অৰ্জুন দাস বৈৰাগী (১৭-১৮ শতিকা) স্বৰ্গদেৱ চুখ্ৰংফাৰ কটকী আছিল। ১৭১০ চনৰপৰা ১৫ চনলৈ মুঠতে তিনিবাৰ ৰত্ন কন্দলী শৰ্মা কটকীৰ লগত ত্ৰিপুৰা ৰাজ্যলৈ স্বৰ্গদেউৰ সন্দেশ লৈ গৈছিল। মোগল আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ স্বৰ্গদেৱে ত্ৰিপুৰা ৰাজ্যৰ সহায় বিচাৰি বাৰ্তা পঠিয়াইছিল। ১৭২৪ চনত ৰত্ন কন্দলীৰ সৈতে যুটীয়াকৈ 'ত্ৰিপুৰা বুৰঞ্জী' ৰচনা কৰে।১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্জুন দাস বৈৰাগী” প্ৰবন্ধৰ সংশোধন ৬০৭৪৬৩ (২০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।