লেচবিয়ান বিজ্ঞানী
১৯ প্ৰবন্ধ
-
ইথেল কলিন্স ডানহাম
ইথেল কলিন্স ডানহাম (Ethel Collins Dunham; জন্ম: ১৮৮৩–১৯৬৯) এগৰাকী আমেৰিকান শিশু ৰোগ বিশেষজ্ঞ আছিল। ডানহামে অকালপক্ক শিশু আৰু কেঁচুৱাৰ যত্নৰ ক্ষেত্ৰত বিশেষজ্ঞতা লাভ কৰিছিল আৰু ১৯৩৫ চনত ইউনাইটেড ষ্টেটছ চিলড্ৰেনছ ব্যুৰোৰ শিশু বিকাশ শাখাৰ মুৰব্বী হৈছিল।
-
অলিভ ৱেব
অলিভ ৱেব (ইংৰাজী: Olive Webb; জন্ম: ১৯৪৬ বা ১৯৪৭) এগৰাকী নিউজিলেণ্ডৰ ক্লিনিকেল চাইক'লজিষ্ট (নৈদানিক মনোবিজ্ঞানী) আৰু ১৯৯৩ চনৰ পৰা ১৯৯৫ চনলৈ নিউজিলেণ্ড চাইক'লজিকেল ছ'চাইটিৰ প্ৰাক্তন সভাপতি।
-
আৰ্লিন হালকো
আৰ্লিন এ. হালকো (Arlene A. Halko; জন্ম: ১৫ এপ্ৰিল, ১৯৩৩ – ২২ মাৰ্চ, ২০০৭) এগৰাকী আমেৰিকান চিকিৎসা পদাৰ্থবিজ্ঞানী আৰু সমকামী অধিকাৰ কৰ্মী আছিল। তেওঁ চিকাগোত কৰ্মৰত আছিল। ১৯৯৬ চনত তেওঁক ‘চিকাগো এলজিবিটি হল অৱ ফেম’ত অন্তৰ্ভুক্ত কৰা হৈছিল।
-
এনমেৰী গ্ৰুৱেল
এনমেৰী গ্ৰুৱেল (১৩ জুন ১৯৩৫ – ২৭ ফেব্ৰুৱাৰী ১৯৯৮) এগৰাকী ডাচ চিনেটৰ, শিক্ষাবিদ আৰু স্তম্ভলেখক আছিল। তেওঁ এগৰাকী মুকলিভাৱে লেচবিয়ান ৰাজনীতিবিদ আছিল। গ্ৰুৱেল সাধাৰণতে লেবাৰ পাৰ্টিৰ কংগ্ৰেছসমূহৰ সভানেত্ৰী আছিল। ১৯৮২ চনত তেওঁ ডি গ্ৰুৱেন আমষ্টাৰডামাৰৰ স্তম্ভলেখক হয়।
-
এলেন গ্ৰেনবাৰ্গ
এলেন মেৰী গ্ৰেনবাৰ্গ (Ellen Marie Granberg; জন্ম: ১৯৬২) এগৰাকী আমেৰিকান সমাজবিজ্ঞানী আৰু শৈক্ষিক প্ৰশাসক, যিয়ে ১ জুলাই, ২০২৩ তাৰিখে জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ১৯তম সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।
-
কেট হাটন
কেট হাটন (Kate Hutton; জন্ম: ১৯৪৯), যাৰ উপনাম হ'ল আৰ্থকুৱেক লেডী (Earthquake Lady), ড° কেট, বা আৰ্থকুৱেক কেট। তেওঁ কেলিফৰ্ণিয়াৰ পাছাদেনাস্থিত কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকন’লজীৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰী তথা ভূকম্পবিজ্ঞানী আছিল, য’ত তেওঁ ৩৭ বছৰ ধৰি দক্ষিণ কেলিফৰ্ণিয়াৰ ভূমিকম্পৰ কাৰ্যকলাপ নিৰীক্ষণ…
-
ক্লোক অৰ্কিন
ক্লো মেভ অৰ্কিন (ইংৰাজী: Chloe Meave Orkin) এগৰাকী ব্ৰিটিছ চিকিৎসক আৰু কুইন মেৰী ইউনিভাৰ্চিটি অৱ লণ্ডনৰ এইচআইভি/এইডছ চিকিৎসা বিজ্ঞানৰ অধ্যাপিকা। তেওঁ বাৰ্টছ হেল্থ এনএইচএছ ট্ৰাষ্টৰ অন্তৰ্গত ৰয়েল লণ্ডন হাস্পতালত এগৰাকী পৰামৰ্শদাতা হিচাপে কাম কৰে।
-
ছাৰা জেমি লুইছ
ছাৰা জেমি লুইছ (Sarah Jamie Lewis) এগৰাকী পৰিচয়হীনতা (anonymity) আৰু গোপনীয়তা সংক্ৰান্তীয় গৱেষক। তেওঁৰ গৱেষণা বিশেষকৈ ‘ডিএনোনিমাইজেচন’ আৰু ই-ভোটদানৰ ক্ষেত্ৰত প্ৰকাশিত হৈছে।
-
জেন মাৰাজো
জেন মাৰিছা মাৰাজো (ইংৰাজী: Jeanne Marisa Marrazzo) এগৰাকী আমেৰিকান চিকিৎসক-বিজ্ঞানী আৰু সংক্ৰামক ৰোগ বিশেষজ্ঞ। তেওঁ ইউনিভাৰ্চিটি অৱ আলাবামা এট বাৰ্মিংহাম স্কুল অৱ মেডিচিনৰ সংক্ৰামক ৰোগ বিভাগৰ সঞ্চালিকা আছিল আৰু জৈৱ চিকিৎসা হস্তক্ষেপ ব্যৱহাৰ কৰি এইচআইভি (HIV) সংক্ৰমণ প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিছিল।
-
টেম অ’চনাছি
টেম এলিজাবেথ অ’চনাছি (ইংৰাজী: Tam Elizabeth O'Shaughnessy; জন্ম: ২৭ জানুৱাৰী, ১৯৫২) এগৰাকী আমেৰিকান শিশু বিজ্ঞান লেখিকা, স্কুল চাইক’লজীৰ এমিৰিটাছ সহযোগী অধ্যাপিকা আৰু প্ৰাক্তন পেছাদাৰী টেনিছ খেলুৱৈ।
-
দানা দ্ৰাবোভা
দানা দ্ৰাবোভা (ইংৰাজী: Dana Drábová; ৩ জুন ১৯৬১ – ৬ অক্টোবৰ ২০২৫) এগৰাকী চেক পদাৰ্থ বিজ্ঞানী আৰু ৰাজনীতিবিদ আছিল। তেওঁ ১৯৯৯ চনৰ পৰা ২০২৫ চনলৈকে ষ্টেট অফিচ ফৰ নিউক্লিয়েৰ চেফটিৰ অধ্যক্ষ আছিল আৰু ২০২৩ চনত কনভেনচন অন নিউক্লিয়েৰ চেফটিৰ সদস্য দেশসমূহৰ বৈঠকৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
নুৱা ফুৱেনটেছ
নুৱা ইলিচাবেথ ফুৱেনটেছ এগুইৰে (Nua Elizabeth Fuentes Aguirre; জন্ম: ২৮ জুন, ১৯৯১) এগৰাকী ইকুৱেডৰৰ সমাজবিজ্ঞানী, পাৰফৰমেন্স আৰ্টিষ্ট আৰু ট্ৰেন্সফেমিনিষ্ট সক্ৰিয়তাবাদী।
-
মাৰ্থা মে এলিয়ট
মাৰ্থা মে এলিয়ট (Martha May Eliot; জন্ম: ৭ এপ্ৰিল, ১৮৯১ – ১৪ ফেব্ৰুৱাৰী, ১৯৭৮) এগৰাকী আমেৰিকান শিশু ৰোগ বিশেষজ্ঞ আছিল। তেওঁ জনস্বাস্থ্যৰ এগৰাকী বিশেষজ্ঞ, বিশ্ব স্বাস্থ্য সংস্থাৰ এগৰাকী সহকাৰী সঞ্চালক আৰু মাতৃ তথা শিশু স্বাস্থ্যৰ বাবে ‘নিউ ডিল’ আৰু উত্তৰ-যুদ্ধকালীন কাৰ্যসূচীসমূহৰ এগৰাকী স্থপতি আছিল।
-
লি বেজেট
মেৰী ভাৰ্জিনিয়া লি বেজেট (ইংৰাজী: Mary Virginia Lee Badgett; জন্ম: ১৯৬০) মাছাচুচেটছ বিশ্ববিদ্যালয় আমহাৰ্ষ্টৰ এগৰাকী আমেৰিকান অৰ্থনীতিবিদ। লেচবিয়ান, সমকামী পুৰুষ আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে জড়িত অৰ্থনৈতিক বিষয়সমূহৰ ওপৰত কৰা গৱেষণাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
লিছা এম ডায়মণ্ড
লিছা এম ডায়মণ্ড (ইংৰাজী: Lisa M. Diamond) এগৰাকী আমেৰিকান মনোবিজ্ঞানী আৰু নাৰীবাদী। তেওঁ ইউটাহ বিশ্ববিদ্যালয়ৰ বিকাশমূলক মনোবিজ্ঞান, স্বাস্থ্য মনোবিজ্ঞান আৰু লিংগ অধ্যয়ন বিভাগৰ এগৰাকী অধ্যাপক। তেওঁৰ গৱেষণাৰ মূল বিষয় হৈছে যৌন অভিমুখিতাৰ বিকাশ, যৌন পৰিচয় আৰু মানৱীয় সম্পৰ্ক।
-
লিছা গ্ৰাউমলিচ
লিছা জে. গ্ৰাউমলিচ (Lisa J. Graumlich; জন্ম: ১৯৫২) এগৰাকী আমেৰিকান পেলিঅ’ক্লাইমেট’লজিষ্ট (পুৰাকলীয় জলবায়ু বিজ্ঞানী), যিয়ে জলবায়ু, পৰিৱেশ তন্ত্ৰ আৰু মানুহৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰে। তেওঁ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ কলেজ অৱ দ্য এনভাইৰনমেণ্টৰ প্ৰথমগৰাকী ডিন।
-
লেছলি এম. কে
লেছলি এম. কে (ইংৰাজী: Leslie M. Kay) এগৰাকী আমেৰিকান স্নায়ুবিজ্ঞানী আৰু চিকাগো বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপিকা। তেওঁৰ গৱেষণাই ঘ্ৰাণেন্দ্ৰীয় বাল্বৰ স্নায়ুশৰীৰবিজ্ঞান আৰু আচৰণগত পৰিপ্ৰেক্ষিতে কেনেকৈ সংবেদনশীল প্ৰক্ৰিয়াকৰণত প্ৰভাৱ পেলায় সেই বিষয়ে অধ্যয়ন কৰে।
-
লৰেন এস্পোচিটো
লৰেন এস্পোচিটো (Lauren Esposito) কেলিফৰ্ণিয়া একাডেমী অৱ চাইন্সছৰ এৰাকন’লজী (মকৰা আৰু বিছা সম্পৰ্কীয় বিজ্ঞান) বিভাগৰ সহকাৰী কিউৰেটৰ আৰু শ্লিগাৰ চেয়াৰ। তেওঁ ‘৫০০ কুইয়াৰ চাইণ্টিষ্ট’ নামৰ নেটৱৰ্কটোৰ সহ-প্ৰতিষ্ঠাপক।
-
ৰচেল ডাইমণ্ড
ৰচেল এন "চেলী" ডাইমণ্ড (Rochelle Anne Diamond; জন্ম: ১৯৫১) এগৰাকী গৱেষণা জীৱবিজ্ঞানী, কুইয়াৰ সক্ৰিয়তাবাদী আৰু আউত টু ইন’ভেটৰ এমিৰিটাছ অধ্যক্ষ, যিটো পূৰ্বতে নেচনেল অৰ্গেনাইজেচন অৱ গে এণ্ড লেচবিয়ান চাইণ্টিষ্ট এণ্ড টেকনিকেল প্ৰফেচনেলছ নামেৰে জনাজাত আছিল।