শ্ৰীলংকাৰ ব্যক্তি
৩১ প্ৰবন্ধ
-
চন্দ্ৰিকা কুমাৰতুঙ্গা
চন্দ্ৰিকা বান্দাৰানাইক কুমাৰতুঙ্গা(সিংহলী: චන්ද් රිකා බණ්ඩාරනායක කුමාරතුංග; তামিল: சந்திரிகா பண்டாரநாயக்க குமாரதுங்க জন্মৰ তাৰিখ ২৯ জুন ১৯৪৫। সাধাৰণতে তেওঁৰ আদ্যক্ষৰ চিবিকে(CBK)-ৰে উল্লেখ কৰা হয়। চন্দ্ৰিকা শ্ৰীলংকাৰ ৰাজনীতিবিদ।
-
ছিৰিমাভো বন্দৰনাইকে
ছিৰিমা ৰাটৱাট্টে ডায়াছ বন্দৰনাইকে (সিংহল: සිරිමා රත්වත්තේ ඩයස් බණ්ඩාරනායක; তামিল: சிிிற மா ரத்வத்தே டயஸ் பண்டாரநாயக்கே; ිනිය), সাধাৰণভাৱে ছিৰিমাভো বন্দৰনাইকে হিচাপে পৰিচিত এগৰাকী শ্ৰীলংকাৰ ৰাজনীতিবিদ।
-
কুসুমাসনা দেৱী
কুসুমাসনা দেৱী (মৃত্যু ১০ জুলাই ১৬১৩), যাক কেণ্ডীৰ ডোনা কেথেৰিনা বুলিও কোৱা হয়, ১৫৮১ চনত কেণ্ডিৰ শাসক ৰাণী আছিল। তেওঁক পদচ্যুত কৰা হয় যদিও ১৫৯৪ চনৰপৰা ১৬০৪ চনলৈকে কেণ্ডীৰ প্ৰথম বিমলধৰ্মাসূৰ্য্যৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
-
য়োহানী
য়োহানী দিল'কা ডি চিলভা (Yohani Diloka de Silva, යොහානි දිලෝකා ද සිල්වා) (জন্ম ৩০ জুলাই ১৯৯৩) শ্ৰীলংকাৰ এগৰাকী গায়ক-গীতিকাৰ, ৰেপাৰ, ৰেকৰ্ড প্ৰযোজক আৰু ইউটিউবাৰ। তেওঁ ইউটিউবাৰ হিচাপে তেওঁৰ সংগীত জীৱনৰ পাতনি মেলিছিল। তেওঁৰ 'দেৱিয়াংগে বেৰে'ৰ ৰেপ কভাৰৰ বাবে তেওঁ স্বীকৃতি লাভ কৰিছিল।
-
ৰাণী অনুলা
অনুৰাধাপুৰাৰ ৰাণী অনুলা (মৃত্যু খ্ৰীষ্টপূৰ্ব ৪৪) আছিল শ্ৰীলংকাৰ ইতিহাসত (খ্ৰীষ্টপূৰ্ব ৪৮ – খ্ৰীষ্টপূৰ্ব ৪৪) প্ৰথম ৰাজত্ব কৰা ৰাণী। অনুৰাধাপুৰাৰ ৰজা ৱালাগবাহুৰ পুত্ৰ ৰজা চোৰা নাগা (কৰানাগা আৰু মহানাগা বুলিও জনা যায়)ৰ পত্নী হিচাপে অনুলা প্ৰথম অৱস্থাত ক্ষমতালৈ আহে।
-
ৰাণী লীলাৱতী
লীলাৱতীয়ে ১১৯৭–১২০০, ১২০৯–১২১০, আৰু ১২১১–১২১২ চনত পল্লুনাৰুৱাৰ ৰাণী হিচাপে ৰাজত্ব কৰিছিল। শ্ৰীলংকাৰ ইতিহাসত চতুৰ্থগৰাকী মহিলা যিয়ে নিজৰ অধিকাৰত সাৰ্বভৌম শাসক হিচাপে শাসন কৰিছিল। পল্লুনাৰুৱা ৰাজ্যৰ ৰজা প্ৰথম পৰাক্ৰমবাহুৰ পত্নী হিচাপে লীলাৱতী প্ৰাধান্য লাভ কৰে।
-
অজন্থা পেৰেৰা
অজন্থা উইজেছিংহে পেৰেৰা এগৰাকী শ্ৰীলংকাৰ শিক্ষাবিদ, বিজ্ঞানী, বিশ্ববিদ্যালয়ৰ প্ৰবক্তা, পৰিৱেশ কৰ্মী আৰু ৰাজনীতিবিদ। শ্ৰীলংকাৰ জাবৰ সংকটৰ অন্ত পেলাবলৈ কৰা প্ৰচেষ্টাৰ বাবে তেওঁক জনাজাত আৰু তেওঁক জাবৰ ৰাণী বুলি ডাকনাম দিয়া হয়।
-
অনুকী প্ৰেমচন্দ্ৰ
অনুকী প্ৰেমচন্দ্ৰ (ইংৰাজী: Anuki Premachandra) এগৰাকী শ্ৰীলংকান সামাজিক কৰ্মী, মহিলা অধিকাৰ কৰ্মী, প্ৰেৰণাদায়ক বক্তা, যোগাযোগ বিশেষজ্ঞ, লেখিকা আৰু ইনষ্টাগ্ৰাম ব্যক্তিত্ব। তেওঁ বৰ্তমান এডভোকোটা ইনষ্টিটিউটত কৌশলগত যোগাযোগ মেনেজাৰ হিচাপে কৰ্মৰত।
-
অশোকা বাণ্ডাৰেজ
অশোকা বাণ্ডাৰেজ হৈছে আন্তঃৰাষ্ট্ৰীয় উন্নয়ন, ৰাজনৈতিক অৰ্থনীতি, মহিলা আৰু লিংগ অধ্যয়ন, বহুসংস্কৃতিবাদ, সংঘাত বিশ্লেষণ আৰু সমাধান, শান্তি আৰু নিৰাপত্তা, দক্ষিণ এছিয়া, শ্ৰীলংকা, জনসংখ্যা আৰু পৰিৱেশ বিজ্ঞানৰ বিশেষজ্ঞ শ্ৰীলংকাৰ শিক্ষাবিদ।
-
অৰুণি ৱিজেবৰ্ধনে
অৰুণি যশোধা ৱিজেবৰ্ধনে এগৰাকী শ্ৰীলংকাৰ কূটনীতিবিদ যিয়ে ২০২২ চনৰপৰা ২০২৪ চনলৈকে শ্ৰীলংকাৰ বৈদেশিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ কেইবাটাও উচ্চ পদবীত কাৰ্যনিৰ্বাহ কৰাৰ লগতে বহিঃৰাজ্যতো কাৰ্যনিৰ্বাহ কৰিছিল।
-
আজিটা ঘানিজাদা
আজিটা ঘানিজাদা (ইংৰাজী: Azita Ghanizada; জন্ম: ১৯৭৯ চনৰ আশে-পাশে) এগৰাকী আমেৰিকান টেলিভিছন, চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী। তেওঁ মূলতঃ টেলিভিছন ধাৰাবাহিক আলফাচ আৰু ব্ৰডৱে মিউজিকেল দ্য কাইট ৰানাৰত কৰা অভিনয়ৰ বাবে জনাজাত। অভিনয়ৰ উপৰি ঘানিজাদা মেনা আৰ্টছ এডভকেচি কোৱালিচনৰ প্ৰতিষ্ঠাপক আৰু সভাপতি।
-
ইন্দ্ৰাণী পেৰেৰা
ইন্দ্ৰাণী পেৰেৰা ( Indrani Perera) (জন্ম তাৰিখ: ১৫ ফেব্ৰুৱাৰী), এগৰাকী শ্ৰীলংকাৰ সংগীত শিল্পী আৰু নেপথ্য গায়িকা। ক্লেৰেন্স উইজেৱাৰ্ডেনা আৰু এন্সলি মালেৱানাৰ লগত একেলগে ইন্দ্ৰানীক "দ্য অৰিজিনেল সিংহলী পপ ত্ৰিমূৰ্তি" বুলি জনা যায়।
-
ইভা ৰণৱীৰা
ইভা ৰণৱীৰা (ইংৰাজী: Eva Ranaweera; ১৯২৪ — ৯ ফেব্ৰুৱাৰী ২০১০) এগৰাকী নাৰীবাদী লেখিকা, কবি আৰু সাংবাদিক আছিল, যিয়ে ইংৰাজী আৰু সিংহল দুয়োটা ভাষাতে লিখিছিল। তেওঁ বনিতা বিত্থী নামৰ জনপ্ৰিয় মহিলা আলোচনীখনৰ প্ৰথমগৰাকী সম্পাদিকা আছিল।
-
কুমাৰি জয়ৱৰ্ধন
কুমাৰি জয়ৱৰ্ধন (সিংহল: කුමාරි ජයවර්ධන; জন্ম: ১৯৩১) এগৰাকী শ্ৰীলংকান নাৰীবাদী কৰ্মী আৰু শিক্ষাবিদ। তেওঁৰ কৰ্ম হৈছে তৃতীয় বিশ্বৰ নাৰীবাদৰ মানদণ্ডৰ অংশ, যি নাৰীবাদী দৰ্শনক পশ্চিমা সমাজৰ অনুকৰণ হিচাপে নহয়, বৰঞ্চ অ-পশ্চিমী সমাজ আৰু ৰাষ্ট্ৰসমূহৰ স্বদেশী আৰু একক ৰূপ হিচাপে ধাৰণা কৰে।
-
কুসুমা কৰুণাৰত্নে
কুসুমা কৰুণাৰত্নে (জন্ম: ২১ নৱেম্বৰ, ১৯৪০) এগৰাকী শ্ৰীলংকাৰ শিক্ষাবিদ, বিশ্ববিদ্যালয়ৰ প্ৰশাসক, অধ্যাপক আৰু সিংহলী ভাষা আৰু সাহিত্যৰ পণ্ডিত।
-
গাম্যা ৱিজয়দাসা
গাম্যা ৱিজয়দাসা (সিংহলী: ගම්යා විජයදාස) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০০৯ চনত ডেনানা ভিট মিছ ৱৰ্ল্ড শ্ৰীলংকাৰ খিতাপ জয় কৰিছিল আৰু ২০০৯ চনৰ ১২ ডিচেম্বৰত দক্ষিণ আফ্ৰিকাৰ জোহানেছবাৰ্গত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০০৯ প্ৰতিযোগিতাত শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰিছিল।
-
নীলিকা মালাভিগে
গাথছৌৰী নীলিকা মালাভিগে এগৰাকী শ্ৰীলংকাৰ শিক্ষাবিদ, বিশ্ববিদ্যালয়ৰ অধ্যাপিকা, গৱেষক আৰু বিজ্ঞানী। ২০২০ চনৰপৰা তেওঁ শ্ৰী জয়ৱৰ্ধনেপূৰা বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞান অনুষদৰ ইমিউন'লজী আৰু আণৱিক বিজ্ঞান বিভাগৰ মুৰব্বীৰ লগতে অধ্যাপিকা। ২০০৮ চনৰপৰা অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অতিথি প্ৰবক্তা হিচাপে কৰ্মৰত।
-
প্ৰিন্সী মংগলিকা
প্ৰিন্সী মংগলিকা (ইংৰাজী: Princy Mangalika) এগৰাকী শ্ৰীলংকান সমাজকৰ্মী আৰু এইচআইভি/এইডছত আক্ৰান্ত ব্যক্তি, যি শ্ৰীলংকাত এইডছ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰচেষ্টাৰ বাবে সুপৰিচিত। তেওঁ ‘পজিটিভ ৱমেনছ নেটৱৰ্ক’ নামৰ এখন বেচৰকাৰী সংস্থাৰ প্ৰতিষ্ঠাপক, যিয়ে এইডছ ভাইৰাছত আক্ৰান্ত লোকসকলক সহায় কৰে।
-
প্ৰিয়াণী ছয়ছা
দেশমণ্য প্ৰিয়াণী এলিজাবেথ ছয়ছা (২৩ নৱেম্বৰ ১৯২৫ – ৭ এপ্ৰিল ২০২৩) এগৰাকী শ্ৰীলংকাৰ বিজ্ঞানী যিয়ে কলম্বো বিশ্ববিদ্যালয়ৰ শিশু চিকিৎসাৰ এমেৰিটাছ অধ্যাপক আছিল আৰু শ্ৰীলংকাত অধ্যাপিকা অধ্যক্ষৰ পদত নিযুক্তি পোৱা প্ৰথম মহিলা।
-
ভি. ভি. গণেশানন্তন
ভি. ভি. গণেশানন্তন (ইংৰাজী: V. V. Ganeshananthan; জন্ম ১৯৮০) এগৰাকী আমেৰিকান কল্পকাহিনী লেখিকা, প্ৰবন্ধকাৰ আৰু সাংবাদিক। তেওঁৰ লেখাসমূহ গ্ৰাণ্টা, দ্য আটলাণ্টিক মান্থলী আৰু দ্য ৱাশ্বিংটন পোষ্টকে ধৰি বহুতো আগশাৰীৰ বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ পাইছে।
-
মাৰিয়া কলম্বেজ
ৰোমান্থি মাৰিয়া কলম্বেজ (জন্ম: ১৯ মে' ১৯৮৪) এগৰাকী শ্ৰীলংকান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০০৭ চনত মিছ ৱৰ্ল্ড শ্ৰীলংকাৰ মুকুট লাভ কৰিছিল। তেওঁ চীনত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০০৭ প্ৰতিযোগিতাত শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰিছিল। কলম্বেজ শ্ৰীলংকাৰ অন্যতম সফল মডেল।
-
মে ৰত্নায়েকে
মে ৰত্নায়েকে (১৮৯২–১৯৮৮) এগৰাকী শ্ৰীলংকাৰ চিকিৎসক, সেই দেশৰ দ্বিতীয়গৰাকী মহিলা চিকিৎসা বিজ্ঞানৰ ছাত্ৰী আৰু ইয়াৰ প্ৰথম মহিলা চিকিৎসক হিচাপে পৰিচিত।
-
মেৰিনি ডি লিভেৰা
মেৰিনি ডি লিভেৰা এগৰাকী শ্ৰীলংকাৰ অধিবক্তা আৰু সমাজ কৰ্মী যিয়ে শ্ৰীলংকাত ৰাষ্ট্ৰীয় শিশু সুৰক্ষা কৰ্তৃপক্ষৰ (এনচিপিএ) প্ৰাক্তন অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৯ চনত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে তেওঁক আন্তৰ্জাতিক সাহসী মহিলা বঁটা প্ৰদান কৰে।
-
শকুন্তলা সচিতানন্দন
শকুন্তলা সচিতানন্দন (ইংৰাজী: Sakuntala Sachithanandan) এগৰাকী শ্ৰীলংকান কবি, অধিবক্তা আৰু গল্পকাৰ। তেওঁৰ সাহিত্যিক কৰ্মৰাজীত প্ৰায়ে দৰিদ্ৰতা, সামাজিক অসমতা, প্ৰাণী, শিশু আৰু শ্ৰমিকৰ শোষণৰ দৰে বিষয়সমূহে প্ৰাধান্য পায়।
-
শিৱানী বাসগম ৱেদনায়কে
শিৱানী বাসগম ৱেদনায়কে (জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৭১) এগৰাকী শ্ৰীলংকান মডেল, উদ্যোক্তা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। ৱেদনায়কে (পূৰ্বৰ নাম বাসগম) চিনেমাটোগ্ৰাফাৰ এ. ভি. এম. বাসগমৰ কন্যা।
-
শ্ৰী বিক্ৰম ৰাজসিংহ
শ্ৰী বিক্ৰম ৰাজসিংহ সিংহল: ශ් රී වික් රම රාජසිංහ, তামিল: ஸ்ரீ விக்கிரம ராஜசிங்கன் তেলেগু: శ్రీ విక్రమ (জন্ম,১৭৮০ –মৃত্যু, ৩০ জানুৱাৰী ১৮৩২), জন্ম কান্নাছামী নাইডু শ্ৰীলংকাৰ কাণ্ডী ৰাজ্য শাসন কৰা চাৰিজন ৰজাৰ ভিতৰত অন্যতম।
-
সুৰংগা উদৰী
সুৰংগা উদৰী (ইংৰাজী: Suranga Udari) এগৰাকী শ্ৰীলংকান গ্ৰাফিক ডিজাইনাৰ, সাংবাদিক, সংবাদ দাতা আৰু পৰিৱেশ কৰ্মী। তেওঁক শ্ৰীলংকাৰ প্ৰথমগৰাকী বধিৰ মহিলা সাংবাদিক হিচাপে গণ্য কৰা হয়।
-
হেমমালা কৰুণাদাসা
হেমমালা ইন্দিভাৰী কৰুণাদাসা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ সহকাৰী অধ্যাপিকা। তেওঁ পৰিষ্কাৰ শক্তি আৰু বৃহৎ এলেকাৰ পোহৰৰ বাবে হাইব্ৰিড জৈৱিক – অজৈৱিক পদাৰ্থ, যেনে পেৰ’ভস্কাইটৰ ওপৰত কাম কৰি আছে
-
হৰিণী অমৰাছুৰীয়া
হৰিণী নিৰেকা অমৰাছুৰীয়া (জন্ম ৬ মাৰ্চ ১৯৭০)(Harini Nireka Amarasuriya) এগৰাকী শ্ৰীলংকান সমাজবিজ্ঞানী, শিক্ষাবিদ, কৰ্মী আৰু ৰাজনীতিবিদ যি ২০২৪ চনৰ পৰা শ্ৰীলংকাৰ ১৬ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ৰাণী সুগলা দেৱী
ৰুহুনাৰ ৰাণী সুগলাক সুগলা দেৱী বুলিও কোৱা হয় (দ্বাদশ শতিকা খ্ৰীষ্টাব্দ), শ্ৰীলংকাৰ দক্ষিণ আৰু পূব অঞ্চলত অৱস্থিত ৰুহুনা ৰাজ্যৰ শেষ ৰজা আছিল।