সাধু
৪০ প্ৰবন্ধ
-
বাৱাং মেৰাহ আৰু বাৱাং পুটিহ
বাৱাং মেৰাহ ডান বাৱাং পুটিহ ইণ্ডোনেছিয়াৰ ৰিয়াউ অঞ্চলৰ এটা জনপ্ৰিয় পৰম্পৰাগত ইণ্ডোনেছিয়ান লোককথা, য'ত বিপৰীত চৰিত্ৰৰ দুজন ভাই-ভনী (এজন ভাল আৰু এজন বেয়া), আৰু এগৰাকী বিবেচনাহীন সতীয়া মাতৃ জড়িত। এই লোককথাৰ বিষয়বস্তু আৰু নৈতিকতা ইউৰোপীয় লোককথা চিণ্ডেৰেলাৰ দৰেই।
-
ভালুক আৰু মালী
ভালুক আৰু মালী (The Bear and the Gardener) হৈছে প্ৰাচীন ভাৰতীয় গ্ৰন্থ পঞ্চতন্ত্ৰৰ পৰা উৎপত্তি হোৱা এক উপকথা যিয়ে মূৰ্খ বন্ধুত্ব গঢ়ি তোলাৰ পৰা সতৰ্ক কৰি দিয়ে।
-
মেথিউ ৰিকা
মেথিউ ৰিকা (माथ्यु रिका ) নেপালৰ শ্বেচেন টেনি ডাৰগিয়েলিং মঠত বাস কৰা এজন ফৰাচী লেখক, ফটোগ্ৰাফাৰ, অনুবাদক আৰু বৌদ্ধ সন্ন্যাসী। মেথিউ ৰিকা ফৰাচী বৌদ্ধিক মহলৰ ব্যক্তিত্ব আৰু ধাৰণাৰ মাজত ডাঙৰ-দীঘল হৈছিল। ১৯৭২ চনত পেষ্টুৰ ইনষ্টিটিউটৰ পৰা আণৱিক জিনীয় বিষয়ত তেওঁ পি এইচ ডি ডিগ্ৰী লাভ কৰে।
-
সন্ধিয়াৰ সাধু
সন্ধিয়াৰ সাধু (ইংৰাজী: Sandhiyar Sadhu) ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানীৰ দ্বাৰা লিখিত এখনি সাধুকথাৰ পুথি৷ পুথিখন পোনপ্ৰথমবাৰৰ বাবে ১৯৩৭ চনত প্ৰকাশিত হৈছিল৷ পুথিখনত মুঠতে ২২টা সাধু আছে৷
-
সাত ভাই চম্পা
সাত ভাই চম্পা বাংলা ভাষাৰ এটা জনপ্ৰিয় সাধুকথা। ১৯০৭ চনত দক্ষিণৰঞ্জন মিত্ৰ মজুমদাৰৰ ঠাকুৰমাৰ ঝুলী নামৰ সাধুকথা পুথিখনত এই গল্পটো আনুষ্ঠানিকভাৱে প্ৰথম প্ৰকাশ পায়। সাহিত্যৰ নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰে এই গ্ৰন্থখনৰ প্ৰস্তাৱনা লিখিছিল।
-
সাতজন জ্ঞানী গুৰু
সাতজন জ্ঞানী গুৰু (Seven Wise Masters) (সাত ঋষি বা সাত জ্ঞানী বুলিও কোৱা হয়) হৈছে সংস্কৃত, পাৰ্চী বা হিব্ৰু মূলৰ কাহিনীৰ এক চক্ৰ।
-
স্ন' হোৱাইট
স্ন' হোৱাইট (Snow White) হৈছে ইউৰোপত বহুলভাৱে প্ৰচাৰিত এক জাৰ্মান সাধু। গ্ৰীম ভাতৃদ্বয়ৰ ১৮১২ চনৰ সংগ্ৰহত থকা সাধুৰ সংস্কৰণটি স্ন' হোৱাইট আৰু সাত বাওনা, (জাৰ্মান: Schneewittchen und die sieben Zwerge, ইংৰাজী: Snow White and the Seven Dwarfs) সবাতোকৈ জনপ্ৰিয়।
-
ৰাজকুমাৰী হিমাল আৰু নাগ ৰাজকুমাৰ
ৰাজকুমাৰী হিমাল আৰু নাগ ৰাজকুমাৰ হৈছে এগৰাকী মানৱ ৰাজকুমাৰী আৰু নাগ (সাপৰ ৰাজকুমাৰ) ৰাজকুমাৰৰ মাজৰ প্ৰেমৰ বিষয়ে এক অতি জনপ্ৰিয় কাশ্মীৰৰ লোককাহিনী। কাহিনীটো অঞ্চলটোত সুপৰিচিত আৰু ইয়াত বহুতো উপস্থাপন আছে।
-
ৰাণ্টাছ
ৰান্টাছ ([rāːτas] হৈছে কাশ্মীৰী লোককথাৰ এক কাল্পনিক চৰিত্ৰ-দীঘল চুলি,জোঙা দাঁত, দীঘল নখ আৰু উলোটা ভৰিৰ এটা মাইকী ভূত যি বৰফৰ ৰাতি ৰাস্তাত ঘুৰি ফুৰে। শীতকালত ঘৰত শিশুসকলক বাহিৰলৈ নাযাবলৈ ভয় খোৱাবলৈ ৰাণ্টাছৰ ভয় খোৱাই।
-
ৱান্স এ মাউছ
ৱান্স এ মাউছ হ'ল ১৯৬১ চনত প্ৰকাশিত মাৰ্চিয়া ব্ৰাউনৰ এখন শিশু ছবিৰ কিতাপ। স্ক্ৰিবনাৰ প্ৰেছে মুকলি কৰা এইখন ১৯৬২ চনত চিত্ৰকল্পৰ বাবে কেলডেকট পদক লাভ কৰে, দ্বিতীয়বাৰৰ বাবে ব্ৰাউনে সেই সন্মান লাভ কৰে।