ভাৰতীয় মহিলা কৰিঅ'গ্ৰাফাৰ
১৪ প্ৰবন্ধ
-
চন্দ্ৰলেখা (নৃত্যশিল্পী)
চন্দ্ৰলেখা প্ৰভুদাস পেটেল (Chandralekha Prabhudas Patel; ৬ ডিচেম্বৰ ১৯২৮ – ৩০ ডিচেম্বৰ ২০০৬) ভাৰতৰ এগৰাকী নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ, যাক সাধাৰণতে চন্দ্ৰলেখা নামেৰে জনা যায়। তেওঁ ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী বল্লভভাই পেটেলৰ ভতিজী আছিল।
-
গায়ত্ৰী গোবিন্দ
গায়ত্ৰী গোবিন্দ ( Gayathri Govind ) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ, অভিনেত্ৰী আৰু ২০০৮ চনত এছিয়ানেটৰ ভোডাফোন ঠাকাদিমিৰ বিজয়ী। তেওঁ ভাৰতনাট্যম, মোহিনীঅট্টম, কুচিপুড়ী, অট্টনমথুল্লাল, কথাকলী, কথক আৰু কেৰালনাদনমৰ প্ৰশিক্ষণপ্ৰাপ্ত।
-
গীতাঞ্জলি লাল
গীতাঞ্জলি লাল ( Geetanjali Lal; জন্ম: গীতাঞ্জলি দেশাই; ৫ নৱেম্বৰ ১৯৪৮) এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ। কথকৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা সেৱাৰ বাবে ২০০৭ চনত তেওঁক সংগীত নাটক একাডেমী বঁটাৰে পুৰস্কৃত কৰা হয়।
-
গৌৰী জোগ
গৌৰী জোগ ( Gauri Jog ) চিকাগোৰ এগৰাকী কথক নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ আৰু গৱেষক পণ্ডিত। লক্ষ্ণৌ আৰু জয়পুৰ ঘৰনাৰ প্ৰতিনিধি হিচাপে গণ্য কৰা জোগে কথক নৃত্যৰ অনুশীলন কৰি আহিছে। তেওঁৰ সৃষ্টিসমূহৰ ভিতৰত আছে কৃষ্ণ লীলা, শকুন্তলা, ঝান্সী কী ৰাণী, কথক যাত্ৰা, পূব মিলে পশ্চিম, ফায়াৰ- দ্য ফিয়েৰী টেল আদি।
-
তনুশ্ৰী শংকৰ
তনুশ্ৰী শংকৰ ( Tanusree Shankar; জন্ম: ১৬ মাৰ্চ ১৯৫৬) এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ। তেওঁৰ ঘৰ ভাৰতৰ কলকাতাত ঘৰ। ১৯৭০ আৰু ১৯৮০ দশকত আনন্দ শংকৰ চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছৰ এগৰাকী আগশাৰীৰ নৃত্যশিল্পী আছিল। ইয়াৰ উপৰিও তেওঁ দ্য নেমছেক আদি বিভিন্ন ছবিত অভিনয় কৰিছিল।
-
পদ্মিনী চেট্টুৰ
পদ্মিনী চেট্টুৰ ( Padmini Chettur; জন্ম: ১৯৭০) এগৰাকী ভাৰতীয় সমকালীন নৃত্যশিল্পী আৰু চন্দ্ৰলেখাৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত কৰিঅ’গ্ৰাফাৰ। তেওঁ ভাৰতৰ চেন্নাইত নিজাকৈ নৃত্য কোম্পানী "পদ্মিনী চেত্তুৰ ডাঞ্চ কোম্পানী" চলায়।
-
প্ৰতিভা প্ৰহ্লাদ
প্ৰতিভা প্ৰহ্লাদ ( Prathibha Prahlad; জন্ম: ১৯৬২) এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী, শিক্ষাবিদ, কৰিঅ’গ্ৰাফাৰ, কলা প্ৰশাসক, আৰু লেখিকা। তেওঁ দিল্লী আন্তঃৰাষ্ট্ৰীয় কলা মহোৎসৱৰ প্ৰতিষ্ঠাপক পৰিচালক আছিল।
-
ফুলৱা কৰ্মকাৰ
ফুলৱা খামকাৰ ( Phulwa Khamkar; জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৭৪) এগৰাকী ভাৰতীয় কৰিঅ’গ্ৰাফাৰ আৰু নৃত্যশিল্পী, যিয়ে বলীউড আৰু মাৰাঠী ছবিত কাম কৰে। তেওঁ ১৯৯৭ চনৰ ভাৰতৰ প্ৰথম ডান্স ৰিয়েলিটি শ্ব' বুগী ৱুগী, ছিজন ১ৰ বিজয়ী আৰু ২০১৩ চনৰ ডান্স ইণ্ডিয়া ডান্স ছুপাৰ মমছৰ ৫ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ অন্যতম আছিল।
-
বৰ্তিকা ঝা
বৰ্তিকা ঝা ( Vartika Jha; জন্ম: ৮ এপ্ৰিল ২০০০) এগৰাকী ভাৰতীয় কৰিঅ’গ্ৰাফাৰ, নৃত্যশিল্পী, আৰু অভিনেত্ৰী। তেওঁ ২০১৮ চনৰ ষ্টাৰ প্লাছৰ ডান্স ৰিয়েলিটি শ্ব' ডান্স প্লাছ, ৪ৰ্থ ছিজনৰ প্ৰতিযোগী আৰু ৰানাৰ্ছ আপ আছিল।
-
মাদ্দালী উষা গায়ত্ৰী
মাদ্দালী উষা গায়ত্ৰী ( Maddali Usha Gayatri; জন্ম: মল্লাৱৰাপু; ২৬ এপ্ৰিল ১৯৫৫) অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যৰ এগৰাকী কুচিপুড়ি কলাকাৰ, নৃত্যশিল্পী, গুৰু আৰু কৰিঅ’গ্ৰাফাৰ। তেওঁ হামছা বঁটা (বৰ্তমান কলাৰত্ন বুলি কোৱা হয়) আৰু সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছে।
-
মানসী অগ্ৰৱাল
মানসী অগ্ৰৱাল ( Mansi Aggarwal; জন্ম: ১০ জুন ১৯৮৪) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, লেখিকা, প্ৰযোজক আৰু নৃত্য পৰিচালক, যিয়ে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত চলচ্চিত্ৰ ৰচনা, পৰিচালনা, চলচ্চিত্ৰ নিৰ্মাণ আৰু কৰিঅ’গ্ৰাফী কৰিছে।
-
মীনাক্ষী চিত্তৰঞ্জন
মীনাক্ষী চিত্তৰঞ্জন ( Meenakshi Chitharanjan ) ভাৰতীয় শাস্ত্ৰীয় নৃত্যংগনা, শিক্ষিকা আৰু কৰিঅ’গ্ৰাফাৰ, যাক শাস্ত্ৰীয় নৃত্য ভাৰতনাট্যমৰ পণ্ডানল্লুৰ শৈলীৰ প্ৰতিষ্ঠাপক হিচাপে পৰিচিত। তেওঁ ভাৰতনাট্যমৰ প্ৰচাৰ আৰু পণ্ডানল্লুৰ পৰম্পৰা ৰক্ষাৰ বাবে প্ৰয়াস কৰা কলাদিক্ষা নামৰ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক।
-
সুচেতা ভিড়ে চাপেকৰ
সুচেতা ভিদে চাপেকাৰ ( Sucheta Bhide Chapekar; জন্ম: ৬ ডিচেম্বৰ ১৯৪৮) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ। তেওঁ ভাৰতনাট্যমৰ এগৰাকী গুৰু। শাস্ত্ৰীয় নৃত্যৰ শিক্ষা আৰু প্ৰসাৰৰ সৈতে জড়িত ন্যাস "কলাবৰ্ধিনী"ৰ প্ৰতিষ্ঠাপক, য'ত তেওঁ ভাৰতনাট্যমৰ শিক্ষাও দিয়ে।
-
ৰীলা হোতা
ৰীলা হোতা ( Reela Hota; ରୀଲା ହୋତା) এগৰাকী ওডিচি নৃত্যাংগনা, গুৰু আৰু কৰিঅ’গ্ৰাফাৰ। যোগ গুৰু বিজয়লক্ষ্মী হোটা আৰু প্ৰাক্তন আমোলা পূৰ্ণচন্দ্ৰ হোতাৰ কন্যা ৰীলা সৰুৰে পৰা নৃত্য, যোগ আৰু আশ্ৰম জীৱনৰ সৈতে পৰিচিত আছিল।