অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এলিছ ষ্টাৰলিং হনিগ

এলিছ ষ্টাৰলিং হনিগ ( ইংৰাজী: Alice Sterling Honig; ১৯ এপ্ৰিল, ১৯২৯ – ৭ মাৰ্চ, ২০২৩) হ'ল এগৰাকী আমেৰিকান কলেজৰ অধ্যাপিকা আৰু শিশু মনোবিজ্ঞানী। তেওঁ ছাইৰাকিউজ বিশ্ববিদ্যালয়ৰ শিশু বিকাশৰ অধ্যাপিকা আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৭৪ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

এলিছ ষ্টাৰলিং হনিগ ( ইংৰাজী: Alice Sterling Honig; ১৯ এপ্ৰিল, ১৯২৯ – ৭ মাৰ্চ, ২০২৩) হ'ল এগৰাকী আমেৰিকান কলেজৰ অধ্যাপিকা আৰু শিশু মনোবিজ্ঞানী। তেওঁ ছাইৰাকিউজ বিশ্ববিদ্যালয়ৰ শিশু বিকাশৰ অধ্যাপিকা আছিল।

প্ৰাথমিক জীৱন আৰু শিক্ষা

নিউয়ৰ্ক চহৰত উইলিয়াম ষ্টাৰলিং আৰু ইডা বেণ্ডাৰ ষ্টাৰলিঙৰ কন্যা হনিগৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃ দুয়োজনেই আছিল পূব ইউৰোপৰপৰা অহা ইহুদী অনুপ্ৰৱেশকাৰী। তেওঁৰ দেউতাকে কাপোৰৰ ব্যৱসায়ত কৰ্মৰত আছিল আৰু মাক আছিল শিক্ষয়িত্ৰী। ব্ৰুকলিনৰ ইৰাছমাছ হল হাইস্কুলৰপৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছিল৷১ স্কুলীয়া শি‍ক্ষাৰ পাছত কৰ্নেল বিশ্ববিদ্যালয়ত পঢ়িছিল যদিও বিবাহপাশত আৱদ্ধ হ’বলৈ বিশ্ববিদ্যালয় এৰি গুচি যায়। পাছলৈ তেওঁ বাৰ্নাৰ্ড কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে, আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ ছাইৰাকিউজ বিশ্ববিদ্যালয়ৰ পৰা বিকাশমূলক মনোবিজ্ঞানত পি এইচ ডি ডিগ্ৰী লাভ কৰে, য'ত তেওঁ বেটী কেলডৱেলৰ স্নাতক সহায়িকা আছিল।২

কেৰিয়াৰ

হনিগ ছাইৰাকিউজ বিশ্ববিদ্যালয়ৰ শিশু বিকাশৰ অধ্যাপক আছিল,৩ বিদ্যালয়ৰ শিশু কেন্দ্ৰৰ কাৰ্যসূচী পৰিচালক, আৰু ৩০ বছৰতকৈও অধিক সময় ধৰি চিৰাকিউজৰ নেচনেল কুৱেলিটি ইনফেণ্ট/টডলাৰ কেয়াৰগিভিং ৱৰ্কশ্বপৰ পৰিচালক, যিটো গ্ৰীষ্মকালীন নিবিড় কাৰ্যসূচী আছিল।৪ তেওঁ আৰু শিশু চিকিৎসক ফ্ৰেংক অস্কিয়ে ১৯৭০ আৰু ১৯৮০ চনত কেঁচুৱা আৰু শিশুৰ আইৰণৰ অভাৱৰ বিষয়ে অধ্যয়ন কৰিছিল।৫ ১৯৭৫ চনত তেওঁ আমেৰিকাৰ শিশু বিকাশ বিশেষজ্ঞৰ এটা দলৰ অংশ হৈ চীনলৈ ক্ৰছ-কলচাৰেল অধ্যয়নৰ বাবে‍ ভ্ৰমণ কৰিবলৈ‍ গৈছিল।২ এলিছ ষ্টাৰলিং হনিগ স্নাতক গৱেষণা বঁটা বছৰি তেওঁৰ ক্ষেত্ৰৰ এগৰাকী অসাধাৰণ চিৰাকিউজৰ ছাত্ৰীক প্ৰদান কৰা হয়।২

হনিগ চিৰাকিউজ ইউনিভাৰ্চিটি অৰেটৰিঅ' ছ'চাইটিত সক্ৰিয় আছিল আৰু তেওঁৰ য়িদ্দিছ লোকগীত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোলাবিজৰ বিষয়ে ব্যাপক জ্ঞান আছিল।২ বিশেষকৈ স্তম্ভলেখক লৰেন্স কুটনাৰক৬ শিশুৰ টেলিভিছন,৭ ডাডলিং,৮ বেবীচিটাৰ,৯ বেবী জিমৰ ক্লাছ,১০ অতিৰিক্ত সময়সূচী,১১ আৰু সমনীয়াৰ হেঁচা,১২ আদি বিষয়ত তেওঁ সাক্ষাৎকাৰ আৰু মতামত দিছিল। ২০১৫ চনত বাৰ্নাৰ্ড কলেজৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ পৰা তেওঁ উইমেন অৱ এচিভমেণ্ট বঁটা লাভ কৰে।২

প্ৰকাশন

হনিগ আছিল এগৰাকী জনপ্ৰিয় লেখিকা, তেওঁৰ নামত ৬০০ৰো অধিক প্ৰবন্ধ আৰু কিতাপৰ অধ্যায় আছে।৪ নব্বৈৰ দশকলৈকে তেওঁ একাডেমিক আলোচনীত প্ৰবন্ধ প্ৰকাশ কৰি আছিল।১৩ হনিগ আৰলি চাইল্ড ডেভেলপমেণ্ট এণ্ড কেয়াৰৰ সহযোগী সম্পাদক আছিল আৰু ইয়ং চিলড্ৰেনৰ পৰ্যালোচনা অংশ সম্পাদনা কৰিছিল।১৪ হনিগৰ কিতাপসমূহৰ ভিতৰত আছে:

  • Parent Involvement in Early Childhood Education (1975)১৫
  • Optimizing Early Child Care and Education (1990)১৬
  • Talking with Your Baby: Family as the First School (1996, with Holly Brophy)১৭
  • Secure Relationships: Nurturing Infant/toddler Attachment in Early Care Settings (2002)১৮
  • Little Kids, Big Worries: Stress-Busting Tips for Early Childhood Classrooms (2009)১৯
  • The Best for Babies: Expert Advice for Assessing Infant-Toddler Programs (2014)২০
  • Experiencing Nature with Young Children (2015)২১
  • Literacy, Storytelling and Bilingualism in Asian Classrooms (2018)২২
  • Day-to-Day the Relationship Way: Creating Responsive Programs for Infants and Toddlers (2020, with Donna Wittmer)২৩

ব্যক্তিগত জীৱন

এলিছ ষ্টাৰলিঙে চিৰাকিউজৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আৰ্নল্ড হনিগৰ সৈতে‍ বিবাহপাশত আৱদ্ধ হয়৷ তেওঁলোকৰ তিনিটা সন্তান ক্ৰমে - লৰেন্স, মেডেলিন আৰু জনাথন।২৪২৫ পাছলৈ তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।২৬২৫ তেওঁৰ দীৰ্ঘদিনীয়া সংগী আৰ্থাৰ বি কোমাৰো আছিল পদাৰ্থ বিজ্ঞানৰ অধ্যাপক; ২০১১ চনত তেওঁৰ মৃত্যু হয়।(এক অস্বাভাৱিক পাৰিবাৰিক ব্যৱস্থাত তেওঁৰ প্ৰাক্তন স্বামীয়ে কোমাৰৰ প্ৰাক্তন পত্নীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।)২৭

২০২৩ চনত ৯৩ বছৰ বয়সত মিচিগানত এলিছ ষ্টাৰলিং হনিগৰ মৃত্যু হয়।২ তেওঁৰ জোঁৱায়েক ৰিচাৰ্ড লেনস্কি মিচিগান ষ্টেট ইউনিভাৰ্চিটিৰ বিৱৰ্তনশীল জীৱবিজ্ঞানী।২৫

তথ্যসূত্ৰ

  1. ↑ Komar, Arthur B. SRCD Oral History Interview with Alice Sterling Honig (February 19, 1994)
  2. ↑ Roopnarine, Jaipaul; Krishnakumar, Ambika. (April 5, 2023). A Giant in Her Field. Falk College, Syracuse University
  3. ↑ Gallagher, Pam. (1977-07-21). Children Never Too Young to Learn. Asbury Park Press. পৃ. 37
  4. ↑ Alice Sterling Honig, PhD. Gryphon House
  5. ↑ Honig, Alice Sterling; Oski, Frank A. (1984-01-01). Solemnity: A clinical risk index for iron deficient infants. Early Child Development and Care. পৃ. 69–83
  6. ↑ Kutner, Lawrence. (1991-06-16). Child's affection source of rivalry. The Tennessean. পৃ. 62
  7. ↑ Moss, Meredith. (2004-04-12). Tot Television. Dayton Daily News. পৃ. 29
  8. ↑ Kutner, Lawrence. (1993-10-20). Daytime angel, evening imp. Clarion-Ledger. পৃ. 41
  9. ↑ Kutner, Lawrence. (1993-06-13). Changing Lifestyles Change Baby Sitting Scene. Rutland Daily Herald. পৃ. 40
  10. ↑ Churchman, Deborah. (1984-02-20). Researchers Question Benefits of Education Classes for Tots. The Palm Beach Post. পৃ. 24
  11. ↑ Kutner, Lawrence. (1992-11-08). Stressed kids need time for themselves; Well-meaning parents plan too much. The Cincinnati Enquirer. পৃ. 143
  12. ↑ (1996-02-05). A child needs confidence to resist peer pressure. Star Tribune. পৃ. 35
  13. ↑ Honig, Alice Sterling. (2022-09-10). Essentials for excellence in quality early child care. Early Child Development and Care. পৃ. 1940–1951
  14. ↑ (June 14, 2023). A Tribute to Alice Sterling Honig. NAEYC
  15. ↑ Honig, Alice S. (1975). Parent Involvement in Early Childhood Education. National Association for the Education of Young Children. ISBN 978-0-912674-44-5
  16. ↑ Honig, Alice Sterling. (1990). Optimizing Early Child Care and Education. Taylor & Francis. ISBN 9782881247699
  17. ↑ Honig, Alice Sterling; Brophy, Hollly. (1996). Talking with Your Baby: Family As the First School. Syracuse University Press. ISBN 9780815603559
  18. ↑ Honig, Alice S. (2002). Secure Relationships: Nurturing Infant/toddler Attachment in Early Care Settings. National Association for the Education of Young Children. ISBN 978-1-928896-03-6
  19. ↑ Honig, Alice. (2009). Little Kids, Big Worries: Stress-Busting Tips for Early Childhood Classrooms. Brookes Publishing Company. ISBN 9781598570618
  20. ↑ Honig, Alice Sterling. (2014). The Best for Babies: Expert Advice for Assessing Infant-Toddler Programs. Gryphon House. ISBN 9780876595541
  21. ↑ Honig, Alice Sterling. (2014). Experiencing Nature with Young Children. National Association for the Education of Young Children. ISBN 9781938113079
  22. ↑ Honig, Alice Sterling. (2018-01-12). Literacy, Storytelling and Bilingualism in Asian Classrooms. Taylor & Francis Group. ISBN 978-1-138-50262-8
  23. ↑ Honig, Alice Sterling; Wittmer, Donna. (2020). Day to Day the Relationship Way: Creating Responsible Programs for Infants and Toddlers. National Association for the Education of Young Children. ISBN 9781938113550
  24. ↑ (2009). 'Spend Your Whole Life Learning and Giving!' An interview with Alice Sterling Honig. ECRP. Vol 11 No 2
  25. ↑ (2012-02-06). Arnold Honig, Syracuse University physics icon, dead at 83
  26. ↑ (2012). Arnold Honig Obituary. Syracuse Post Standard, via Legacy.com
  27. ↑ (2011). Arthur Komar Obituary. Syracuse Post Standard, via Legacy.com

সম্পৰ্কিত শ্ৰেণী

মনোবিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিছ ষ্টাৰলিং হনিগ” প্ৰবন্ধৰ সংশোধন ৬৩১১৩৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।