অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আলেকজেণ্ডাৰ পুস্কিন

আলেকজেণ্ডাৰ চাৰ্গেয়েভিচ পুস্কিন (Alexander Pushkin; ৬ জুন [২৬ মে', পুৰণি শৈলী] ১৭৯৯ – ১০ ফেব্ৰুৱাৰী [২৯ জানুৱাৰী, পুৰণি শৈলী] ১৮৩৭) এজন ৰোমাণ্টিক কবি, নাট্যকাৰ আৰু ঔপন্যাসিক। বহুতে তেওঁক ৰাছিয়াৰ সৰ্বশ্ৰেষ্ঠ কবি আৰু আধুনিক ৰাছিয়ান সাহিত্যৰ জনক বুলি গণ্য কৰে।

হালনাগাদ: ৯ ছেপ্তেম্বৰ ২০২৫ ৫৩৪ শব্দ · ৩ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

আলেকজেণ্ডাৰ চাৰ্গেয়েভিচ পুস্কিন (Alexander Pushkin; ৬ জুন [২৬ মে', পুৰণি শৈলী] ১৭৯৯ – ১০ ফেব্ৰুৱাৰী [২৯ জানুৱাৰী, পুৰণি শৈলী] ১৮৩৭) এজন ৰোমাণ্টিক কবি, নাট্যকাৰ আৰু ঔপন্যাসিক।১ বহুতে তেওঁক ৰাছিয়াৰ সৰ্বশ্ৰেষ্ঠ কবি২৩৪৫ আৰু আধুনিক ৰাছিয়ান সাহিত্যৰ জনক৬৭ বুলি গণ্য কৰে।

বংশ পৰিচয়

পুষ্কিনৰ পিতৃ চাৰ্গেই লভ’ভিচ পুষ্কিন (১৭৬৭–১৮৪৮) ৰাছিয়াৰ এক বিশিষ্ট সম্ভ্ৰান্ত পৰিয়ালৰ বংশধৰ আছিল, যাৰ পূৰ্বপুৰুষৰ সূত্ৰ দ্বাদশ শতিকাৰ পৰাই পোৱা যায়।৮ পুষ্কিনৰ মাতৃ নাদেজদা (নাদিয়া) অচিপভনা গানিবাল (১৭৭৫–১৮৩৬) জাৰ্মান আৰু স্ক্যাণ্ডিনেভিয়ান অভিজাত পৰিয়ালৰ বংশধৰ আছিল।৯১০ তেওঁ আছিল অচিপ আব্ৰামোভিচ গানিবাল (১৭৪৪–১৮০৭) আৰু তেওঁৰ পত্নী মাৰিয়া আলেকচিভনা পুষ্কিনা (১৭৪৫–১৮১৮)ৰ কন্যা।

প্ৰাথমিক জীৱন

মস্কোত জন্মগ্ৰহণ কৰা পুস্কি‍নে ধাত্ৰী আৰু ফৰাচী শিক্ষকৰ পৰা শি‍ক্ষা গ্ৰহণ কৰিছিল আৰু দহ বছৰ বয়সলৈকে প্ৰধানকৈ ফৰাচী ভাষা কৈছিল। বনকৰা লোকসকল আৰু তেওঁৰ আয়া আৰিনা ৰডিঅ’ন’ভনাৰ জৰিয়তে তেওঁ ৰাছিয়ান ভাষাৰ সৈতে পৰিচিত হৈছিল, আৰিনা ৰডিঅ’ন’ভনাৰ প্ৰতি তেওঁৰ নিজৰ মাকতকৈ বেছি আকৰ্ষণ আছিল। ১৫ বছৰ বয়সতে তেওঁৰ প্ৰথম কবিতা প্ৰকাশ হয়৷ চেণ্ট পিটাৰ্ছবাৰ্গৰ ওচৰৰ ছাৰ্স্কোয়ে চেলোৰ প্ৰতিষ্ঠিত ইম্পেৰিয়েল লাইচিয়ামৰ প্ৰথম স্নাতক শ্ৰেণীৰ অংশ হিচাপে স্নাতক ডিগ্ৰী লাভ কৰাৰ সময়লৈকে তেওঁৰ প্ৰতিভা ইতিমধ্যে ৰাছিয়াৰ সাহিত্য জগতত পৰিচিত হৈ পৰিছিল। স্কুলৰ পাছত পুষ্কিনে ৰাজধানী চেণ্ট পিটাৰ্ছবাৰ্গৰ সজীৱ আৰু অশান্ত বৌদ্ধিক যুৱক-যুৱতীৰ সংস্কৃতিত নিজকে বিলীন কৰি দিলে। ১৮২০ চনত তেওঁৰ প্ৰথম দীঘলীয়া কবিতা ৰুছলান এণ্ড লিউডমিলা প্ৰকাশ কৰে, যাৰ বিষয়বস্তু আৰু শৈলীক লৈ বহু বিতৰ্ক হৈছিল।

সামাজিক আন্দোলন

লাইচিয়ামত থকাৰ সময়ত পুষ্কিন আলেকজেণ্ডাৰ পেট্ৰভিচ কুনিটচিনৰ কাণ্টিয়ান উদাৰ ব্যক্তিবাদী শিক্ষাৰ দ্বাৰা বহু পৰিমাণে প্ৰভাৱিত হৈছিল, যাক পাছলৈ পুষ্কিনে তেওঁৰ ১৯ অক্টোবৰ কবিতাটোত স্মৰণ কৰিছিল।১১ পুষ্কিনে ফৰাচী আলোকজ্জ্বল চিন্তাধাৰাতো নিজকে ডুবাই ৰাখিছিল, বিশেষকৈ ডিডেৰ' আৰু ভল্টেয়াৰক, তেওঁলোকক তেওঁ "নতুন পথৰ প্ৰথম অনুগামী আৰু ইতিহাসৰ অন্ধকাৰ গভীৰতালৈ দৰ্শনৰ চাকি অনাসকল" বুলি বৰ্ণনা কৰিছিল।১২১৩

মৃত্যু

১৮৩৬ চনৰ শৰৎকাললৈকে পুষ্কিনৰ ঋণ ক্ৰমান্বয়ে বৃদ্ধি পাইছিল, আৰু তেওঁৰ পত্নীয়ে আন কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰা বুলিও কলংকিত উৰাবাতৰিৰ সন্মুখীন হৈছিল। ৪ নৱেম্বৰত তেওঁ ডাণ্টেছ-গেকাৰ্ণ নামেৰেও পৰিচিত জৰ্জ ডাণ্টেছক যুঁজৰ বাবে আহ্বান জনায়। অৱশ্যে ডাণ্টেছৰ দত্তক পিতৃ জেকব ভান হিকেৰেনে ইয়াক দুসপ্তাহৰ বাবে পিছুৱাই দিবলৈ কয়। কবিৰ বন্ধু-বান্ধৱীৰ প্ৰচেষ্টাত এই যুঁজ বাতিল কৰা হ’ল। ১৭ নৱেম্বৰত ডাণ্টেছে নাটালিয়া গনচাৰোভা (পুষ্কিনা)ৰ ভগ্নী একাটেৰিনা গনচাৰোভাক বিয়াৰ প্ৰস্তাৱ দিয়ে। কিন্তু এই বিবাহেও সংঘাত সমাধান কৰিব নোৱাৰিলে। ডাণ্টেছে মুকলিকৈ নাটালিয়া গনচাৰোভাক পাবলৈ চেষ্টা কৰিছিল আৰু কেৱল নিজৰ সন্মান ৰক্ষা কৰিবলৈ ডাণ্টেছে নাটালিয়াৰ ভনীয়েকক বিয়া কৰাইছে বুলি উৰাবাতৰি বিয়পাইছিল। ১৮৩৭ চনৰ ২৬ জানুৱাৰীত (গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰত ৭ ফেব্ৰুৱাৰী) পুষ্কিনে হিকেৰেনলৈ "অতি অপমানজনক চিঠি" লিখিছিল। পুষ্কিনে জানিছিল যে এই চিঠিখনৰ একমাত্ৰ উত্তৰ হ’ব পাৰে যুঁজ। পুষ্কিনে তেওঁৰ ভনীয়েকৰ স্বামী একাটেৰিনা গেকানৰ জৰিয়তে ডুৱেলৰ আনুষ্ঠানিক প্ৰস্তাৱ লাভ কৰে আৰু সেই প্ৰস্তাৱ একেদিনাই ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ভিছকাউণ্টৰ জৰিয়তে ডাণ্টেছে অনুমোদন জনায়।

চেণ্ট পিটাৰ্ছবাৰ্গৰ ব্ৰিটিছ কনছুলেট জেনেৰেলৰ সৈতে জড়িত আৰ্থাৰ মেগেনিছক পুষ্কিনে তেওঁৰ সহায়ক হ’বলৈ কয়। মেগেনিছে তেওঁৰ প্ৰস্তাৱ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা নাছিল যদিও ২৬ জানুৱাৰীত (৭ ফেব্ৰুৱাৰী) ভিছকাউণ্ট ডি আৰ্কিয়াকৰ সৈতে আপোচ কৰাৰ চেষ্টা কৰে। কিন্তু ডি আৰ্কিয়াকে তেওঁৰ সৈতে কথা পাতিবলৈ অস্বীকাৰ কৰে যিহেতু তেওঁ আনুষ্ঠানিকভাৱে পুষ্কিনৰ সহায়ক নাছিল। সেইদিনা সন্ধিয়া পুষ্কিনক বিচাৰি নাপাই মেগেনিছে তেওঁৰ সহায়ক হোৱাৰ প্ৰস্তাৱ নাকচ কৰি দুই বজাত দূতৰ জৰিয়তে চিঠি পঠালে, যিহেতু শান্তিপূৰ্ণ নিষ্পত্তিৰ সম্ভাৱনা ইতিমধ্যে নুই কৰা হৈছে, আৰু পৰম্পৰাগতভাৱে সহায়কৰ প্ৰথম কাম হ’ল চুক্তিত উপনীত হ’বলৈ চেষ্টা কৰা।১৪১৫

২৭ জানুৱাৰি (৮ ফেব্ৰুৱাৰি) ডান্টেছৰ সৈতে পুস্কিনৰ কোনো সহকাৰীৰ উপস্থিতি বিহনেই ব্লেক নদীত যুঁজ আৰম্ভ হয়। ডান্টেছে প্ৰথমে গুলী চলাই পুষ্কিনক গুৰুতৰভাৱে আহত কৰে; গুলী কঁকালত সোমাই পেটত খুন্দা মাৰে। ডান্টেছে মাত্ৰ সোঁহাতত সামান্য আঘাত পাইছিল। দুদিন পাছত ২৯ জানুৱাৰী (১০ ফেব্ৰুৱাৰী)ৰ দুপৰীয়া ২:৪৫ বজাত পেৰিট’নাইটিছ ৰোগত আক্ৰান্ত হৈ পুষ্কিনৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ Basker, Michael. Pushkin and Romanticism. In Ferber, Michael, ed., A Companion to European Romanticism. Oxford: Blackwell, 2005
  2. ↑ Short biography from University of Virginia, retrieved on 24 November 2006
  3. ↑ Allan Reid, "Russia's Greatest Poet/Scoundrel", retrieved on 2 September 2006
  4. ↑ BBC News, 5 June 1999, "Pushkin fever sweeps Russia". Retrieved 1 September 2006
  5. ↑ BBC News, 10 June 2003, "Biographer wins rich book price". Retrieved 1 September 2006
  6. ↑ Biography of Pushkin at the Russian Literary Institute "Pushkin House" . Retrieved 1 September 2006
  7. ↑ Maxim Gorky, "Pushkin, An Appraisal". Retrieved 1 September 2006
  8. ↑ Н.К. Телетова [N.K. Teletova] (2007)
  9. ↑ Лихауг [Lihaug], Э.Г. [E.G.] (November 2006). "Предки А.С. Пушкина в Германии и Скандинавии: происхождение Христины Регины Шёберг (Ганнибал) от Клауса фон Грабо из Грабо [Ancestors of A.S. Pushkin in Germany and Scandinavia: Descent of Christina Regina Siöberg (Hannibal) from Claus von Grabow zu Grabow]". Генеалогический вестник [Genealogical Herald].–Санкт-Петербург [Saint Petersburg]. 27: 31–38
  10. ↑ Lihaug, Elin Galtung (2007). "Aus Brandenburg nach Skandinavien, dem Baltikum und Rußland. Eine Abstammungslinie von Claus von Grabow bis Alexander Sergejewitsch Puschkin 1581–1837". Archiv für Familiengeschichtsforschung. 11: 32–46
  11. ↑ Schapiro, Leonard (1967). Rationalism and Nationalism in Russian Nineteenth Century Political Thought. Yale University Press. pp. 48–50. Schapiro writes that Kunitsyn’s influence on Pushkin’s political views was 'important above all.' Schapiro describes Kunitsyn's philosophy as conveying 'the most enlightened principles of past thought on the relations of the individual and the state,' namely, that the ruler’s power is 'limited by the natural rights of his subjects, and these subjects can never be treated as a means to an end but only as an end in themselves.'
  12. ↑ Kahn, Andrew. (২০০৮). Pushkin's Lyric Intelligence. OUP Oxford
  13. ↑ পুশকিন, আলেক্সান্দ্‌ৰ. (১৯৬৭). The Letters of Alexander Pushkin. University of Wisconsin Press
  14. ↑ Simmons, Ernest J. (1922). Pushkin
  15. ↑ Binyon, T. J. (2013). Pushkin: a biography. Vintage Books. ISBN 978-0-307-42737-3

সম্পৰ্কিত শ্ৰেণী

সাহিত্যব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলেকজেণ্ডাৰ পুস্কিন” প্ৰবন্ধৰ সংশোধন ৫৩৭৯০০ (৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।