অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জিন পিয়াজে

জিন উইলিয়াম ফ্ৰীটজ পিঁয়াজে (ইংৰাজী: Jean William Fritz Piaget; ৯ আগষ্ট ১৮৯৬ – ১৬ ছেপ্টেম্বৰ ১৯৮০) আছিল এজন ছুইছ মনোবিজ্ঞানী, যি শিশুৰ বিকাশ সম্পৰ্কীয় গৱেষণাৰ বাবে সৰ্বত্ৰ পৰিচিত।

হালনাগাদ: ১৮ জুলাই ২০২৬ ২০১ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

জিন উইলিয়াম ফ্ৰীটজ পিঁয়াজে (ইংৰাজী ভাষা: Jean William Fritz Piaget; ৯ আগষ্ট ১৮৯৬ – ১৬ ছেপ্টেম্বৰ ১৯৮০) আছিল এজন ছুইছ মনোবিজ্ঞানী, যি শিশুৰ বিকাশ সম্পৰ্কীয় গৱেষণাৰ বাবে সৰ্বত্ৰ পৰিচিত। পিঁয়াজেৰ জ্ঞানাত্মক বিকাশৰ তত্ত্ব আৰু জ্ঞানতাত্ত্বিক দৃষ্টিভংগীক একেলগে “জেনেটিক জ্ঞানতত্ত্ব” (genetic epistemology) বুলি কোৱা হয়।১

পিঁয়াজেই শিশুৰ শিক্ষাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় শিক্ষা ব্যুৰোৰ সঞ্চালক হিচাপে তেওঁ ১৯৩৪ চনত ঘোষণা কৰিছিল যে "কেৱল শিক্ষাইহে আমাৰ সমাজক হ’ব পৰা সম্ভাৱ্য পতনৰপৰা ৰক্ষা কৰিবলৈ সক্ষম, সেয়া হিংসাত্মক ধৰণেই হওক বা ক্ৰমান্বয়ে হওক।" ২ তেওঁৰ শিশু বিকাশৰ তত্ত্ব শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীসমূহত অধ্যয়ন কৰা হয়। বৰ্তমান সময়তো প্ৰাৰম্ভিক শৈশৱকালীন শিক্ষাৰ ক্ষেত্ৰত কাম কৰা শিক্ষাবিদ আৰু তত্ত্ববিদসকলে গঠনবাদ-আধাৰিত কৌশলসমূহ প্ৰয়োগ কৰি আহিছে।

পিঁয়াজেই ১৯৫৫ চনত জেনেভা বিশ্ববিদ্যালয়ত কৰ্মৰত অৱস্থাত জেনেভাত আন্তঃৰাষ্ট্ৰীয় জেনেটিক জ্ঞানতত্ত্ব কেন্দ্ৰ প্ৰতিষ্ঠা কৰে আৰু ১৯৮০ চনত মৃত্যুৰ আগলৈকে এই কেন্দ্ৰটো পৰিচালনা কৰে।৩৪ ইয়াৰ প্ৰতিষ্ঠাৰ ফলত গঢ়ি উঠা সহযোগিতা আৰু ইয়াৰ প্ৰভাৱৰ বাবে পাণ্ডিত্যপূৰ্ণ সাহিত্যত এই কেন্দ্ৰটোক “পিঁয়াজেৰ কাৰখানা” (Piaget's factory) বুলিও অভিহিত কৰা হয়।৫

আৰ্নষ্ট ভন গ্লাচাৰ্ছফেল্ডৰ মতে, পিঁয়াজে আছিল "জ্ঞান আহৰণৰ গঠনবাদী তত্ত্বৰ এজন মহান পথ-প্ৰদৰ্শক।" ৬ ১৯৬০-ৰ দশকত তেওঁৰ ধাৰণাসমূহ ব্যাপকভাৱে জনপ্ৰিয় হৈ পৰিছিল।৭ ইয়াৰ ফলস্বৰূপে মনোবিজ্ঞানত বিকাশৰ অধ্যয়ন এক অন্যতম প্ৰধান শাখা হিচাপে আত্মপ্ৰকাশ কৰে।৮ ২০ শতিকাৰ শেষৰফালে, বি. এফ. স্কীনাৰৰ পিছতে তেওঁ সৰ্বাধিক উদ্ধৃত হোৱা মনোবিজ্ঞানী হিচাপে দ্বিতীয় স্থান লাভ কৰিছিল।৯

তথ্যসূত্ৰ

  1. ↑ Jean Piaget's Theory and Stages of Cognitive Development, by Saul McLeod, Simply Psychology, updated 2018
  2. ↑ Munari, Alberto. (1994). Jean Piaget. Prospects: The Quarterly Review of Comparative Education. পৃ. 311–327
  3. ↑ Ratcliff, Marc J.; Tau, Ramiro. (2019-04-29). A networking model. The case of the International Center for Genetic Epistemology. Estudos e Pesquisas Em Psicologia. পৃ. 1215–1238
  4. ↑ About Piaget. Jean Piaget Society
  5. ↑ Burman, J. T. (2012). Jean Piaget: Images of a life and his factory. History of Psychology. পৃ. 283–288
  6. ↑ von Glasersfeld, E. (1990). An exposition of constructivism: Why some like it radical. Journal for Research in Mathematics Education: Monograph. পৃ. 19–29 & 195–210 [22] (p. 22)
  7. ↑ Hsueh, Y. (2009). Piaget in the United States, 1925–1971. In U. Müller, J. I. M. Carpendale & L. Smith (Eds.), The Cambridge Companion to Piaget (pp. 344–370). Cambridge, UK: Cambridge University Press. Müller, U., Burman, J. T., & Hutchinson, S. (2013). The developmental psychology of Jean Piaget: A quinquagenary retrospective. Journal of Applied Developmental Psychology. পৃ. 52–55
  8. ↑ Pickren, W. E. (2012). Joseph McVicker Hunt: Golden age psychologist. In W. E. Pickren, D. A. Dewsbury, & M. Wertheimer (Eds.), Portraits of Pioneers in Developmental Psychology (pp. 185–203). New York: Psychology Press/Taylor & Francis
  9. ↑ Haggbloom, Steven J.; Warnick, Renee; Warnick, Jason E. (2002). The 100 most eminent psychologists of the 20th century. Review of General Psychology. পৃ. 139–152

সম্পৰ্কিত শ্ৰেণী

মনোবিজ্ঞানীছুইজাৰলেণ্ডৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিন পিয়াজে” প্ৰবন্ধৰ সংশোধন ৬১৮০৪৪ (১৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।