অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ছাৰা জেমি লুইছ

ছাৰা জেমি লুইছ (Sarah Jamie Lewis) এগৰাকী পৰিচয়হীনতা (anonymity) আৰু গোপনীয়তা সংক্ৰান্তীয় গৱেষক। তেওঁৰ গৱেষণা বিশেষকৈ ‘ডিএনোনিমাইজেচন’ আৰু ই-ভোটদানৰ ক্ষেত্ৰত প্ৰকাশিত হৈছে।

হালনাগাদ: ৩১ জুলাই ২০২৬ ২৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ছাৰা জেমি লুইছ (Sarah Jamie Lewis) এগৰাকী পৰিচয়হীনতা (anonymity) আৰু গোপনীয়তা সংক্ৰান্তীয় গৱেষক। তেওঁৰ গৱেষণা বিশেষকৈ ‘ডিএনোনিমাইজেচন’১ আৰু ই-ভোটদানৰ ক্ষেত্ৰত প্ৰকাশিত হৈছে।২ তেওঁ গোপনীয়তা গৱেষণা আৰু ওকালতিৰ বাবে বিশেষভাৱে পৰিচিত কানাডিয়ান অলাভজনক সংস্থা ‘অ’পেন প্ৰাইভেচি ৰিচাৰ্চ চচাইটি’ৰ কাৰ্যবাহী সঞ্চালিকা।৩ ২০১৯ চনত মেলবৰ্ণ বিশ্ববিদ্যালয় আৰু ইউচিএলুভেইনৰ গৱেষকসকলৰ সৈতে সহযোগিতা কৰি লুইছে ছুইজাৰলেণ্ড৪ আৰু অষ্ট্ৰেলিয়াৰ ইলেক্ট্ৰনিক ভোটদান ব্যৱস্থাত থকা গুৰুতৰ ত্ৰুটিসমূহৰ বিশদ বিৱৰণ প্ৰকাশ কৰিছিল।৫৬

লুইছে যৌন পুতলা (sex toys)সমূহৰ গোপনীয়তা সম্পৰ্কীয় নীতি (বা নীতিৰ অভাৱ) সন্দৰ্ভতো গৱেষণা কৰিছে।৭৮ এই পুতলাসমূহৰ সুৰক্ষা সন্দৰ্ভত তেওঁৰ কথা শৈক্ষিক গৱেষণাত উল্লেখ কৰা হৈছে।৯ তেওঁ বিশ্বাস কৰে যে ‘টেলিডিলডনিক্স’ বা ‘অনিয়ন ডিলডনিক্স’ৰ ক্ষেত্ৰত আইনী কাঠামোৰ অভাৱ আছে। তেওঁৰ মতে সন্মতি, গোপনীয়তা বা সুৰক্ষাৰ কথা বিবেচনা নকৰাকৈয়ে আমি বৰ্তমান ইণ্টাৰনেট সংযোজিত যৌন প্ৰযুক্তিৰ পৃথিৱীখনত প্ৰৱেশ কৰিছোঁ আৰু ইয়াৰ পৰিত্ৰাণৰ বাবে তেওঁ ‘টৰ হিডেন চাৰ্ভিচেচ’ৰ জৰিয়তে সম্পূৰ্ণৰূপে এনক্ৰিপ্ট কৰা পি আৰ-টু-পি আৰ চাইবাৰ যৌন সম্পৰ্কৰ পৰামৰ্শ দিয়ে।১০ কম্পিউটাৰ সুৰক্ষা গৱেষকসকলে যি ধৰণৰ আইনী প্ৰত্যাহ্বানৰ মাজত কাম কৰিবলগীয়া হয়, সেই পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি লুইছে ভঙা চিষ্টেমসমূহ মেৰামতি কৰাতকৈ বিশেষভাৱে ডিজাইন কৰা সুৰক্ষিত চিষ্টেম তৈয়াৰ কৰাৰ ওপৰত গুৰুত্ব দিয়ে।১১

২০১৭ চনত লুইছে প্ৰান্তীয় সম্প্ৰদায়ৰ ওপৰত প্ৰযুক্তিৰ প্ৰভাৱক কেন্দ্ৰ কৰি ‘কুইয়াৰ প্ৰাইভেচি’ শীৰ্ষক এখন প্ৰবন্ধ সংকলন সম্পাদনা তথা স্ব-প্ৰকাশ কৰে।১২১৩ ইয়াত কুইয়াৰ আৰু ট্ৰেন্সজেণ্ডাৰ সম্প্ৰদায়ৰ লোকসকলে লিখা প্ৰবন্ধ সংকলিত কৰা হৈছে য’ত সংবাদ মাধ্যমৰ চিত্ৰণৰ দৰে বিষয়সমূহ আলোচনা কৰা হৈছে। লুইছে নিজকে এগৰাকী "ভেগান লেচবিয়ান, কুইয়াৰ এনাৰ্কিষ্ট" বুলি বৰ্ণনা কৰে।১৪ তেওঁ ব্ৰিটিছ কলম্বিয়াৰ ভ্যানকুভাৰত বাস কৰে।১৪

গ্ৰন্থপঞ্জী

  • Queer Privacy: Essay from the Margins of Society (২০১৭; স্ব-প্ৰকাশিত)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Johnson, Alex. (7 February 2017). Hackers take down thousands of 'dark web' sites, post private data. NBC News
  2. ↑ Wuthrich, Bernard. (29 March 2019). Le vote électronique de La Poste est suspendu jusqu'à nouvel avis - Le Temps. Le Temps
  3. ↑ Varmazis, Maria. (13 April 2018). Interview: Sarah Jamie Lewis, Executive Director of the Open Privacy Research Society. Sophos News
  4. ↑ Zetter, Kim. (12 March 2019). Researchers Find Critical Backdoor in Swiss Online Voting System. Vice
  5. ↑ Hendry, Justin. (19 March 2019). Crypto defect found in Swiss e-voting system. iTnews
  6. ↑ Barbaschow, Asha. (29 June 2020). Australian electoral legislation amendments leave door open to electronic voting. ZDNET
  7. ↑ Rogers, Adam. (2018-02-02). The Squishy Ethics of Sex With Robots. Wired
  8. ↑ Doctorow, Cory. (2018-02-02). The Internet of Connected Sex Toys is every bit as horrifyingly insecure and poorly thought out as you imagine. Boing Boing
  9. ↑ Wynn, Matthew. (2017-11-03). Sexual Intimacy in the Age of Smart Devices: Are We Practicing Safe IoT?. Association for Computing Machinery. পৃ. 25–30. ISBN 978-1-4503-5396-0
  10. ↑ Burgess, Matt. (2018-02-03). Smart dildos and vibrators keep getting hacked – but Tor could be the answer to safer connected sex. Wired
  11. ↑ Whittaker, Zack. (2018-02-19). Lawsuits threaten infosec research — just when we need it most. ZDNet
  12. ↑ Brown, Neil. (2017-05-30). Book Review: Queer Privacy. Society for Computers and Law
  13. ↑ Lewis, Sarah Jamie. (2 May 2017). Queer Privacy. Lulu.com. ISBN 9781365978142
  14. ↑ Sarah Jamie Lewis

সম্পৰ্কিত শ্ৰেণী

লেচবিয়ান বিজ্ঞানীগৱেষক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাৰা জেমি লুইছ” প্ৰবন্ধৰ সংশোধন ৬২১৯৯৭ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।