অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাণা আয়্যুব

ৰাণা আয়্যুব (Rana Ayyub, জন্ম: ১ মে', ১৯৮৪) এগৰাকী ভাৰতীয় লেখক তথা সাংবাদিক। তেওঁ গুজৰাট ফাইলচ: এনাটমি অৱ আ কভাৰ-আপ শীৰ্ষক অনুসন্ধানমূলক গ্ৰন্থখনৰ লেখক ৰূপে পৰিচিত।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১,০৭৬ শব্দ · ৬ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰাণা আয়্যুব (Rana Ayyub, জন্ম: ১ মে', ১৯৮৪) এগৰাকী ভাৰতীয় লেখক তথা সাংবাদিক।১ তেওঁ গুজৰাট ফাইলচ: এনাটমি অৱ আ কভাৰ-আপ শীৰ্ষক অনুসন্ধানমূলক গ্ৰন্থখনৰ লেখক ৰূপে পৰিচিত।২৩

প্ৰাৰম্ভিক জীৱন

ভাৰতৰ মুম্বাইত ৰাণা আয়্যুবৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মহম্মদ আয়্যুব ৱাকিফ৪, মুম্বাইস্থিত আলোচনী ব্লিটজৰ এগৰাকী লেখক আছিল। তেওঁ প্ৰগতিশীল লেখক আন্দোলনৰো এগৰাকী গুৰুত্বপূৰ্ণ সদস্য আছিল। ১৯৯২-৯৩ চনৰ সংঘৰ্ষৰ সময়ত পৰিয়ালটো মুছলমান সংখ্যাগৰিষ্ঠ উপ-নগৰ দেওনাৰলৈ স্থানান্তৰিত হৈছিল আৰু ইয়াতে ৰাণাই শৈশৱ আৰু কৈশোৰ অধিকাংশ সময় পাৰ কৰিছিল। আয়্যুব এগৰাকী অনুশীলনকাৰী মুছলমান।৫

কৰ্মজীৱন

ৰাণাই দিল্লীস্থিত অনুসন্ধানমূলক আৰু ৰাজনৈতিক বাতৰি কাকত তেহেলকাৰ বাবে কাম কৰিছিল। সাংবাদিক ৰূপে তেওঁ বিজেপি আৰু নৰেন্দ্ৰ মোদীৰ কঠোৰ সমালোচক আছিল।৬ তেওঁৰ নিজা বিৱৰণ অনুসৰি, ৰাণা আয়্যুবৰ এক প্ৰতিবেদনে ২০১০ চনত ভাৰতৰ এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ সহযোগী তথা গৃহ মন্ত্ৰী অমিত শ্বাহক কেইবা মাহৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।৭৮

তেহেলকাত ৰাণাই এগৰাকী অনুসন্ধানকাৰী সাংবাদিক হিচাপে কাম কৰিছিল। তেওঁ কৰা গুৰুত্বপূৰ্ণ কামসমূহৰ ভিতৰত আছিল তেওঁৰ ষ্টিং অপাৰেচনসমূহ। ৰাণাৰ গ্ৰন্থ ‘গুজৰাট ফাইলচ’ এই ষ্টিং অপাৰেচনসমূহৰ ওপৰত আধাৰিত আছিল। এই ষ্টিং অপাৰেচন্সমূহৰ শেষত তেহেলকা পৰিচালনা বিভাগে ৰাণাৰ দ্বাৰা লিখা বা তেওঁ সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত কোনো কাহিনী প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে। ইয়াৰ পিছতো ৰাণাই আৰু কেইমাহমান বাবে তেহেলকাৰ সৈতে কাম কৰি আছিল। কিন্তু, ২০১৩ চনৰ নৱেম্বৰ মাহত তেওঁৰ মুৰব্বী তেহেলকাৰ মুখ্য সম্পাদক তথা অংশীদাৰ তৰুণ তেজপালৰ বিৰুদ্ধে তেওঁৰ অধীনস্থ এগৰাকী সাংবাদিকে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। তেজপালৰ বিৰুদ্ধে উঠা এই অভিযোগটো সংগঠনটোৱে নিয়ন্ত্ৰণ কৰাৰ বিৰোধিতা কৰি ৰাণা আয়্যুবে তেহেলকাৰপৰা পদত্যাগ কৰে৯ আৰু স্বাধীনভাৱে কাম কৰিবলৈ লয়।১০১১১২ ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত বিশ্ববিখ্যাত ৱাশ্বিংটন পোষ্টে তেওঁক বিশ্বজনীন মতামত শাখাত অৱদানকাৰী লেখক হিচাপে নিযুক্তি দিয়ে।১৩১৪১৫১৬

ৰাণাৰ কৰ্মজীৱনৰ উল্লেখযোগ্য ঘটনাসমূহ

গুজৰাট ষ্টিং অপাৰেচন

তেহেলকাৰ সৈতে কাম কৰা এগৰাকী অনুসন্ধানকাৰী সাংবাদিক হিচাপে, ৰাণা আয়্যুবে গুজৰাটৰ ৰাজনীতিবিদ আৰু চৰকাৰী বিষয়াক ফান্দত পেলোৱাৰ লক্ষ্যৰে তেহেলকাৰ বাবে এক দীঘলীয়া ষ্টিং অপাৰেচন চলাইছিল আৰু ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ সন্দৰ্ভত প্ৰতিবেদন প্ৰকাশ কৰাৰ বাবে এটা প্ৰকল্প হাতত লৈছিল। আমেৰিকান ফিল্ম ইনষ্টিটিউটৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা মৈথিলী ত্যাগী ৰূপে নিজৰ পৰিচয় দি ৰাণাই তেওঁৰ চিকাৰসমূহৰ সৈতে বন্ধুত্ব স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল। এই ষ্টিং অপাৰেচনৰ সময়ত তেওঁ প্ৰায় দহ মাহ ছদ্মবেশত অতিবাহিত কৰিছিল আৰু লগতে তেহেলকাৰপৰা এইখিনি সময়ৰ নিয়মীয়া মাহেকীয়া দৰমহা লাভ কৰিছিল। কিন্তু কাম হৈ যোৱাৰ পিছত, তেহেলকাৰ পৰিচালনা কমিটিয়ে ব্যক্ত কৰিছিল যে, এই অনুসন্ধানৰ সময়ছোৱাত ৰাণাই কৰা ৰেকৰ্ডিঙে তেহেলকাক কোনো চাঞ্চল্যকৰ তথ্য প্ৰদান কৰা নাছিল, লগতে তেওঁ সংগ্ৰহ কৰা তথ্যসমূহো পৰ্যাপ্ত মানদণ্ডৰ নাছিল। লগতে তেওঁলোকে ইয়াকো জনায় যে, নতুন তথ্যৰ ভিত্তিত তেওঁলোকে আৰু কোনো কাহিনী প্ৰকাশ কৰিব নোৱাৰে।১৭১৮

গুজৰাট ফাইলচ: এনাটমি অৱ আ কভাৰ আপ

তেওঁৰ গুজৰাট ফাইলচ: এনাটমি অৱ আ কভাৰ আপ শীৰ্ষক গ্ৰন্থখনত আয়্যুবে গুজৰাটৰ বহু আমোলা আৰু আৰক্ষী বিষয়াৰ সৈতে হোৱা কথা-বতৰাৰ মৌখিক ৰেকৰ্ডিঙৰ প্ৰতিলিপি নথিভুক্ত কৰিছিল, যিটো এটা গোপন ৰেকৰ্ডিং সঁজুলি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছিল। ২০০২ চনৰ পিছত গুজৰাটৰ সংঘৰ্ষ আৰু আৰক্ষীৰ সংঘৰ্ষত হোৱা হত্যাকাণ্ড সন্দৰ্ভত আমোলা আৰু পুলিচ বিষয়াৰ মতামত প্ৰকাশ কৰিবলৈ এক গোপন তদন্তৰ সময়ত এই ৰেকৰ্ডিঙসমূহ কৰা হৈছিল। আয়্যুবে এই কামটো কৰি থকাৰ সময়ত নিজৰ পৰিচয় গোপন কৰিছিল আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিশ্বাসৰ প্ৰতি আদৰ্শগত সম্পৰ্ক থকা আমেৰিকান ফিল্ম ইনষ্টিটিউটৰ ছাত্ৰী মৈথিলী ত্যাগী ৰূপে নিজৰ পৰিচয় দিছিল, যাতে কোনো বাধাৰ সমুখীন নোহোৱাকৈ তেওঁ ৰেকৰ্ডিঙসমূহ কৰিবলৈ সক্ষম হয়।১৯২০২১২২২৩২৪২৫২৬

তেহেলকাৰ সৈতে বিবাদ

আয়্যুবে দাবী কৰিছিল যে, গুজৰাট এনকাউণ্টাৰ ওপৰত আঠ মাহ ধৰি চলা গোপন তদন্তৰ ফলাফল ৰূপে তেওঁ যি কাহিনী প্ৰস্তুত কৰিছিল; তৰুণ তেজপাল আৰু শোমা চৌধুৰীয়ে সেয়া বাদ দিছিল। তেওঁলোকে আয়্যুবৰ এই দাবীৰ প্ৰতিবাদ কৰি বিবাদত লিপ্ত হৈছিল। তেজপালৰ মতে, আয়্যুবৰ কাহিনীটো অসম্পূৰ্ণ আছিল আৰু চৌধুৰীৰ মতে, আয়্যুবৰ কাহিনীটোৱে প্ৰয়োজনীয় সম্পাদকীয় মানদণ্ড পূৰণ কৰা নাছিল। আয়্যুবে তেজপাল আৰু চৌধুৰীৰ দাবীৰ প্ৰতিবাদ জনাই উল্লেখ কৰিছে যে,

এই কথা মই ক’বই লাগিব যে, তেহেলকাই ষ্টৰি বাদ দিয়া বুলি প্ৰতিবাদ কৰা ময়েই একমাত্ৰ সাংবাদিক নহয়; এই তালিকাখন যথেষ্ট দীঘলীয়া……তেহেলকাৰ শোমা চৌধুৰী আৰু তৰুণ তেজপালে সম্পাদকীয় সিদ্ধান্ত আৰু ব্যৱধানৰ উদ্ধৃতি দিছিল। কিতাপখন এখন বেষ্টচেলাৰ আৰু ইয়াৰ সমলৰ বাবে ই ইতিমধ্যে আকৰ্ষণীয় পৰ্যালোচনা লাভ কৰিছে। পঢ়ুৱৈক বিচাৰক হ’বলৈ দিয়ক।

সম্বৰ্ধনা

বুৰঞ্জীবিদ ৰামচন্দ্ৰ গুহই আয়্যুবৰ গুজৰাট ফাইলচক এখন সাহসী গ্ৰন্থ বুলি অভিহিত কৰিছিল। জ্যোতি মালহোত্ৰাই উল্লেখ কৰিছে যে, বহু সাংবাদিকেই ব্যক্তিগতভাৱে গুজৰাট ফাইলচ ৰচনা কৰাৰ ক্ষেত্ৰত আয়্যুবৰ সাহসক প্ৰশংসা কৰিছে। প্ৰিয়া ৰমানীয়ে মন্তব্য কৰে এই বুলি; The abuses from the paid foot soldiers on Twitter bounce off her spiral curls smoothly.২৭ গুজৰাট ফাইলচ ৰচনা কৰাত আয়্যুবে ব্যৱহাৰ কৰা পদ্ধতিক লৈ নীলাঞ্জন মুখোপাধ্যায়ে মন্তব্য কৰিছে এই বুলি, নিজৰ পৰিচয় গোপন কৰি ভয়ংকৰ অসাংবিধানিক অভিযানৰ ভিতৰুৱা বহুতো লোকৰ সাক্ষাৎকাৰ লোৱাৰ বাবে সাহসৰ প্ৰয়োজন হয় আৰু ই অৱশ্যেই প্ৰশংসাৰ হকদাৰ। (Going undercover and interviewing many who had been in the thick of gruesome extra-constitutional operations required bravado and this must be appreciated.)২৪

গুজৰাটৰ ভুৱা এনকাউণ্টাৰৰ অভিযোগৰ ওপৰত আয়্যুবৰ তদন্তক আউটলুক আলোচনীয়ে সমগ্ৰ বিশ্বৰ সৰ্বকালৰ বিশটা শ্ৰেষ্ঠ আলোচনী-কাহিনীৰ ভিতৰত এটা হিচাপে তালিকাভুক্ত কৰিছে।২৮ ২০১৮ চনত আয়্যুবক তেওঁৰ কাম দমন কৰাৰ প্ৰচেষ্টাক প্ৰতিহত কৰাৰৰ বাবে ডাচ্চ অলাভজনক ফ্ৰী প্ৰেছ আনলিমিটেডৰ দ্বাৰা ম’ষ্ট ৰিজিলিয়েণ্ট গ্ল’বেল জাৰ্ণেলিষ্ট বঁটা প্ৰদান কৰা হৈছিল।২৯৩০

হাৰেন পাণ্ড্যা হত্যাকাণ্ডৰ গোচৰ

হাৰেন পাণ্ড্য হত্যাকাণ্ডৰ গোচৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰাণা আয়্যুবৰ কিতাপখন নাকচ কৰি কয় যে “ই অনুমানৰ ওপৰত আধাৰিত আৰু ইয়াৰ কোনো প্ৰামাণিক মূল্য নাই”।৩১৩২৩৩ আয়্যুবে আদালতৰ মন্তব্যক বিভ্ৰান্তিকৰ বুলি অভিহিত কৰি কয় যে, চি. বি. আই.য়ে তেওঁৰ কামক অন্যান্য সম্পৰ্কিত গোচৰত প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিছিল, লগতে তেওঁ উল্লেখ কৰিছিল যে, কোনো বিষয়া বা আমোলাতন্ত্ৰই তেওঁৰ দাবী অস্বীকাৰ কৰা নাছিল বা এই লৈ তেওঁক আদালতলৈ টানি নিয়া নাছিল।৩৪

পুৰস্কাৰ আৰু স্বীকৃতি

  • সৰ্বোৎকৃষ্ট সাংবাদিকতাৰ বাবে ৰাণা আয়্যুবে ২০১১ চনৰ অক্টোবৰ মাহত সংস্কৃতি বঁটা লাভ কৰিছিল।৩৫
  • ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ সময়ত ৰাজ্যৰ শীৰ্ষ বিষয়াসকলৰ স্থিতি প্ৰকাশ কৰি কৰা তেওঁৰ গোপন অনুসন্ধানৰ বাবে ৰাণা আয়্যুবক গ্লোবেল চাইনিং লাইট এৱাৰ্ডৰ ২০১৭ সংস্কৰণত Citation of Excellence ৰে ভূষিত কৰা হৈছিল।৩৬
  • অভিনেত্ৰী ৰিছা চড্ডাই ২০১৬ চনত চক্‌ এণ্ড ডাষ্টাৰ চলচ্চিত্ৰখন কৰোঁতে ৰাণা আয়্যুবৰ দ্বাৰা অনুপ্ৰাণিত হোৱা বুলি দাবী কৰিছিল। ইয়াত তেওঁ এগৰাকী সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছিল। ৩৭
  • অনলাইন আৰু অফলাইন, দুয়োক্ষেত্ৰতে নিৰ্যাতিত হোৱা আৰু মৃত্যু ভাবুকি লাভ কৰা স্বত্বেও নিজৰ কাম কৰি যোৱাৰ বাবে ফ্ৰী প্ৰেছ আনলিমিটেডে আয়্যুবক ২০১৮ চনত ম’ষ্ট ৰিজিলিয়েণ্ট জাৰ্ণেলিষ্ট বঁটা প্ৰদান কৰে।২৯
  • ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত, ইউনিভাৰচিটি অৱ জৰ্জিয়াৰ গ্ৰেডী কলেজত আয়্যুবক তেওঁৰ সাহসী সাংবাদিকতাৰ বাবে মেকগিল মেডেল প্ৰদান কৰা হৈছিল।৩৮
  • তেওঁ মুছলিম পাব্লিক এফেয়াৰ্ছ কাউন্সিল অৱ এমেৰিকাৰপৰা ২০২০ বৰ্ষৰ Voices of Courage and Conscience বঁটা লাভ কৰিছে।৩৯
  • টাইম মেগাজিনে জীৱনকালত সৰ্বাধিক ভাবুকি লাভ কৰা ১০জন বিশ্বস্তৰীয় সাংবাদিকৰ তালিকাত তেওঁৰ নাম উল্লেখ কৰিছে।৪০
  • ২০২২ চনৰ ২৮ জুনত আয়্যুবক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় প্ৰেছ ক্লাবে International John Aubuchon Award প্ৰদান কৰে।৪১

সামাজিক মাধ্যমত ভাবুকি

২০১৮ চনত, ৰাণাই টুইটাৰত একাধিক মৃত্যু আৰু ধৰ্ষণৰ ভাবুকি লাভ কৰিছিল। তেওঁৰ ব্যক্তিগত বিৱৰণ ৰাজহুৱা কৰা হৈছিল আৰু তেওঁৰ বিৰুদ্ধে এটা দীপফেক পৰ্ণগ্ৰাফিক ভিডিঅ’ মুকলি কৰা হৈছিল।৪২৪৩৪৪৪৫ একে চনৰে এপ্ৰিলত তেওঁ দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। পৰৱৰ্তী সময়ত ২০২০ চনৰ আগষ্টত গোচৰটো এইবুলি বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যে- চেষ্টা কৰা স্বত্বেও অপৰাধীসকলক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।৪৬ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে ভাৰতীয় কৰ্তৃপক্ষক অনলাইন ঘৃণা অভিযানৰ পিছত তেওঁক মৃত্যুৰ ভাবুকিৰ পৰা সুৰক্ষা দিবলৈ জৰুৰীভাৱে কাম কৰিবলৈ (এক্ট আৰ্জেণ্টলি টু প্ৰটেক্ট) আহ্বান জনাইছিল।৪৭ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক বিভাগৰ ২০২০ চনৰ মানৱ অধিকাৰ প্ৰতিবেদনত আয়্যুবে সন্মুখীন হোৱা অনলাইন ট্ৰলিং আৰু মৃত্যুৰ ভাবুকিৰ কথা বিশেষভাৱে উল্লেখ কৰা হৈছে।৪৮৪৯ এই প্ৰতিবেদনত বিশ্বজুৰি সাংবাদিকসকলৰ বিৰুদ্ধে অনলাইন আক্ৰমণৰ তথ্য প্ৰস্তুত কৰা আন্তঃৰাষ্ট্ৰীয় অলাভজনক ৰিপৰ্টাৰ্ছ ৱিদাউট বৰ্ডাৰছে আয়্যুব বিৰোধী বিদ্বেষমূলক ভাষণৰ বিষয়ে আলোচনা কৰিছিল আৰু চৰকাৰ আৰু দিল্লী আৰক্ষীক তেওঁক সুৰক্ষা দিবলৈ আহ্বান জনাইছিল।৫০৫১

তথ্যসূত্ৰ

  1. ↑ (11 November 2019). India's Supreme Court endorses right-wing vision relegating Muslims to second-class citizens. The Washington Post (newspaper)
  2. ↑ Mukhopadhyay, Nilanjan. (25 June 2016). Gujarat Files: Rana Ayyub and stinging truths. Business Standard India
  3. ↑ Ayyub, Rana. (25 May 2016). A Lone Soldier In The Field: An Excerpt From Rana Ayyub's "Gujarat Files: Anatomy Of A Cover Up". The Caravan
  4. ↑ (27 November 2019). A moment of immense joy and pride. Just discovered a list of my fathers books, digitised and sequenced on the @Rekhta website. Goosebumps
  5. ↑ (4 June 2017). Opinion: I Am A Practicing Muslim. My Concerns Right Now For India Are... NDTV.com
  6. ↑ (14 July 2014). Outrage on social media after DNA takes down article critical of Amit Shah. Times Of India
  7. ↑ PTI. (25 July 2010). Modi aide Amit Shah arrested, jailed in Sohrabuddin case. India Today
  8. ↑ Shah Khan, Saba. (27 August 2019). Investigative Journalist Pays the Price for Expose in India. VOA
  9. ↑ (26 November 2013). Tehelka scandal: Senior editor Rana Ayyub quits in protest. Firstpost.com website
  10. ↑ Rana Ayyub – Author. NDTV
  11. ↑ (31 May 2016). We didn't run Rana Ayyub's Gujarat riots story because it was incomplete: Tarun Tejpal. Firstpost
  12. ↑ Rana Ayyub. Daily News & Analysis
  13. ↑ Washington, Post. (26 September 2019). The Washington Post names Rana Ayyub Contributing Global Opinions Writer. The Washington Post
  14. ↑ Rana Ayyub joins Washington Post to write on Indian politics. The New Indian Express
  15. ↑ Scroll Staff. Journalist Rana Ayyub appointed 'Washington Post' contributor, will write about Indian politics. Scroll.in
  16. ↑ Desk, Caravan. (26 September 2019). Rana Ayyub Joins Washington Post to Write on Indian Politics. Clarion India
  17. ↑ Vijayan, Suchitra. (4 June 2016). An unfinished book. The Hindu
  18. ↑ Gujarat Files. www.goodreads.com
  19. ↑ Ayyub, Rana. (25 May 2016). How Rana Ayyub had to become Maithili Tyagi for her investigations in Gujarat. Scroll.in
  20. ↑ Ayyub, Rana. (2016). Gujarat Files: Anatomy of a Cover Up. Rana Ayub. ISBN 9781533341525
  21. ↑ (11 July 2016). Gujarat Gazetteer, By Maithili Tyagi. Outlook (magazine)
  22. ↑ (8 July 2016). On the trail of the real culprits. Frontline
  23. ↑ (4 June 2016). Book review: Gujarat Files. Mint
  24. ↑ (25 June 2016). Gujarat Files: Rana Ayyub and stinging truths. Business Standard
  25. ↑ (30 May 2016). Gujarat Files: Sting claims political pressure in Gujarat riots. Indian Express
  26. ↑ (1 July 2016). What the Silence Over Rana Ayyub's 'Gujarat Files' Tells Us. The Wire
  27. ↑ (1 September 2016). The self-publishing story of dust and dreams. Mint
  28. ↑ The 20 Greatest Magazine Stories. Outlook
  29. ↑ (2 November 2018). Free Press Awards 2018: The winners. freepressunlimited.org
  30. ↑ Shah Khan, Saba. (27 August 2019). Investigative Journalist Pays the Price for Expose in India. Voice of America
  31. ↑ Central Bureau Of Investigation vs Mohd.Parvez Abdul Kayuum on 5 July, 2019. main.sci.gov.in
  32. ↑ SC rejects NGO's plea for further probe in Haren Pandya case. www.dnaindia.com
  33. ↑ SC rejects NGO's plea for further probe in Haren Pandya case, slaps Rs 50K fine. www.outlookindia.com
  34. ↑ Ayyub, Rana. (11 July 2019). An appeal to the SC to examine the Gujarat Files tapes as evidence. The Caravan
  35. ↑ Sanskriti awards to Kashmiri writer, sarangi maestro
  36. ↑ (18 November 2017). Rana Ayyub received Citation of Excellence in Global Shining Light Award for 'Gujarat Files: Anatomy of a Coverup'. The Shahab
  37. ↑ IANS. (25 June 2015). Richa Chadha to play journalist. The Indian Express
  38. ↑ (24 February 2020). Washington Post writer Rana Ayyub awarded with McGill Medal for journalistic courage. Grady College
  39. ↑ Building a Better Normal: MPAC Virtual Gala. mpac.org
  40. ↑ (1 April 2019). Read About 10 Journalists Now Facing the 'Most Urgent' Threats to Press Freedom Around the World. Time
  41. ↑ Club, National Press. National Press Club Names Indian Journalist Rana Ayyub 2022 Aubuchon International Honoree. PR Newswire
  42. ↑ Shah Khan, Saba. (27 August 2019). Investigative Journalist Pays the Price for Expose in India · Voice of America - English. www.voanews.com
  43. ↑ (8 April 2019). Rana Ayyub on global list of journalists under threat: Abuse of those pursuing truth must be stemmed with govt action. Firstpost
  44. ↑ Chesney, Bobby; Citron, Danielle; Farid, Hany. (11 May 2020). All's Clear for Deepfakes: Think Again. Lawfare (website)
  45. ↑ Gavilan, Jodesz. (3 June 2018). India journalist gets death threats, online hate over gov't exposé. Rappler
  46. ↑ Sharma, Betwa. (7 August 2020). Delhi Police To Close Case On Violent Abuse And Threats Against Rana Ayyub. HuffPost India
  47. ↑ OHCHR · UN experts call on India to protect journalist Rana Ayyub from online hate campaign. www.ohchr.org
  48. ↑ (31 March 2021). 'Media Outlets Critical of Govt Harassed, Pressured in India': US State Department Report. The Wire
  49. ↑ INDIA 2020 HUMAN RIGHTS REPORT. US Department of State
  50. ↑ (25 July 2018). Online harassment of journalists: the trolls attack. RSF
  51. ↑ (27 April 2018). RSF urges Indian authorities to protect woman journalist · Reporters without borders. RSF

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাংবাদিকলেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাণা আয়্যুব” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৫১ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।