অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ৰেপান্‌জল

ৰেপান্‌জল হৈছে এটা অতি জনপ্ৰিয় জাৰ্মান সাধুকথা যাৰ প্ৰথম প্ৰকাশ হৈছিল ১৮১২ চনত গ্ৰীম ভাতৃদ্বয় ৰচিত "চিলড্ৰেনচ এণ্ড হাউচহোল্ড টেলছ" নামৰ পুথিখনত। প্ৰকৃততে ই Charlotte-Rosede Caumont de La Force এ লিখা ১৬৯৮ চনত প্ৰকাশিত হোৱা পাৰজিনেট নামৰ সাধুটোৰ এক অভিযোজন হে।

হালনাগাদ: ৬ মে’ ২০২৬ ৬৭১ শব্দ · ৪ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰেপান্‌জল হৈছে এটা অতি জনপ্ৰিয় জাৰ্মান সাধুকথা যাৰ প্ৰথম প্ৰকাশ হৈছিল ১৮১২ চনত গ্ৰীম ভাতৃদ্বয় ৰচিত "চিলড্ৰেনচ এণ্ড হাউচহোল্ড টেলছ"১ নামৰ পুথিখনত।

প্ৰকৃততে ই Charlotte-Rosede Caumont de La Force এ লিখা ১৬৯৮ চনত প্ৰকাশিত হোৱা পাৰজিনেট নামৰ সাধুটোৰ এক অভিযোজন হে। ২ইয়াৰ কাহিনীভাগ এতিয়ালৈকে বিভিন্ন মাধ্যমত ব্যৱহাৰ কৰা হৈছে।এন্দ্ৰিউ লেঙে ইয়াক 'দ্য ৰেড ফেইৰী বুক' ত অন্তৰ্ভুক্ত কৰে৩।"ৰুথ মেনিংচেণ্ডাৰ্চৰ "এ বুক অৱ ৱিচ্ছেজ" ), ডিজনীৰ চলচিত্ৰ টেংগল্ড আদিতো ৰেপান্‌জলক পোৱা যায়।

দশম শতিকাৰ পাৰ্চিয়ান কথা Rudāba ৰ লগত ইয়াৰ বহুখিনি সাদৃশ্য আছে৪।ইয়াৰ কিছু অংশ চেইন্ট বাৰবাৰা (Saint Barbara)ৰ সাধুৰ লগতো মিলে ৫

কাহিনীভাগ

সন্তানৰ তীব্ৰ আশা মনত লৈ এসময়ত এহাল মানুহ বৃহৎ প্ৰাচীৰেৰে ঘেৰা বাগান এখনৰ কাষত বাস কৰিছিল। এই বাগানখন প্ৰকৃততে আছিল ডেম গ'ঠেল নামৰ এজনী ডাইনীৰ। বহুদিনৰ পিছত যেতিয়া মহিলা গৰাকী গৰ্ভৱতী হ'ল তেঁওৰ বাগানত থকা ৰেপান্‌জল গছৰ ফল খাবলৈ মন গ'ল। সেইমতে মানুহজনে ৰাতি ৰাতি বাগিচাত সোমাই ফল চুৰি কৰিবলৈ আৰম্ভ কৰিলে।পিছে তৃতীয় দিনা ডাইনীয়ে তেওঁক হাতেলোটে ধৰা পেলায় ফলত সন্তান জন্ম হোৱাৰ লগে লগে ডাইনীৰ হাতত তুলি দিব বুলি চৰ্তাবদ্ধ হৈহে তেওঁ ঘূৰি আহিবলৈ সক্ষম হয়।যেতিয়া তেওঁলোকৰ ছোৱালী এজনী জন্ম ডাইনী আহি তাইক লৈ যায় আৰু নাম থয় ৰেপান্‌জল।দীঘল সোণালী চুলিৰে ৰেপান্‌জল ধুনীয়া হৈ আহিবলৈ ধৰিলে। বাৰ বছৰ হোৱাৰ লগে লগে দুষ্ট ডাইনীয়ে তাইক নি অৰণ্যৰ মাজৰ এটা ওখ মীনাৰত বন্দী কৰি থলে য'ত মাত্ৰ এটাই কোঠালী,এখনেই খিৰিকি আৰু এখনেই দুৱাৰ আছিল। যেতিয়াই ডাইনীজনী তালৈ আহিছিল, ৰুপাঞ্জেলে দীঘল চুলিকোচা তললৈ পেলাই দিছিল আৰু তাত ধৰি তাই ওপৰলৈ বগাই গৈছিল।

এবাৰ এজন ৰাজকুমাৰ সেইফালেৰে যাঁওতে ৰেপান্‌জলৰ গান শুনি আকৃষ্ট হয় আৰু মীনাৰটো বগাবলৈ বহুদিন চেষ্টা কৰিও বিফল হয়। তেনেতে এদিন ডেম গ'ঠেলক মীনাৰ বগোৱা দেখা পায় আৰু তলৰ পৰা ৰেপান্‌জলক মাত লগাই তেঁৱো চুলিত ধৰি ওপৰলৈ বগাই উঠে।ৰাজকুমাৰে ৰাপুঞ্জলেক বিবাহৰ প্ৰস্তাৱ দিয়ে আৰু ৰাপুঞ্জেলেও সন্মতি জনায়।দুয়ো পলাই যাবলৈ পৰিকল্পনা কৰে। পিছে ৰাপুঞ্জেলে ভুলতে ডাইনীৰ সন্মুখতে কুমাৰৰ নাম লয় আৰু গ'ঠেলে সকলো গম পায়। ডাইনী বুঢ়ীয়ে খঙতে ৰেপান্‌জলৰ চুলিকোচা কাটি তাইক অৰণ্যত এৰি দিয়ে আৰু ৰাতি ৰাজকুমাৰে ৰেপান্‌জল বুলি ভাবি ওপৰলৈ আহি ডাইনীক দেখি আচৰিত হয়। যেতিয়া গ'ঠেলে কুমাৰে আৰু কেতিয়াও ৰেপান্‌জলক দেখা নাপায় বুলি কয়, তেওঁ দুখতে তললৈ জাঁপ মাৰি দিয়ে আৰু চকুত কাঁইট বিন্ধাৰ ফলক অন্ধ হৈ পৰে। বহুদিন দিকভ্ৰষ্ট হৈ ঘূৰি ফুৰাৰ পিছতএদিন তেওঁ ৰেপান্‌জলৰ গান শুনে,দুয়োৰে মিলন হয় আৰু ৰেপান্‌জলৰ চকুপানী কুমাৰৰ চকুত পৰাত তেওঁ দৃষ্টিশক্তি ঘূৰাই পায়।

Rapunzel – Rapunzel statue at the Old Market of Dresden in Saxony, Germany.
Rapunzel – Rapunzel statue at the Old Market of Dresden in Saxony, Germany.ছবি: Kay Körner, Dresden (Saxony) · CC BY-SA 2.5

অন্য কিছুমান সংস্কৰণৰ মতে দুয়োৰে এহাঁল যমজ সন্তান জন্ম হয় আৰু ৰাজকুমাৰৰ ৰাজ্যত সুখে সন্তোষে বাস কৰে। অন্য কিছুমানত পোৱা যায় যে কুমাৰে জঁপিওৱাৰ পিছত ৰেপান্‌জলৰ চুলিকোচা পিছলি মাটিত পৰে আৰু ডাইনী বুঢ়ী আজীৱন তাত বন্দী হৈ থাকে।

বিভিন্নতা

কেমেৰ'ণ ড'কী ৰ উপন্যাস গোল্ডেন ত মেলিচেণ্ড নামৰ ডাইনী আৰু ৰেপান্‌জলৰ মাকৰ মাজত এক সন্ধি হয় য'ত সিদ্ধান্ত হয় যে যদি মাকে ৰেপান্‌জলক ভাল পাব নোৱাৰে তেন্তে ডাইনীয়ে তাইক লৈ যাব। ৰেপান্‌জল জন্মতে তপা হৈ ওপজে আৰু মাকে তাইক মেলিচেণ্ডক গটাই দিয়ে। ইয়াৰ উপৰিও পেট্ৰ'জিনেলা,দ্য কেনাৰী প্ৰিন্স,পুড্ডকী,প্ৰুনেলা, স্ন-হোৱাইট-ফায়াৰ-ৰেড­ আদি বহুতো সাধু আছে যাৰ লগত এই সাধুটিৰ কিছু মিল কিছু অমিল পোৱা যায়। বাৰ্বি আৰু ডিজনী সংস্কৰণত ৰেপান্‌জলক চিত্ৰকৰ ৰূপতো দেখুওৱা হৈছে। সকলো সংস্কৰণতে ৰেপান্‌জলক সোণালী চুলিয়া হিচাপেই দেখুওৱা হৈছে।

চলচিত্ৰ অভিযোজন

বাৰ্বি এজ ৰেপান্‌জল শীৰ্ষকেৰে ২০০২ ত বাৰ্বিক ৰেপান্‌জল হিচাপে লৈ এখন চলচিত্ৰ নিৰ্মিত হয়।ইয়াত ৰেপান্‌জল বহিৰ্বিশ্বখন প্ৰথমতে ফুৰি-চাকি লয় আৰু তাৰ পিছতহে বন্দী হয়।ডেম গ'ঠেলেও পুৰণি প্ৰেমিক এজনৰ ওপৰত প্ৰতিশোধ ল'বলৈহে ৰেপান্‌জলক বন্দী কৰে,ফল চুৰিৰ বাবে নহয়। ২0১0 চনত ডিজনীয়ে টেংগল্ড নামৰ চলচিত্ৰ নিৰ্মাণ কৰে যাৰ নাম প্ৰথমতে ৰেপান্‌জল ৰখা হৈছিল।৬গায়িকা মেণ্ডী মুৰএ ইয়াত ৰেপান্‌জল হিচাপে কন্ঠ প্ৰক্ষেপ কৰে। ইয়াত ৰেপান্‌জলৰ ৭0 ফুট দীঘল চুলিকোচাৰ ক্ষতস্থান নিৰাময় কৰা আৰু যৌবন ঘূৰাই আনিব পৰা ক্ষমতা আছিল যাৰ কাৰণে গ'ঠেলে তাইক বন্দী কৰি থৈছিল। ইয়াৰ আগতেও অ'লিভিয়া নিউটন জনে এখন এনিমেচন বনাইছিল যত ৰাজকুমাৰ অন্ধ হোৱাৰ পৰিবৰ্তে গ'ঠেলে তেওঁক এটা চৰাইলৈ ৰূপান্তৰ কৰে। ইয়াৰ উপৰিও ১৯৮৩ ত ছেলি দুভালিৰ টেলিভিছন ফিল্ম Faerie Tale Theatre, ১৯৮৮ ৰ জাৰ্মান চলচিত্ৰ Rapunzel Oder der Zauber der Tränen আদিও এই সাধুটিৰ ওপৰতেই নিৰ্মিত। শ্ৰেক,তৃতীয় ত ৰেপান্‌জলক দুষ্ট প্ৰিন্স চাৰ্মিঙৰ প্ৰকৃত প্ৰেম হিচাপে দেখুওৱা হয় যিয়ে প্ৰিন্সেচ ফিয়োনা ক চাৰ্মিঙৰ কবলৰ পৰা পলাই যোৱাত বাধা দিয়ে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Jacob and Wilhelm Grimm,Household Tales (Englishtranslation by Margaretmm Hunt), 1884, "Rapunzel"
  2. ↑ Jack Zipes, Spells ofEnchantment: The WondrousFairy Tales of Western Culture, Viking, (1991), pg. 794
  3. ↑ Andrew Lang, The Red Fairy Book, "Rapunzel"
  4. ↑ iranian.com
  5. ↑ folkstory.com
  6. ↑ Rapunzel atIMDB www.imdb.com/­title/tt0398286/

সম্পৰ্কিত শ্ৰেণী

সাধুকথাৰ চৰিত্ৰসাধুসাধুকথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেপান্‌জল” প্ৰবন্ধৰ সংশোধন ৬০৪৭১০ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।