আৰ্লিন এ. হালকো (Arlene A. Halko; জন্ম: ১৫ এপ্ৰিল, ১৯৩৩ – ২২ মাৰ্চ, ২০০৭) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন চিকিৎসা-বিজ্ঞান পদাৰ্থ বিজ্ঞানী আৰু সমকামিতা অধিকাৰ কৰ্মী আছিল। তেওঁ চিকাগোত কৰ্মৰত আছিল। ১৯৯৬ চনত তেওঁক ‘চিকাগো এলজিবিটি হল অৱ ফেম’ত অন্তৰ্ভুক্ত কৰা হৈছিল।
প্ৰাৰম্ভিক জীৱন
হালকোৰ জন্ম চিকাগোত হৈছিল।১ তেওঁ পিটাৰ হালকো আৰু ফ্ৰান্সেচ মেচিজুৱস্কি হালকোৰ কন্যা আছিল। তেওঁৰ পিতৃ চেকোশ্লভাকিয়াৰ এজন প্ৰব্ৰজনকাৰী আছিল। তেওঁ ভিজিটেশ্যন হাইস্কুল আৰু মুণ্ডেলিন কলেজত অধ্যয়ন কৰিছিল। তেওঁ ৰচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।২
কৰ্মজীৱন
হালকো এগৰাকী চিকিৎসা পদাৰ্থবিজ্ঞানী আছিল৩ আৰু চিকাগোৰ মাইকেল ৰিজ হাস্পতাল তথা জন এইচ ষ্ট্ৰজাৰ জুনিয়ৰ হাস্পতাল অৱ কুক কাউণ্টিত কৰ্মৰত আছিল।১ তেওঁ ইলিনয় বিশ্ববিদ্যালয়ৰ কলেজ অৱ মেডিচিনৰ ৰেডিঅ’লজী বিভাগৰ ক্লিনিকেল এচিষ্টেণ্ট প্ৰফেচাৰ আছিল। তেওঁৰ গৱেষণা বিভিন্ন শৈক্ষিক জাৰ্ণালত প্ৰকাশিত হৈছে।
তেওঁ সমকামী কেথলিকসকলৰ সংগঠন ‘ডিগনিটি/চিকাগো’ৰ প্ৰথমগৰাকী লেচবিয়ান সভানেত্ৰী আছিল।৪ ১৯৮৫ চনত তেওঁ ‘চিকাগো হাউচ’ নামৰ এক সমাজসেৱা সংস্থাৰ সহ-প্ৰতিষ্ঠা কৰিছিল, যিয়ে এইচআইভি/এইডছত আক্ৰান্ত লোকসকলক বাসস্থান, হাস্পিচ সেৱা আৰু অন্যান্য সহায় আগবঢ়াইছিল।৫ ১৯৮২ চনৰ পৰা ১৯৮৯ চনলৈকে তেওঁ ‘পিগেন্স পাব’ নামৰ এখন লেচবিয়ান বাৰৰ সহ-স্বত্বাধিকাৰী আছিল।১ ২০০০ চনত তেওঁ আৰু সহযোগী সক্ৰিয়তাবাদী মেৰী জে কুডাই মিলি চিকাগোৰ লেচবিয়ান ইতিহাস সংৰক্ষণৰ উদ্দেশ্যে ‘জিনেট হাৱাৰ্ড ফষ্টাৰ মেমৰিয়েল চিউয়িং চাৰ্কল এণ্ড বুক ক্লাব’ প্ৰতিষ্ঠা কৰে।৬
১৯৮৮ চনত গে চিকাগো মেগাজিন-এ হালকোক ‘বছৰটোৰ শ্ৰেষ্ঠ মহিলা’ হিচাপে অভিহিত কৰিছিল; ১৯৯০ চনত তেওঁক ইলিনয় গে এণ্ড লেচবিয়ান টাস্ক ফৰ্চে সন্মানিত কৰিছিল। ১৯৯৬ চনত তেওঁক চিকাগো এলজিবিটি হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।১
প্ৰকাশিত গৱেষণা পত্ৰ
- বাৰ্ক, জেৰাল্ড, আৰ্লিন হালকো, জেৰাল্ড পেস্কিন (১৯৭০) Determination of Cardiac Output by Radioisotope Angiography and the Image-Intensifier Scintillation Camera. Journal of Nuclear Medicine ১২ (৩): ১১২–১১৬। গুগল স্কলাৰৰ মতে ই ২৬ বাৰ উদ্ধৃত হৈছে।৭
- বাৰ্ক, জেৰাল্ড, আৰ্লিন হালকো। Dynamic Clinical Studies with Radionuclides and the Scintillation Camera. Annals of Internal Medicine ৭০ (৫): ১১০৭।
- জেৰাল্ড ই চেলভাৰষ্টাইন, জেৰাল্ড বাৰ্ক, ডেভিদ গোল্ডবাৰ্গ, আৰ্লিন হালকো (১৯৬৯)। Superior Vena Caval System Obstruction Caused by Benign Endothoracic Goiter. Diseases of the Chest ৫৬ (৬): ৫১৯–৫২৩। গুগল স্কলাৰৰ মতে ই ৪৩ বাৰ উদ্ধৃত হৈছে।৮
ব্যক্তিগত জীৱন
হালকোৱে ১৯৯৩ চনত অৱসৰ গ্ৰহণ কৰে আৰু পৰৱৰ্তী সময়ত এক জন্তু উদ্ধাৰকাৰী সংস্থাৰ স্বেচ্ছাসেৱক হিচাপে কাম কৰে।৯ ২০০৬ চনত তেওঁৰ ভৰি এটা কাটি পেলাবলগীয়া হৈছিল১০ আৰু ২০০৭ চনত ৭৩ বছৰ বয়সত হৃদযন্ত্ৰ বিকল হৈ তেওঁৰ মৃত্যু হয়। তেওঁৰ ১৬ বছৰীয়া সংগী পেট্ৰিচিয়া কিনান মৃত্যুৰ সময়ত জীয়াই আছিল।২১১১২
তথ্যসূত্ৰ
- ↑ ARLENE HALKO – Chicago LGBT Hall of Fame
- ↑ Jensen, Trevor. (March 30, 2007). Co-Founded AIDS Residence. Chicago Tribune. পৃ. 2–12
- ↑ Kitch, Edward S. (June 19, 1956). She Finds What Makes Men Tick. Orlando Evening Star. পৃ. 15
- ↑ Cook, Michael J. Personal memory of early Dignity in Chicago. Dignity/Chicago
- ↑ (28 July 2020). Moment #01: September 9, 1985 – Chicago House is incorporated as a non-profit. Chicago House
- ↑ Passet, Joanne. (June 10, 2008). Sex Variant Woman: The Life of Jeanette Howard Foster. Hachette Books. ISBN 978-0-7867-2154-2
- ↑ গুগল স্কলাৰ লেখকৰ পৃষ্ঠা, ১০ জুলাই ২০২১ত সংগৃহীত
- ↑ গুগল স্কলাৰ লেখকৰ পৃষ্ঠা, ১৩ জুন ২০২১ত সংগৃহীত
- ↑ (March 9, 2003). Shelters: Supply Exceeds Demand (continued). Chicago Tribune. পৃ. 13–7
- ↑ (December 20, 2006). Halko Hospitalized. Windy City Times
- ↑ (March 25, 2007). Arlene Halko Obituary. Chicago Sun-Times
- ↑ Patricia Keenan Obituary - Chicago, IL. Dignity Memorial
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ্লিন হালকো” প্ৰবন্ধৰ সংশোধন ৬০৩৭২৫ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।