থাম্বেলিনা (Tommelise, Thumbelina) হৈছে হান্স ক্ৰিষ্টিয়ান এণ্ডাৰছন ৰচিত এটি সাধু কথা। ১৮৩৫ চনৰ ১৬ ডিচেম্বৰত কোপেনহেগেনৰ, ডেনমাৰ্কত "ফেইৰী টেলছ টোল্ড ফৰ চিলড্ৰেনছ" ত ইয়াৰ প্ৰথম প্ৰকাশ হয়। প্ৰকাশক আছিল চি .এ.ৰেইটজেল (C.A.Reitzel)। থাম্বেলিনা হ'ল এটি কণমানি ছোৱলীৰ সাধু য'ত তাই নিজৰ শাৰীৰিক অৱয়ব, বিয়া কৰাবলৈ বিয়াকুল ভেকুলী,এন্দুৰ,ফৰিং আদিৰ বিৰূদ্ধে অভিযান চলাই আৰু সৰ্বশেষত তাইৰ সমানেই সৰু এজন ফুলকোঁৱৰৰ প্ৰেমত পৰে। ১৮৪৬ চনতেই থাম্বেলিনা ইংৰাজীলৈ অনূদিত হয় আৰু চলচ্চিত্ৰ, সংগীত আদি বিভিন্ন মাধ্যমত ইয়াৰ অভিযোজন দেখা যায়।
কাহিনীৰ সাৰাংশ
১৮৪৭ চনৰ মেৰী হোৱিটৰ ইংৰাজী অনুবাদত এজনী ভিক্ষাৰিণীয়ে খাদ্যৰ বিনিময়ত এজনী খেতিয়কৰ গৃহিণীক এটা বাৰ্লিৰ গুটি দিয়ে। এই গুটিটোৰ পৰা হোৱা গছডালৰ ফুল এটিৰ পৰা বুঢ়া আঙুলিটোৰ মান ডাঙৰ ছোৱালী এজনী (থাম্বেলিনা, tommelise) ওলাই আহে। এদিন ৰাতি থাম্বেলিনা আখৰোটৰ খোলাত শুই থাঁকোতে এটা ভেকুলীয়ে তাইক লৈ যায় যিয়ে নিজৰ ল'ৰাটিৰ কাৰণে এজনী কণমানি কইনা বিচাৰি আছিল। এটা মাছ আৰু এজনী পখিলাৰ সহায়ত তাই ভেকুলীৰ কৱলৰ পৰা পলাই সাৰে আৰু লিলি ফুলৰ পাহিৰে নাঁও চলাই যাঁওতে এটা ফৰিঙৰ হাতত পৰে। পিছে ফৰিঙৰ লগৰবোৰে তাইক পচন্দ নকৰাত সি থাম্বেলিনাক এৰি দিয়ে। তাই এনেদৰে খুন্দা খুন্দলি খাই থাঁকোতে শীতকাল আহি পায়হি আৰু তাই কোনোমতে নিগনি এটাৰ ঘৰত আশ্ৰয় বিচাৰি লয়। নিগনিয়ে তাইক চুবুৰীয়া এন্দুৰ এটাৰ লগত বিয়া হবলৈ হেঁচা দিয়ে। পিছে তাই মৌপিয়া চৰাই এজনীৰ সহায়ত দূৰ দেশলৈ পলাই যায় যাক তাই শীতকালত শুশ্ৰূষা কৰি সূস্থ কৰি তুলিছিল। সূৰ্য্যৰশ্মিৰে সোণালীহৈ থকা পথাৰ এখনত তাই একে সমান কঁঠালগুটীয়া ফুল কোঁৱৰ এজনক লগ পায় আৰু দুয়ো বিবাহ পাশত আৱদ্ধ হয়। এটা ফুলৰ পৰা আন এটা ফুললৈ উৰি ফুৰিবলৈ থাম্বেলিনাই দুখন পাখিও লাভ কৰে আৰু নতুন নাম লয় মায়া১।
পটভূমি
২ এপ্ৰিল, ১৮০৫ চনত ওডেন্স,ডেনমাৰ্কত এজন মুচীৰ ঘৰত হান্স ক্ৰিষ্টিয়ান এণ্ডাৰছনৰ জন্ম হয়। তেওঁৰ দেউতাক আছিল হান্স এণ্ডাৰছন আৰু মাক এন্ মেৰী এণ্ডাৰ্ছডেট্টাৰ২। দেউতাকৰ দৰে তেওঁৰো সাহিত্যত ৰাপ আছিল। দেউতাকে তেওঁক দ্য আৰবিয়ান নাইটছ, Jean de la Fontaine আদিৰ সাধুবোৰ পঢ়ি শুনাইছিল।

১৮১৬ চনত তেওঁৰ দেউতাকৰ মৃত্যু হয়৩ আৰু পেট পুহিবৰ বাবে তেওঁ ঘৰে ঘৰে গৈ গান গোৱা আৰম্ভ কৰিলে। ১৮১৯ চনৰ ৪ ছেপ্তেম্বৰত চৈধ্য বছৰীয়া এণ্ডাৰছনে নিজৰ সাঁচতীয়া ধনখিনি লৈ অভিনেতা বা কবি হোৱাৰ সপোন বুকুত বান্ধি কোপেনহেগেনত উপস্থিত হ'ল৪। তিনি বছৰীয়া ব্যৰ্থতাৰ অন্তত এণ্ডাৰছনে জ'নাছ কলিন নামৰ এজন পৃষ্ঠপোষক লাভ কৰে যিয়ে তেওঁক ৱেষ্ট জিলেণ্ডৰ স্লেগেলচ ৰ এখন গ্ৰামাৰ স্কুললৈ পঠিয়াই এই আশাত যে তেওঁ কোপেনহেগেন য়ুনিভাৰ্চিটিত শিক্ষাৰম্ভ কৰিব। তাত গৈ তেওঁ ভাৰ্জিলৰ এনিদ মহাকাব্যৰ অনুবাদক ছাইমন মেইজলিঙৰ অভিভাৱকত্বত থাকিবলৈলয়। থাম্বেলিনাৰ শিক্ষিত এন্দুৰটো প্ৰকৃততে মেইজলিঙৰ চৰিত্ৰ বুলি বিশ্বাস কৰা হয়৫।
উৎস আৰু অনুপ্ৰেৰণা
থাম্বেলিনা নিশ্চিতভাৱে এণ্ডাৰছনৰ উদ্ভাৱন যদিও ইয়াত টম থাম্ব নামৰ সাধুটোৰ প্ৰভাৱ দেখা যায় কাৰণ দুয়োটা সাধুৰে আৰম্ভণিত সন্তানহীনা মাতৃয়ে ঐশ্বৰিক শক্তিৰ ওচৰত সন্তানৰ বাবে প্ৰাৰ্থনা জনায়। তদুপৰি জনাথন ছুইফ্টৰ গালিভাৰ ট্ৰেভেল্ছৰ লিলিপুট সকল, ভল্টেয়াৰৰ গল্প Micromégas, ই.টি.এ. হফমেনৰ গল্প Meisteir Floh আদিত উল্লিখিত সৰুফুটীয়া বিভিন্ন চৰিত্ৰই এণ্ডাৰচনৰ কল্পনাত ঠাই পাইছিল। ৫
প্ৰকাশ আৰু সমালোচনা
এণ্ডাৰছনে তেওঁৰ ফেইৰী টেলছ টোল্ড ফৰ চিলড্ৰেনছ পুথিখন দুটা খণ্ডত প্ৰকাশ কৰিছিল। এটা ১৮৩৫ চনৰ মে' মাহত আৰু আনটো ডিচেম্বৰ মাহত। থাম্বেলিনা সাধুটো দ্বিতীয় খণ্ডটোৰ অংশ হিছাপে কোপেনহেগেনত ১৬ ডিচেম্বৰত চি এ ৰেইটজেল দ্বাৰা প্ৰকাশিত হৈছিল। ইয়াত দ্য নটী বয় আৰু দ্য ট্ৰেভেলিং কম্পেনিয়ন বোলা আন দুটি সাধুও আছিল। ১৮৫০ আৰু ১৮৬২ ত এণ্ডাৰছনৰ সৃষ্টিকৰ্মৰ সংগৃহীত সংস্কৰণ হিচাপে ইয়াৰ পুনঃপ্ৰকাশ হৈছিল। প্ৰথমাৱস্থাত সাধুবোৰে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰা নাছিল। নীতিশিক্ষা নথকা এনে সাধুবোৰ শিশুৰ কাৰণে অনুপযুক্ত বুলি বিবেচিত হৈছিল। হ'লেও এজন সমালোচকে থাম্বেলিনাক “the most delightful fairy tale you could wish for.”বুলি প্ৰশংসা কৰিছিল৬। ইয়াৰ বাহিৰে তেওঁ কোনো উদগণিমূলক সমালোচনা লাভ কৰা নাছিল। এখন সংবাদপত্ৰই আনকি তেওঁক তেনেকুৱা সাধু লিখি সময় নষ্ট নকৰিবলৈ কৈছিল। এণ্ডাৰছনেও সাত পাঁচ গুনি উপন্যাস লিখিবলৈ আৰম্ভ কৰিছিল৭। আগৰবাৰ লাভ কৰা কটু সমালোচনাৰ ভয়তে তেওঁ দ্য লিটল মাৰমেইড আৰু দ্য এম্পেৰৰ্চ নিউ ক্ল'থছ নামৰ সাধু দুটাসন্নিবিষ্ট "ফেইৰী টেলছ টোল্ড ফৰ চিলড্ৰেনছ"ৰ তৃতীয় তথা অন্তিম খণ্ডটি প্ৰকাশ কৰোঁতে সম্পূৰ্ণ এবছৰ সময় লৈছিল।
ইংৰাজী অনুবাদ

মেৰী হৱিটেই প্ৰথমবাৰৰ বাবে থাম্বেলিনা সাধুটো ইংৰাজীলৈ অনুবাদ কৰি ১৮৪৬ চনত tommelise নাম দি ৱাণ্ডাৰফুল ষ্টোৰিজ ফৰ চিলড্ৰেনত প্ৰকাশ কৰে। কিন্তু এণ্ডাৰছনৰ মূল সাধুৰ আৰম্ভণিতে থকা ডাইনীৰ চৰিত্ৰটি গুচাই তেওঁ এজনী ভিক্ষাৰিণীয়ে সন্তানৰ আশাত ৰৈ থকা মহিলাগৰাকীক বাৰ্লিৰ গুটি দিয়া বুলি লিখে৮। এই সাধুটো চাৰ্লছ বোনাৰে ১৮৪৬ চনত "লিটল এলি" নামেৰে আৰু Madame de chatelain এ ১৮৫২ চনত "লিটল টটী" নামেৰ অনুবাদ কৰে। সম্ভৱতঃ এইচ ডব্লিউ ডালকেন নামৰ অনুবাদক জনেই থাম্বেলিনা নামটোৰ জনক আছিল। তেওঁৰ দ্বাৰা প্ৰকাশিত এণ্ডাৰছনৰ সাধুবোৰ ১৮৬৪ ৰ পৰা ১৮৬৬ লৈ বহুলভাৱে প্ৰচাৰিত হৈছিল৮। ১৯ শতিকাৰ শেষৰ ফালে মিচেছ এইচ.বি. পাউলিয়ে ইয়াক "লিটল টাইনি" নামেৰে অনুবাদ কৰে৯। ইয়াক ১৯৭৪ চনত এৰিক ক্ৰিষ্টিয়ান হগাৰ্ডে "ইঞ্চেলিনা"১০আৰু ২০০৫ চনত জেফ্ৰী আৰু ডায়েন ক্ৰোন ফ্ৰেনে "থাম্বেলিচা" নামেৰে অনুবাদ কৰে১১।
অন্যান্য ভাষালৈ অনুবাদ
- অসমীয়া - খুদ১২
- আলবেনিয়ান - Gishtëza
- বেলাৰুছিয়ান - Цалёўка - Tsaliowka
- বুলগেৰিয়ান - Палечка - Palechka
- চীনা - 拇指姑娘 - (Muzhǐ Gūniang, literally Thumb Girl)
- ছেজ - Malenka
- ডেনিছ - Tommelise
- ওলন্দাজ - Duimelijntje
- ইংৰাজী - Thumbelina
- ইষ্টোনিয়ান - Pöial-Liisi
- ইউৰোপীয়ান পৰ্তুগীজ - Polegarzinha
- ফিনিছ্ - Peukalo-Liisa
- ফৰাচী - Poucette
- জাৰ্মান - Däumelinchen
- গ্ৰীক - Τοσοδούλα - Tosodoúla
- হিব্ৰু- אצבעונית (Etsbeonit,literally Foxglove)
- হাংগেৰিয়ান - Hüvelyk Panna
- ইটালিয়ান - Mignolina
- জাপানীজ - 親指姫 - (Oyayubi-hime, literally Princess Thumb)
- কোৰীয় - 엄지 공주 - (Eomji gongju, literally Thumb Princess)
- লিঠুৱানিয়ান - Coliukė (from Colis - Inch)
- নৰৱেইআন - Tommelise
- পলিছ্ - Calineczka
- পৰ্তুগীজ - Polegarzinha
- ৰাছিয়ান - Дюймовочка - Dyuĭmovochka (from Дюйм - Inch)
- শ্ল'ভাক - Palculienka
- ছুইডিছ্ - Tummelisa -
- স্পেনিছ - Pulgarcita
- তুৰ্কী - Parmak Kız
- য়ুক্ৰেনিয়ান - Дюймовочка - Dyuymovochka
এনিমেচন
পোন প্ৰথমতে নিৰ্দেশক হাৰ্বাট এম. ডাউলীয়ে ১৯২৪ চনত এই সাধুটিৰ পৰা এখন ক'লা-বগা, নিৰ্বাক এনিমেটেড চলচ্চিত্ৰ নিৰ্মাণ কৰে১৩। ইয়াৰ উপৰিও থাম্বেলিনাৰ ওপৰত নিৰ্মিত আন আন চলচ্চিত্ৰ সমূহ হল H.C.Andersens eventyrlige verden:Tommelise (২০০৫)১৪,ৱাৰ্ণাৰ ব্ৰাদাৰ্ছৰ থাম্বেলিনা (১৯৯৪)১৫, গোল্ডেন ফিল্মছৰ থাম্বেলিনা ১৯৯২১৬, দ্য এডভেনছাৰ অৱ টম থাম্ব এণ্ড থাম্বেলিনা, বাৰ্বি থাম্বেলিনা (২০০৯), Oyayubihime (জাপানীজ, ১৯৮৩)১৭,Dyuymovochka (ৰাছিয়ান, ১৯৬৪)১৮ আদি।
লাইভ একচন
১৯৮৫ চনৰ ১১ জুনত anthology series Faerie Tale Theatre ৰ দ্বাদশ খণ্ড হিচাপে সাধুটোৰ এক নাট্যৰূপ দূৰদ্ৰ্শন যোগে সম্প্ৰচাৰ কৰা হয় যত কেৰী ফিছাৰে অভিনয় কৰিছিল১৯। ১৯৭১ চনত বেৰী মেহনে ইয়াৰ এক psychedelic চলচ্চিত্ৰ নিৰ্মাণ কৰে য’ত শ্বে গাৰ্ণাৰে অভিনয় কৰিছিল২০।
গ্ৰন্থ সংযোগ
- Andersen, Hans Christian. (1983). The Complete Fairy Tales and Stories. Anchor Books. ISBN 0-385-18951-6
- Andersen, Hans Christian. (2000). The Fairy Tale of My Life. Cooper Square Press. ISBN 0-8154-1105-7
- Classe, O. (ed.). (2000). Encyclopedia of Literary Translation into English; v.2. Fitzroy Dearborn Publishers. ISBN 1-884964-36-2
- Eastman, Mary Huse (ed.). Index to Fairy Tales, Myths and Legends. BiblioLife, LLC
- Frank, Diane Crone. (2005). The Stories of Hans Christian Andersen. Duke University Press. ISBN 0-8223-3693-6
- Loesser, Susan. (2000). A Most Remarkable Fella: Frank Loesser and the Guys and Dolls in his Life: A Portrait by his Daughter. Hal Leonard Corporation. ISBN 0-634-00927-3
- Opie, Iona. (1974). The Classic Fairy Tales. Oxford University Press. ISBN 0-19-211559-6
- Sale, Roger. (1978). Fairy Tales and After: From Snow White to E.B. White. Harvard University Press. ISBN 0-674-29157-3
- Siegel, Elaine V. (ed.). (1992). Psychoanalytic Perspectives on Women. Brunner/Mazel, Inc. ISBN 0-87630-655-5
- Wullschlager, Jackie. (2002). Hans Christian Andersen: The Life of a Storyteller. The University of Chicago Press. ISBN 0-226-91747-9
বাহ্যিক সংযোগ
- "Thumbelina" SHORT STORY
- "Thumbelina" English translation by Jean Hersholt
তথ্যসূত্ৰ
- ↑ Opie 1992, পৃ. 221–9
- ↑ Wullschlager 2002, পৃ. 9
- ↑ Wullschlager 2002, পৃ. 25–26
- ↑ Wullschlager 2002, পৃ. 32–33
- ↑ Frank 2005, পৃ. 76
- ↑ Wullschlager 2002, পৃ. 165
- ↑ Andersen 2000, পৃ. 335
- ↑ Opie 1974, পৃ. 219
- ↑ Eastman, পৃ. 258
- ↑ Haugaard 1983, পৃ. 29
- ↑ Frank 2005, পৃ. 64
- ↑ পৃষ্ঠা ৭১, এণ্ডাৰছনৰ সাধু - অতুল চন্দ্ৰ হাজৰিকা, ডিচেম্বৰ ২০০৩ চতুৰ্থ সংস্কৰণ, অসম প্ৰকাশন পৰিষদ
- ↑ “Thumbelina (1924)” at IMDb
- ↑ “Tommelise (2005)” at IMDb
- ↑ “Thumbelina (1994)” at IMDb
- ↑ “Thumbelina (1993)” at IMDb
- ↑ “Oyayubihime (1983)” at IMDb
- ↑ “Dyuymovochka (1964)” at IMDb
- ↑ Kulik 2008
- ↑ “Thumbelina (1970)” at IMDb
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থাম্বেলিনা” প্ৰবন্ধৰ সংশোধন ৬৩০৯৩২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।