মীনাক্ষী চিত্তৰঞ্জন ( Meenakshi Chitharanjan ) ভাৰতীয় শাস্ত্ৰীয় নৃত্যংগনা, শিক্ষিকা আৰু কৰিঅ’গ্ৰাফাৰ, যাক শাস্ত্ৰীয় নৃত্য ভাৰতনাট্যমৰ পণ্ডানল্লুৰ শৈলীৰ প্ৰতিষ্ঠাপক হিচাপে পৰিচিত।১ তেওঁ ভাৰতনাট্যমৰ প্ৰচাৰ আৰু পণ্ডানল্লুৰ পৰম্পৰা ৰক্ষাৰ বাবে প্ৰয়াস কৰা কলাদিক্ষা নামৰ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক। চোক্কালিংগম পিল্লাই আৰু চুব্বাৰায় পিল্লাই পিতৃ-পুত্ৰ যুটীৰ শিষ্যা,২ মীনাক্ষীয়ে তামিলনাডু চৰকাৰৰ কলাইমামণি বঁটা আৰু শ্ৰীপাৰ্থসাৰথি স্বামী সভাৰ নাট্য কলা সাৰথিকে ধৰি কেইবাটাও সন্মান লাভ কৰিছে।৩ ভাৰত চৰকাৰে শাস্ত্ৰীয় নৃত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০০৮ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৪
বাহ্যিক সংযোগ
- (21 October 2014). Bharatanatyam Pushpanjali. ইউটিউব video. Julia Pop
তথ্যসূত্ৰ
- ↑ (17 March 2009). Profile: Meenakshi Chitharanjan. Lokvani
- ↑ (31 October 2014). The king was captivated and…. The Hindu
- ↑ (13 February 2014). Life’s dancing lessons. The Hindu
- ↑ (2016). Padma Awards. Ministry of Home Affairs, Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীনাক্ষী চিত্তৰঞ্জন” প্ৰবন্ধৰ সংশোধন ৪৮৭০৯১ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।