ম'বাইল এপ্লিকেচন
১৭ প্ৰবন্ধ
-
দিনপঞ্জী
কেলেণ্ডাৰ হৈছে সময়চক্ৰৰ হিচাব ৰখাৰ বাবে ব্যৱহৃত এক পদ্ধতি। এনে পদ্ধতিত সময়ক সাধাৰণতে দিন, সপ্তাহ, মাহ, আৰু বছৰত ভাগ কৰা হয়। প্ৰতিতো দিনক দিয়া নামক তাৰিখ বুলি জনা যায়।
-
হোৱাট্ছএপ
হোৱাট্ছএপ মেছেঞ্জাৰ (WhatsApp Messenger) এটা অ-মুক্ত উৎসৰ, একাধিক প্লে’টফৰ্মত ব্যৱহাৰ কৰিব পৰা এটা ক্ষিপ্ৰ বাৰ্তা এপ্লিকেছন। স্মাৰ্টফোনৰ এই এপ্লিকেছনটোৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে পাঠ, ছবি, ভিডিঅ’ আৰু শ্ৰাব্য মিডিয়া বাৰ্তাৰ লগতে সংযুক্ত মেপিং বৈশিষ্টৰ সহায়ত তেওঁলোকৰ অৱস্থানো পঠিয়াব পাৰে।
-
চেটজিপিটি
চেটজিপিটি (ChatGPT) অৰ্থাৎ চেট জেনেৰেটীভ প্ৰি-ট্ৰেইণ্ড ট্ৰান্সফৰ্মাৰ হৈছে অ’পেনএআই-ৰ দ্বাৰা বিকশিত আৰু ২০২২ চনৰ নৱেম্বৰ মাহত উন্মোচিত বৃহৎ ভাষা-আৰ্হিভিত্তিক চেটবট, যিয়ে ব্যৱহাৰকাৰীসকলক কোনো কথোপকথনৰ দৈৰ্ঘ্য, সজ্জা, শৈলী, ভাষা আদি পৰিচালিত কৰিবলৈ সক্ষম কৰে।
-
ৱেব ব্ৰাউজাৰ
ৱেব ব্ৰাউজাৰ হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ পৰা উপলব্ধ তথ্য সমূহ আহৰণ কৰি কম্পিউটাৰত প্ৰদৰ্শন কৰা ছফ্টৱেৰ। ব্ৰাউজাৰে আহৰিত কৰা তথ্য সমূহক ৰেণ্ডাৰিং ইঞ্জিনৰ সহায়ত বিশ্লেষণ কৰি উপযুক্ত আৰু বোধগম্য ভাবে প্ৰদৰ্শন কৰে।
-
উমং
ইউনিফাইড মোবাইল এপ্লিকেশ্যন ফৰ নিউ-এজ গভৰ্ণেন্স (UMANG) হৈছে ডিজিটেল ইণ্ডিয়া উদ্যোগৰ অধীনত গঢ়ি তোলা এটা ম’বাইল এপ। এই এপটো ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MeitY)ৰ দ্বাৰা উন্নয়ন কৰা হৈছে আৰু ই ভাৰত চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ ডিজিটেল সেৱা উদ্যোগ।
-
কেলকুলেটৰ
এটা ইলেক্ট্ৰনিক কেলকুলেটৰ হৈছে এটা লৈ ফুৰিব পৰা যন্ত্ৰ যাৰ সহায়ত গণনা কৰিব পাৰি সাধাৰণ পাটীগণিতৰ পাৰা জটিল গণিতলৈকে। প্ৰথম আৰ্দ্ধপৰিবাহী ব্যৱহাৰ কৰা ইলেক্ট্ৰনিক কেলকুলেটৰ উদ্ভাৱন কৰা হৈছিল ১৯৬০ চনত। পকেটত লৈ ফুৰিব পৰা কেলকুলেটৰ আৰম্ভ হয় ১৯৭০ চনৰ পৰা।
-
ইউটিউব মিউজিক
ইউটিউব মিউজিক (ইংৰাজী: YouTube Music) হৈছে গুগলৰ সহযোগী কোম্পানী আমেৰিকান ভিডিঅ' প্লেটফৰ্ম ইউটিউবে বিকশিত কৰা এটা সংগীত ষ্ট্ৰীমিং সেৱা। এই সেৱাটো এনে এটা আন্তঃপৃষ্ঠৰ সৈতে ডিজাইন কৰা হৈছে যিয়ে ব্যৱহাৰকাৰীসকলক একেলগে ইউটিউব ভিত্তিক ধাৰা, প্লেলিষ্ট আৰু পৰামৰ্শৰ সংগীত অডিঅ’ আৰু মিউজিক ভিডিঅ’সমূহ…
-
ক্ৰিকবাজ
ক্ৰিকবাজ হৈছে টাইমছ ইণ্টাৰনেটৰ মালিকানাধীন ৱেবছাইট। ইয়াত ক্ৰিকেট খেলৰ বাতৰি, প্ৰবন্ধ, আৰু পোনপটীয়া সম্প্ৰচাৰ থাকে — য’ত ভিডিঅ’, পাঠ্য, ভাষ্য, খেলুৱৈৰ পৰিসংখ্যা আৰু দলৰ শ্ৰেণীবিভাগ অন্তৰ্ভুক্ত। ইয়াৰ এটা ম'বাইল এপ্লিকেচনো আছে।
-
গ্ৰক (চেটবট)
গ্ৰক (Grok) হৈছে এক্সএআই-দ্বাৰা বিকশিত এটা উৎপাদনশীল কৃত্ৰিম বুদ্ধিমত্তাৰ চেটবট। ইয়াক ইলন মাস্কে তেওঁৰ দ্বাৰা সহ-প্ৰতিষ্ঠিত কোম্পানী অ’পেনএআই-ৰ চেটজিপিটি-ৰ দ্ৰুত শ্ৰীবৃদ্ধিৰ প্ৰতি সঁহাৰি জনাই এক বৃহৎ ভাষা-আৰ্হিৰ ভিত্তিত বিকশিত কৰে।
-
ডিজিলকাৰ
ডিজিলকাৰ বা ডিজিটেল লকাৰ হৈছে ভাৰত চৰকাৰৰ অন্তৰ্গত ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ (এম. ই. আই. টি. ৱাই.) ডিজিটেল ইণ্ডিয়া উদ্যোগৰ অধীনত বিকশিত কৰা আৰু প্ৰদান কৰা এক ভাৰতীয় ৰাজ্যিক মালিকানাধীন ক্লাউড ডিজিটাইজেচন সেৱা।ডিজিলকাৰে চালকৰ অনুজ্ঞাপত্ৰ, বাহনৰ পঞ্জীয়ন প্ৰমাণপত্ৰ আৰু শৈক্ষিক…
-
শ্বেয়াৰচাট
শ্বেয়াৰচাট হৈছে ভাৰতীয় ছ'চিয়েল নেটৱৰ্কিং সেৱা প্লেটফৰ্ম, ই বাংগালুৰু ভিত্তিক মহল্লা টেকৰ মালিকানাধীন। এয়া অংকুশ সচদেৱ, ভানু প্ৰতাপ সিং আৰু ফৰিদ আহছানে প্ৰতিষ্ঠা কৰিছিল আৰু ২০১৫ চনৰ ৮ জানুৱাৰীত সংগঠিত হৈছিল। শ্বেয়াৰচাট এপটোৰ ১৫টা ভাৰতীয় ভাষাত ৩৫ কোটিতকৈ অধিক মাহেকীয়া সক্ৰিয় ব্যৱহাৰকাৰী আছে।
-
ইনশ্বৰ্টছ
ইনশ্বৰ্টছ (Inshorts) হৈছে ভাৰতভিত্তিক এটা সংবাদ সংকলক আৰু বিষয়বস্তু বিতৰণ কোম্পানী। এই কোম্পানীটোৱে এটা ম’বাইল এপ প্ৰকাশ কৰে, য’ত প্ৰতিটো বাতৰি প্ৰায় ৬০টা শব্দত সংক্ষিপ্তভাৱে উপস্থাপন কৰা হয়।
-
ডেইলিহাণ্ট
ডেইলিহাণ্ট (ইংৰাজী: Dailyhunt; পূৰ্বৰ নাম নিউজহাণ্ট) হৈছে ভাৰতৰ বাংগালোৰস্থিত এটা ভাৰতীয় সমল আৰু বাতৰি সংগ্ৰাহক এপ্লিকেচন ছফ্টৱেৰ। এই এপ্লিকেচনে বিভিন্ন সমল প্ৰকাশকৰপৰা সংগ্ৰহ কৰি ১৪টা ভাৰতীয় আঞ্চলিক ভাষাত স্থানীয় বাতৰি আৰু সমল যোগান ধৰে।
-
থ্ৰেডছ এপ
থ্ৰেডছ (Threads) হৈছে মেটা কোম্পানীৰ এটা নতুন সামাজিক মাধ্যম (social media) এপ, যাক মূলত টেক্সট-ভিত্তিক আলোচনা আৰু মতামত প্ৰকাশৰ বাবে ডিজাইন কৰা হৈছে। এই এপটো ইনষ্টাগ্ৰামৰ লগত গভীৰভাৱে সংযুক্ত, আৰু ই চলাচলৰ ক্ষেত্ৰত পূৰ্বৰ টুইটাৰ(এতিয়া X)-ৰ দৰে এটা প্লেটফৰ্ম হিচাপে বিবেচিত হৈছে।
-
ফোনপে
ফোনপে হৈছে ভাৰতৰ কৰ্ণাটকৰ বেংগালুৰুত মুখ্য কাৰ্যালয় থকা ভাৰতীয় ডিজিটেল পেমেণ্ট আৰু বিত্তীয় সেৱা কোম্পানী ৷ ডিচেম্বৰ মাহত সমীৰ নিগম, আৰু বুৰ্জিন ইঞ্জিনিয়াৰে প্ৰতিষ্ঠা কৰিছিল। পেমেণ্টছ ইন্টাৰফেচৰ ওপৰত ভিত্তি কৰি ফোনপে এপটো ২০১৬ চনৰ আগষ্ট মাহত লাইভ PhonePe এপটো ১১টা ভাৰতীয় ভাষাত উপলব্ধ।
-
ভীম এপ
ভীম (BHIM; ভাৰত ইণ্টাৰফেছ ফৰ মানি) হৈছে ভাৰত চৰকাৰৰ উদ্যোগত উন্নয়ন কৰা এক ডিজিটেল পেমেণ্ট মোবাইল এপ্লিকেশ্যন, যি ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেছ (UPI) প্ৰণালীৰ ওপৰত আধাৰিত। এই এপ্লিকেশ্যনৰ সহায়ত ব্যৱহাৰকাৰীয়ে সহজে মোবাইলৰ জৰিয়তে টকা পঠিওৱা, গ্ৰহণ কৰা আৰু অনলাইন লেনদেন সম্পন্ন কৰিব পাৰে।
-
শুনো এআই
শুনো এআই বা শুনো (Suno AI) হৈছে এটা উৎপাদনশীল কৃত্ৰিম বুদ্ধিমত্তা সংগীত সৃষ্টি প্ৰগ্ৰেম, যিটো বাস্তৱিক গীত সৃষ্টি কৰিবলৈ ডিজাইন কৰা হৈছে যিয়ে কণ্ঠ আৰু বাদ্যযন্ত্ৰৰ সংমিশ্ৰণ ঘটায়।