অৰুণি যশোধা ৱিজেবৰ্ধনে এগৰাকী শ্ৰীলংকাৰ কূটনীতিবিদ যিয়ে ২০২২ চনৰপৰা ২০২৪ চনলৈকে শ্ৰীলংকাৰ বৈদেশিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১ ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ কেইবাটাও উচ্চ পদবীত কাৰ্যনিৰ্বাহ কৰাৰ লগতে বহিঃৰাজ্যতো কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৫ চনৰপৰা ২০০৮ চনলৈকে তেওঁ অষ্ট্ৰিয়াত শ্ৰীলংকাৰ ৰাষ্ট্ৰদূত আৰু ভিয়েনাত আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ স্থায়ী প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰে।২ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ত তেওঁৰ কেৰিয়াৰৰ উপৰি ২০১৩ চনৰপৰা ২০২০ চনলৈকে আন্তঃৰাষ্ট্ৰীয় চৰকাৰী কৰ্মচাৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল, আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা (আই এ ই এ)৩৪ নীতি নিৰ্ধাৰক অংগসমূহৰ সচিবালয়ৰ সঞ্চালক হিচাপে।
শিক্ষা
ৱিজেবৰ্ধনেই কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰপৰা এমফিল ডিগ্ৰী লাভ কৰিছে, য’ত তেওঁ চেভেনিং স্কোলাৰ আছিল। ইয়াৰ উপৰি কলম্বো বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু পশ্চিম অষ্ট্ৰেলিয়া বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছে। সিংহলী, ইংৰাজী, ফৰাচী, জাৰ্মান ভাষা কয়। লেডিজ কলেজ কলম্বোত মাধ্যমিক বিদ্যালয়ত পঢ়িছিল।
কেৰিয়াৰ
১৯৮৮ চনৰপৰা শ্ৰীলংকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সৈতে কেৰিয়াৰ কূটনীতিবিদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ৱিজেবৰ্ধনেই।
কেৰিয়াৰৰ আৰম্ভণিতে ৱিজেবৰ্ধনেৰ বিদেশত কূটনৈতিক পোষ্টিঙৰ ভিতৰত ৰাষ্ট্ৰসংঘত শ্ৰীলংকাৰ স্থায়ী মিছন জেনেভা; মিছনৰ উপ মুৰব্বী, ফিলিপাইনছৰ শ্ৰীলংকাৰ দূতাবাস; মালয়েছিয়াৰ শ্ৰীলংকা উচ্চায়ুক্তৰ উপ-উচ্চায়ুক্ত হিচাপে পদাভিষিক্ত হোৱাৰ লগতে কলম্বোৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়তো বিভিন্ন পদত অধিষ্ঠিত হৈছিল।
২০০৫ চনৰপৰা ২০০৮ চনলৈকে ৱিজেবৰ্ধনে অষ্ট্ৰিয়াত শ্ৰীলংকাৰ ৰাষ্ট্ৰদূত আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ স্থায়ী প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, য’ত তেওঁ আই এ ই এৰ গৱৰ্ণৰ ব’ৰ্ডত শ্ৰীলংকাৰ গৱৰ্ণৰৰ পদতো অধিষ্ঠিত হৈছিল।
২০১১ চনৰপৰা ২০১৩ চনলৈকে তেওঁ কেলিফৰ্ণিয়াৰ মণ্টেৰীত থকা মিডলবেৰী ইনষ্টিটিউট অৱ ইণ্টাৰনেশ্যনেল ষ্টাডিজৰ জেমছ মাৰ্টিন চেণ্টাৰ ফৰ ননপ্ৰলিফাৰেচন ষ্টাডিজ (চিএনএছ)ত আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু অপ্ৰসাৰণ কাৰ্যসূচীৰ সঞ্চালিকা আছিল।
২০১৩ চনৰপৰা ২০২০ চনলৈকে ৱিজেবৰ্ধনে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা (আই এ ই এ)ৰ নীতি নিৰ্ধাৰক অংগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০২২ চনৰ ২০ মে’ত ৱিজেবৰ্ধনেক শ্ৰীলংকাৰ বৈদেশিক সচিব হিচাপে নিযুক্তি দিয়া হয়। ২০২৪ চনৰ নৱেম্বৰ মাহত অৰুণী ৰানাৰাজে তেওঁৰ উত্তৰাধিকাৰীত্ব লাভ নকৰালৈকে তেওঁ সেই পদত কাৰ্যনিৰ্বাহ কৰিছিল।৫৬
তথ্যসূত্ৰ
- ↑ Aruni Wijewardane appointed as new Foreign Secretary - Breaking News · Daily Mirror. www.dailymirror.lk
- ↑ New Permanent Representative of Sri Lanka Presents Credentials. unis.unvienna.org
- ↑ Portraits of women (4/8): Aruni Wijewardane. Représentation permanente de la France auprès des Organisations Internationales et des Nations unies à Vienne
- ↑ (2021-03-03). Journeys of IAEA Women Leaders. www.iaea.org
- ↑ New Foreign Secretary Aruni Wijewardane assumes duties – Ministry of Foreign Affairs – Sri Lanka
- ↑ Aruni Ranaraja appointed new Foreign Secretary - Breaking News · Daily Mirror. www.dailymirror.lk
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণি ৱিজেবৰ্ধনে” প্ৰবন্ধৰ সংশোধন ৬০৩১০৬ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।