অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাণী চেটাৰ্জী

সবিহা শ্বেখ (জন্ম: ৩ নৱেম্বৰ ১৯৮৯, পেছাগতভাৱে ৰাণী চেটাৰ্জী নামে পৰিচিত) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ ভোজপুৰী চলচ্চিত্ৰ জগতত কাম কৰে। তেওঁ ভোজপুৰী চলচ্চিত্ৰ জগতৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।

হালনাগাদ: ৯ ফেব্ৰুৱাৰী ২০২৬ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

সবিহা শ্বেখ (জন্ম: ৩ নৱেম্বৰ ১৯৮৯, পেছাগতভাৱে ৰাণী চেটাৰ্জী নামে পৰিচিত) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ ভোজপুৰী চলচ্চিত্ৰ জগতত কাম কৰে।১ তেওঁ ভোজপুৰী ভাষা চলচ্চিত্ৰ জগতৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।২

ৰাণী চেটাৰ্জীয়ে ২০০৪ চনত মুক্তি পোৱা ভোজপুৰী চলচ্চিত্ৰ সাসুৰা বড়া পইসাৱালাৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে। এই চলচ্চিত্ৰখন এতিয়ালৈকে সৰ্বাধিক উপাৰ্জন কৰা ভোজপুৰী চলচ্চিত্ৰ হিচাপে পৰিগণিত। তেওঁ পাঁচবাৰ ভোজপুৰী চলচ্চিত্ৰ বঁটা আৰু তিনিবাৰ আন্তঃৰাষ্ট্ৰীয় ভোজপুৰী চলচ্চিত্ৰ বঁটা লাভ কৰিছে।৩

তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত সীতা (২০০৭), দেৱৰা বড়া সটাৱেলা (২০১০), গংগা যমুনা সৰস্বতী (২০১২), নাগিন (২০১৩), ৰাণী নং ৭৮৬ (২০১৩), দৰিয়া দিল (২০১৪), ৰাণী বনল জ্বালা (২০১৫), ঘৰৱালী বাহৰৱালী (২০১৬), ৰিয়েল ইণ্ডিয়ান মাদাৰ (২০১৬), ৰাণী ৱেড্‌ছ ৰাজা (২০১৯) আৰু লেডী সিংঘম (২০২২) উল্লেখযোগ্য।৪

তেওঁ ২০২০ চনত ৱেব ধাৰাবাহিক মস্তৰামৰ জৰিয়তে ডিজিটেল মাধ্যমত আত্মপ্ৰকাশ কৰে আৰু ২০২৩ চনত টেলিভিছন ধাৰাবাহিক মস্ত মৌলীৰ জৰিয়তে টেলিভিছনত আত্মপ্ৰকাশ কৰে।৫

প্ৰাৰম্ভিক জীৱন

ৰাণী চেটাৰ্জীৰ জন্ম ৩ নৱেম্বৰ ১৯৮৯ তাৰিখে এটা মুছলমান পৰিয়ালত সবিহা শ্বেখ নামে হৈছিল।৬ তেওঁ মুম্বাইত জন্মগ্ৰহণ কৰি তাতেই ডাঙৰ-দীঘল হয়।৭

২০০৪ চনত সাসুৰা বড়া পইসাৱালা চলচ্চিত্ৰৰ শ্বুটিঙৰ সময়ত মন্দিৰত নাম প্ৰকাশ পোৱাত সমস্যা হ’ব পাৰে বুলি ভাবি পৰিচালকে তেওঁক “ৰাণী চেটাৰ্জী” নামটো ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছিল। এই নামটোৰে তেওঁ পৰৱৰ্তী সময়ত বিশেষ খ্যাতি লাভ কৰে।৮

কৰ্মজীৱন

২০০৩ চনত ভোজপুৰী পাৰিবাৰিক চলচ্চিত্ৰ সাসুৰা বড়া পইসাৱালাত মনোজ তিৱাৰীৰ বিপৰীতে অভিনয় কৰি তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে।৯ পিছলৈ তেওঁ বহু সফল চলচ্চিত্ৰত অভিনয় কৰে আৰু ২০১০ চনত দেৱৰা বড়া সটাৱেলা চলচ্চিত্ৰৰ বাবে সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে।১০

মিডিয়া প্ৰতিচ্ছবি

মিডিয়াত ৰাণী চেটাৰ্জীক ভোজপুৰী চলচ্চিত্ৰ জগতৰ আটাইতকৈ জনপ্ৰিয় আৰু সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰীসকলৰ ভিতৰত এগৰাকী বুলি ধৰা হয়।১১ ইনষ্টাগ্ৰামত তেওঁক ২০ লক্ষাধিক লোক অনুসৰণ কৰে।১২

তথ্যসূত্ৰ

  1. ↑ Bhojpuri queen Rani Chatterjee chills on a beach in black swimsuit. Times of India
  2. ↑ (19 April 2018). Amrapali Dubey is highest paid Bhojpuri actress. India Today
  3. ↑ (29 October 2018). भोजपुरी सिनेमा की सबसे ज्यादा कमाई करने वाली फिल्में. Navbharat Times
  4. ↑ Rani Chatterjee Filmography. Bollywood Hungama
  5. ↑ (14 February 2023). रानी चटर्जी ने Valentine day पर 'ठाकुर साहब' की लगा दी क्लास. India TV Hindi
  6. ↑ (7 June 2020). सबिहा से कैसे बनीं रानी चटर्जी. Hindustan
  7. ↑ (6 October 2013). Biography. Times of India
  8. ↑ (5 June 2020). मंदिर की उस घटना ने सबीहा शेख को बना दिया रानी चटर्जी. Jansatta
  9. ↑ (19 February 2020). वो भोजपुरी फिल्म जिसने चमका दिये मनोज तिवारी के सितारे. Jansatta
  10. ↑ (29 December 2013). Rani Chatterjee is actress of the year. Times of India
  11. ↑ Top actresses who rule the Bhojpuri industry. The Times of India
  12. ↑ Most followed Bhojpuri actresses on Instagram. Navbharat Times

সম্পৰ্কিত শ্ৰেণী

ভোজপুৰী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাণী চেটাৰ্জী” প্ৰবন্ধৰ সংশোধন ৫৭৫৯০৯ (৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।