জাৰোৱা (Jarawa, Järawa, Jarwa) বা অং (জাৰোৱা: Aong, ১) ভাৰতৰ আন্দামান দ্বীপপুঞ্জৰ এটা আদিবাসী আন্দামানীয়া জাতি। তেওঁলোক দক্ষিণ আন্দামান দ্বীপ আৰু মধ্য আন্দামান দ্বীপত থাকে আৰু বৰ্তমানে তেওঁলোকৰ সংখ্যা ২৫০ৰ পৰা ৪০০গৰাকী। বাহিৰা লোকৰ লগত তেওঁলোকৰ ভাব-বিনিময় নেওচা আৰু তেওঁলোকৰ সমাজ, সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে ভালদৰে জানিব পৰা যোৱা নাই।
জাৰোৱা সকলে ভাৰতত আদিবাসী বুলি স্বীকৃতি পাইছে। বাকী আন্দামানীয়া লোকৰ লগতে জাৰোৱা সকলো বহু হেজাৰ বছৰৰ পৰা দ্বীপবিলাকত থাকি আছে। বহু আগৰে পৰা বাহিৰা মানুহে আন্দামান দ্বীপপুঞ্জৰ কথা জানিছিল যদিও খুব শেহতীয়াকৈহে বাহিৰা লোক তেওঁলোকৰ ওচৰলৈ কেতিয়াবা যোৱা হৈছিল আৰু এই সম্পৰ্কবোৰ স্থায়ী হৈ পৰিছে। তেওঁলোকৰ ইতিহাসৰ বেছিভাগ কালত তেওঁলোকৰ সম্পৰ্ক অকল বাকী আন্দামানীয়া লোকৰ লগতহে আছিল। বহু দশকত এই জাতিটোৰ লগত সম্পৰ্ক বৰকৈ কমিছিল।
জাৰোৱাসকলে এতিয়া বিলুপ্ত হোৱা জাঙিল জাতিক তেওঁলোকক জন্মদিয়া জাতি বুলি মানিছিল, আৰু তেওঁলোকৰ পৰা কেইবা শতিকা বা হেজাৰ বছৰৰ আগতে জাৰোৱাসকল বেলেগ হৈছিল (যদিও পিছলৈ জাৰোৱা সকলৰ সংখ্যা জাঙিলসকলতকৈ বেছি হৈ গৈছিল আৰু জাঙিলসকলৰ বিলুপ্তিৰ পিছতো জীয়াই আছে) বুলি কিছুমান ইংগিত দেখা যায়।২ জাঙিলসকল (যাক ৰুটলেণ্ড দ্বীপৰ আকা-বেয়াও বোলে) ১৯৩১লৈ বিলুপ্ত হৈ গৈছিল বুলি ধাৰণা কৰা হৈছে।৩
জাৰোৱাসকলক ভাৰতত অনুসূচীত জনজাতি বুলি অভিহিত কৰা হয়।৪
তথ্যসূত্ৰ
- ↑ Kumar, Pramod. (2012). Descriptive and Typological study of Jarawa. Jawaharlal Nehru University
- ↑ Maurice Vidal Portman. (1898). Notes on the Languages of the South Andaman Group of Tribes. Office of the Superintendent of Government Printing, Government of India
- ↑ George van Driem. (2001). Languages of the Himalayas: An Ethnolinguistic Handbook of the Greater Himalayan Region: Containing an Introduction to the Symbiotic Theory of Language. BRILL. ISBN 90-04-12062-9
- ↑ List of notified Scheduled Tribes. Census India. পৃ. 27
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাৰোৱা জাতি” প্ৰবন্ধৰ সংশোধন ৫২২৬৭১ (৮ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।