অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এলেন গ্ৰেনবাৰ্গ

এলেন মেৰী গ্ৰেনবাৰ্গ (Ellen Marie Granberg; জন্ম: ১৯৬২) এগৰাকী আমেৰিকান সমাজবিজ্ঞানী আৰু শৈক্ষিক প্ৰশাসক, যিয়ে ১ জুলাই, ২০২৩ তাৰিখে জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ১৯তম সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।

হালনাগাদ: ৮ মাৰ্চ ২০২৬ ৩৮৯ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

এলেন মেৰী গ্ৰেনবাৰ্গ (Ellen Marie Granberg; জন্ম: ১৯৬২) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন সমাজবিজ্ঞানী আৰু শৈক্ষিক প্ৰশাসক, যিয়ে ১ জুলাই, ২০২৩ তাৰিখে জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ১৯তম সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

গ্ৰেনবাৰ্গৰ জন্ম ১৯৬২ চনত হৈছিল।১ তেওঁ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ডেভিছৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে, য’ত তেওঁ দ্য কেলিফৰ্ণিয়া এগীৰ সম্পাদক আছিল। তেওঁ ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু পিএইচডি ডিগ্ৰী লাভ কৰে।২ তেওঁৰ ডক্টৰেট থিছিছ আছিল স্বাস্থ্যৰ ফলাফলৰ ওপৰত আধাৰিত আত্ম-পৰিচয়ৰ বিষয়ে।৩ গুগল স্কলাৰৰ মতে, তেওঁৰ গৱেষণা মুঠ ২,২৭৯ বাৰ উদ্ধৃত কৰা হৈছে আৰু তেওঁৰ এইচ-ইনডেক্স হ’ল ১৬।৪ তেওঁৰ কামে সমাজৰ, বিশেষকৈ শিশুৰ আত্ম-ছবি, পৰিচয়, সুস্থতা আৰু শেষত মানসিক স্বাস্থ্যৰ ওপৰত সূক্ষ্ম সামাজিক পৰিঘটনাৰ ওপৰত গুৰুত্ব দিছে।৫

কৰ্মজীৱন

১৯৮০ আৰু ১৯৯০ চনৰ দশকত গ্ৰেনবাৰ্গে ফৰ্চুন ৫০০ কোম্পানী পেচিফিক বেল আৰু এ-টি-এণ্ড-টি (AT&T) ৰ টেলিকমিউনিকেচন উদ্যোগত সেৱা আগবঢ়াইছিল।৬ তেওঁ ২৫ বছৰতকৈও অধিক সময় শৈক্ষিক প্ৰশাসক হিচাপে কাম কৰিছে। তেওঁ ক্লিমেছন বিশ্ববিদ্যালয়ত সমাজবিজ্ঞানৰ অধ্যাপিকা হিচাপে নিজৰ শৈক্ষিক কেৰিয়াৰ আৰম্ভ কৰিছিল, য’ত তেওঁ পুষ্টি বিজ্ঞান আৰু মেদবহুলতাৰ ওপৰত কাম কৰিছিল।৭

২০১৮ চনত ৰচেষ্টাৰ ইনষ্টিটিউট অৱ টেকন’লজীত প্ৰ'ভষ্ট হিচাপে নিযুক্তি লাভ কৰাৰ পূৰ্বে তেওঁ ক্লিমেছন বিশ্ববিদ্যালয়ত ১৭ বছৰ অতিবাহিত কৰিছিল।৮ তেওঁ ৰচেষ্টাৰ ইনষ্টিটিউট অৱ টেকন’লজীৰ প্ৰথমগৰাকী মহিলা প্ৰ'ভষ্ট আৰু শৈক্ষিক পৰিক্ৰমাৰ জ্যেষ্ঠ উপ-সভাপতি আছিল।৬ ৰচেষ্টাৰ ইনষ্টিটিউট অৱ টেকন’লজীত ডক্টৰেট শিক্ষাৰ সম্প্ৰসাৰণ আৰু নিৰ্দেশনা তথা গৱেষণাৰ বাবে নতুন সুবিধা সৃষ্টিৰ কৃতিত্ব তেওঁক দিয়া হয়।৯ ডক্টৰেট শিক্ষা আৰু গৱেষণা সম্প্ৰসাৰণৰ উপৰিও গ্ৰেনবাৰ্গে ‘আৰ-আই-টি চাৰ্টিফাইড’ (RIT Certified) গঠনৰ সহ-নেতৃত্ব দিছিল, যাৰ লক্ষ্য আছিল বৃত্তিগত গতিশীলতা বৃদ্ধি কৰা। ইয়াত বিকল্প শিক্ষা পাঠ্যক্ৰম, প্ৰমাণপত্ৰ কাৰ্যসূচী আৰু দক্ষতা ভিত্তিক শিক্ষণ অভিজ্ঞতাৰ সংকলন আছে।১০

২০২৩ চনত গ্ৰেনবাৰ্গক জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী সভাপতি হিচাপে মনোনীত কৰা হয়। তেওঁ এই বিশ্ববিদ্যালয়খনৰ সভাপতিৰ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা আৰু প্ৰথমগৰাকী মুকলিভাৱে লেচবিয়ান ব্যক্তি। গ্ৰেনবাৰ্গে ২ জুলাই, ২০২৩ তাৰিখে কাৰ্যভাৰ গ্ৰহণ কৰে।২১১১ আটলাণ্টিক ১০ কনফাৰেন্সে ২০২৩ চনৰ নৱেম্বৰ মাহত ৱাশ্বিংটন ডি.চি.লৈ স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত লোৱাৰ পিছত গ্ৰেনবাৰ্গে ঘোষণা কৰে যে ২০২৫ চনত পুৰুষৰ বাস্কেটবল চেম্পিয়নশ্বিপ জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ে আয়োজন কৰিব।১২

৭ অক্টোবৰৰ ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ পিছত জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ে দেশজুৰি দৃষ্টি আকৰ্ষণ কৰিছিল। পেলেষ্টাইন মুক্তি আন্দোলনৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰীয়ে গেলমেন লাইব্ৰেৰীৰ ওপৰত "আমাৰ শ্বহীদসকলৰ মহিমা হওক" (glory to our martyrs) বুলি প্ৰক্ষেপ কৰাৰ পিছত বিশ্ববিদ্যালয়খন চৰ্চালৈ আহে। এই ঘটনাৰ পিছত ‘ষ্টুডেণ্টছ ফৰ জাষ্টিচ ইন পেলেষ্টাইন’ নামৰ ছাত্ৰ সংগঠনটোক ৯০ দিনৰ বাবে নিলম্বন কৰা হয়।১৩ গ্ৰেনবাৰ্গে ইয়াক "সন্ত্ৰাসবাদৰ উদযাপন" বুলি নিন্দা কৰে। ইয়াৰ ফলত উক্ত ছাত্ৰ সংগঠনটোৰ মাজত ক্ষোভৰ সৃষ্টি হয় আৰু তেওঁলোকে গ্ৰেনবাৰ্গৰ দৃষ্টিভংগীক বৰ্ণবাদী আৰু ইছলামোফ’বিক বুলি অভিহিত কৰে।১৪ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা এক বাৰ্তালাপত গ্ৰেনবাৰ্গে ছাত্ৰ কৰ্মীসকলক বহিষ্কাৰ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।১৫

ব্যক্তিগত জীৱন

গ্ৰেনবাৰ্গে ১৯৯৯ চনৰ নৱেম্বৰ মাহত টেনেছীৰ নেচভিলত ছোনিয়া ৰেংকিনক লগ পাইছিল।১ আমেৰিকাত সমলিংগ বিবাহ বৈধ ঘোষণা কৰাৰ পিছত ২০১৬ চনত তেওঁলোকে বিবাহপাশত আৱদ্ধ হয়।১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Wiggins, Christopher. (July 1, 2024). Ellen Granberg reflects on being GWU's first queer president. www.advocate.com
  2. ↑ Anderson, Nick. (January 11, 2023). Ellen Granberg named president of GWU, the first woman to hold the job. Washington Post
  3. ↑ Granberg, Ellen Marie. Identity transformation due to weight loss. catalog.library.vanderbilt.edu
  4. ↑ Ellen Granberg
  5. ↑ McAllister, Cade. Granberg, sociologist celebrate research, community engagement at GW. The GW Hatchet
  6. ↑ Ellen Granberg: GW Community's Ambition is 'Inspiring'. GW Today. The George Washington University
  7. ↑ Neegaard, Lauran. (January 25, 2011). No quick fix after 150 years of dieting fads. Democrat and Chronicle. পৃ. 2
  8. ↑ Finnerty, Meghan. (July 13, 2018). RIT begins $1 billions fundraising effort. Democrat and Chronicle. পৃ
  9. ↑ Ellen Granberg. RIT
  10. ↑ Jacob, Smriti. (January 18, 2023). RIT provost named president of George Washington University. Rochester Beacon
  11. ↑ Ellen Granberg, Ph.D., to Serve as 19th President of the George Washington University. GW Today. The George Washington University
  12. ↑ Koretz, Sandra. A-10 to relocate conference headquarters to DC. The GW Hatchet
  13. ↑ Sabes, Adam. (2023-11-14). George Washington University suspends SJP chapter after group projected 'Glory to our martyrs' onto building. Fox News
  14. ↑ Filter, Erika. Granberg condemns 'celebration of terrorism' on campus. The GW Hatchet
  15. ↑ Instagram

সম্পৰ্কিত শ্ৰেণী

সমাজবিজ্ঞানীলেচবিয়ান বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলেন গ্ৰেনবাৰ্গ” প্ৰবন্ধৰ সংশোধন ৫৮৬১৮৬ (৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।