সামগ্ৰী
৩৪ প্ৰবন্ধ
-
মহীশূৰ ধূপ
মহীশূৰ ধূপ স্থানীয়ভাৱে উৎপাদিত উপাদান ব্যৱহাৰ কৰি মহীশূৰত প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ ধূপৰ কাঠি, যি কেৱল কৰ্ণাটক ৰাজ্যতহে পোৱা গৈছিল। এই ধূপকাঠিয়ে ২০০৫ চনত ভাৰত চৰকাৰৰপৰা ভৌগোলিক সূচক টেগ লাভ কৰা হৈছে।
-
মহীশূৰ ৰোজউড ইনলে
মহীশূৰ ৰোজউড ইনলে মহীশূৰৰ আশে-পাশে শিল্পীসকলে ভাস্কৰ্য আৰু আলংকাৰিক কামত ব্যৱহাৰ কৰা বিভিন্ন কৌশল সামৰি লৈছে, ইয়াত প্ৰায়ে হাতীদাঁতৰ খোলা, শামূকৰ খোলা, পশুৰ শিং আৰু চন্দন কাঠৰ দৰে ৰঙীন সামগ্ৰী গোলাপ কাঠৰ মিশ্ৰণত পৰিণত কৰি সাধাৰণতে মেট্ৰিক্সৰ সৈতে সমতল অলংকাৰ বা ছবি গঠন কৰে।
-
মহীশূৰৰ চন্দন চাবোন
মহীশূৰৰ চন্দন চাবোন ভাৰতৰ কৰ্ণাটক চৰকাৰৰ মালিকানাধীন কোম্পানী কৰ্ণাটক চাবোন আৰু ডিটাৰজেণ্ট লিমিটেড (কে এছ ডি এল)ৰদ্বাৰা প্ৰস্তুত কৰা এটা ব্ৰেণ্ডৰ চাবোন। ১৯১৬ চনত মহীশূৰৰ ৰজা কৃষ্ণ ৰাজা ৱাডিয়াৰ চতুৰ্থই বাংগালুৰুত চৰকাৰী চাবোন কাৰখানা স্থাপন কৰাৰপৰাই এই চাবোন নিৰ্মাণ কৰা হয়।
-
ৱিণ্ড চাইম
ৱিণ্ড চাইমচ হৈছে ওলমি থকা নলীযুক্ত ৰড, ঘণ্টা বা অন্যান্য বস্তুৰ পৰা নিৰ্মিত এক প্ৰকাৰৰ পাৰ্কাচন বাদ্যযন্ত্ৰ। এইবোৰ প্ৰায়ে কেৱল ধাতু বা ধাতু আৰু কাঠ দুয়োবিধ সামগ্ৰীৰ পৰা তৈয়াৰ কৰা হয়।