শতিকাৰ চীনৰ বিশ্বদৃষ্টিভংগী, নান্দনিকতা, জীৱনশৈলী আৰু সামাজিক সম্পৰ্কৰ মানসিক বিশদ বিৱৰণ আৰু…
-
তুলনাত্মক সাহিত্য
তুলনাত্মক সাহিত্য হৈছে এটি বিদ্যায়তনিক শৃংখলা (Discipline)। ই সাহিত্য অধ্যয়ন, বিচাৰ বা সমালোচনাৰ এটা পদ্ধতি। তুলনাত্মক সাহিত্য নিজে কোনো সৃষ্টিশীল সাহিত্য নহয়; অৰ্থাৎ গল্প, কবিতা, উপন্যাস, নাটক আদিৰ দৰে তুলনাত্মক সাহিত্য বুলি কোনো সৃষ্টিশীল বিধা নাই।
-
দলিত সাহিত্য
দলিত সাহিত্য (Dalit Literature) হৈছে দলিতসকলে তেওঁলোকৰ জীৱনৰ বিষয়ে লিখা সাহিত্য। ১৯৬০ চনত মাৰাঠী ভাষাত দলিত সাহিত্যৰ উত্থান ঘটে, আৰু অতি সোনকালেই ই বাংলা, হিন্দী,কানাড়া, পঞ্জাবী, সিন্ধী, তামিল ভাষাত প্ৰকাশ পায়। কবিতা, চুটিগল্প, আত্মজীৱনী আদি আখ্যানৰ জৰিয়তে দলিত সাহিত্যৰ বিস্তাৰ ঘটে।
-
দ্য আৰ্ট অফ ৱাৰ
দ্য আৰ্ট অফ ৱাৰ (চীনা: 孫子兵法 (সুঞ্চি বিংফা)) হৈছে চীনৰ এখন প্ৰাচীন সামৰিক গ্ৰন্থ। সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ৫ম শতিকাত এইখন পুথি ৰচনা কৰা হৈছিল। ইয়াৰ লেখক ছুন চু। যুদ্ধৰ ক'লা বিষয়ক এইখন গ্ৰন্থ ১৩টা অধ্যায়ৰে গঠিত।
-
দ্য কেণ্টাৰবেৰি টেলছ
দ্যকেণ্টাৰবেৰি টেলছ (ইংৰাজীঃ The Canterbury Tales) হৈছে চৌব্বিছটা কাহিনীৰ সংকলন। ১৩৮৭ চনৰ পৰা ১৪০০ চনৰ ভিতৰত জেফ্ৰী চ'ছাৰৰ দ্বাৰা মধ্য ইংৰাজী ভাষাত লিখিত কাহিনীভাগ ১৭,০০০ শাৰীৰো অধিক। গ্ৰন্থখনক চ'ছাৰৰ মহান ৰচনা হিচাপে গণ্য কৰা হয়। কাহিনীবোৰৰ অধিকাংশ পদ্যত লিখা আৰু কিছুমান গদ্যত আছে।
-
ধ্ৰুপদী গ্ৰন্থ
ধ্ৰুপদী গ্ৰন্থ বা ক্লাছিক গ্ৰন্থ (Classic Book) হৈছে আদৰ্শনীয় বা বিশেষভাৱে উল্লেখযোগ্য বুলি বিবেচিত হোৱা এখন গ্ৰন্থ। ইটালো কেলভিনোৰ পৰা আৰম্ভ কৰি মাৰ্ক টোৱেইনলৈকে বিভিন্ন লেখকৰ মনত "কিতাপ বা গ্ৰন্থ এখনক কিহে "ক্লাছিক" কৰি তোলে" শীৰ্ষক চিন্তাটো আৰু ইয়াৰ লগত জড়িত "ক্লাছিকবোৰ কিয় পঢ়া হয়?" আৰু…
-
নতুন সমালোচনা
নৱ্য বা নতুন সমালোচনা হৈছে সাহিত্য তত্ত্বৰ এক আনুষ্ঠানিকতাবাদী আন্দোলন। যিয়ে কুৰি শতিকাৰ আৰম্ভণিৰ পৰা মাজভাগলৈকে আমেৰিকান সাহিত্য সমালোচনাত অধিপত্য বিস্তাৰ কৰিছিল। নতুন সমালোচনাৰ ইংৰাজী প্ৰতিশব্দ হিচাপে (New Criticism) অভিধাটো ব্যৱহাৰ কৰা হয়।
-
প্ৰতিৰোধ সাহিত্য
প্ৰতিৰোধ সাহিত্যত (Resistance Literature) কল্পকাহিনী, চিনেমা, নাটক, কবিতা, দৃশ্য কলা, গীত আদি অন্তৰ্ভুক্ত যদিও ইয়াৰ মাজতে সীমাবদ্ধ নহয়। প্ৰতিৰোধ সাহিত্যই ইতিহাসৰ বহু ধৰণৰ ৰাজনৈতিক প্ৰতিৰোধক প্ৰতিফলিত কৰে।
-
প্ৰাক-শঙ্কৰী যুগৰ সাহিত্য
প্ৰাক-শঙ্কৰী যুগৰ সাহিত্য অসমীয়া সাহিত্যৰ যুগ বিভাজনত খ্ৰীষ্টিয় চতুৰ্দশ শতিকাত ৰচনা কৰা সাহিত্য কৰ্মসমূহক প্ৰাক-শংকৰী যুগৰ সাহিত্য অভিধাটোৰ ভিতৰত ধৰা হয়। প্ৰাক-শংকৰী মানে শংকৰদেৱৰ সাহিত্য সৃষ্টিৰ আগৰছোৱা সময়। সত্যেন্দ্ৰনাথ শৰ্মাৰ যুগ বিভাজনৰ মতে এই সময়ছোৱাৰ অনুমাণিক সময় ১৩০০ ৰপৰা ১৪৯০।
-
বাংলা ভাষাৰ মহিলা কবি
বাংলা ভাষাৰ মহিলা কবিসকলে বাংলা সাহিত্যত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। প্ৰাচীন কালৰ পৰা আধুনিক সময়লৈকে বহু মহিলা কবিয়ে সমাজ, প্ৰেম, বিদ্ৰোহ, আৰু নাৰীবাদৰ বিষয়বস্তু লৈ কবিতা ৰচনা কৰিছে।
-
বালি সাহিত্য
বালি সাহিত্য হ’ল ইণ্ডোনেছিয়াৰ বালি দ্বীপত কথা পতা বালি ভাষাৰ লোকসমূহৰ মৌখিক আৰু লিখিত সাহিত্য। ইয়াক সাধাৰণতে দুটা যুগত ভাগ কৰা হয়: পূৰ্ব বা পৰম্পৰাগত; আৰু আনয়াৰ বা আধুনিক।
-
বিকল্প সাহিত্য
বিকল্প সাহিত্য (Alternative Literature,বা Alt-lit) হৈছে ইণ্টাৰনেট সংস্কৃতি আৰু অনলাইন প্ৰকাশনৰ দ্বাৰা প্ৰবলভাৱে প্ৰভাৱিত এক সাহিত্যিক আন্দোলন। ইয়াত বিভিন্ন ধৰণৰ গদ্য, কবিতা, নতুন মাধ্যম আদি অন্তৰ্ভুক্ত কৰা হৈছে। অল্ট-লিটৰ বৈশিষ্ট্য হৈছে স্ব-প্ৰকাশ আৰু ছ'চিয়েল মিডিয়া নেটৱৰ্কত উপস্থিতি।
-
বিৰুদ্ধ-কবিতা
বিৰুদ্ধ-কবিতা ( Anti-poetry), সাধাৰণতে প্ৰচলিত কবিতাৰ পৰম্পৰাগত নীতি-নিয়মবোৰ ভংগ কৰাৰ পোষকতা কৰা এক সাহিত্যিক আন্দোলন। বিৰুদ্ধ-কবিতাৰ প্ৰাৰম্ভিক সমৰ্থকসকলৰ ভিতৰত আছে চিলিৰ নিকান'ৰ পাৰা আৰু গ্ৰীকৰ ইলিয়াছ পেট্ৰ'পুলাছ।
-
মনোবৈজ্ঞানিক হ'ৰৰ
মনোবৈজ্ঞানিক হ'ৰৰ (Psychological horror) হৈছে হ'ৰৰ (আতংকধৰ্মিতা) আৰু মনস্তাত্তিক কল্পকাহিনীৰ এটা উপশ্ৰেণী। এইধৰণৰ শ্ৰেণীত মানসিক, আৱেগিক, মনোবৈজ্ঞানিক স্থিতিটোক বিশেষভাৱে গুৰুত্ব দিয়া হয় আৰু তাৰ জৰিয়তে দৰ্শক-পাঠকক আতংকিত, বিৰক্ত আৰু অসহজ কৰিবলৈ প্ৰয়াস কৰা হয়।
-
মেটাফিক্চন
মেটাফিক্চন (Metafiction) হৈছে এনে এক প্ৰকাৰৰ কল্পকাহিনী যিয়ে নিজৰ গঠনত এনেদৰে গুৰুত্ব আৰোপ কৰে যে দৰ্শকক তেওঁলোকে কাল্পনিক ৰচনা পঢ়ি আছে বা চাই আছে বুলি সচেতন হ’বলৈ অহৰহ সোঁৱৰাই দিয়ে।