ভাৰতীয় নাৰীবাদী চলচ্চিত্ৰ
৩৮ প্ৰবন্ধ
-
বাজাৰ (১৯৮২ চনৰ ছবি)
বজাৰ হ'ল১৯৮২ চনত নিৰ্মিত সাগৰ সাৰহাদীৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ নাট্য ছবি৷ উপসাগৰীয় অঞ্চলৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে এগৰাকী কণমানি ছোৱালীক ধনী প্ৰবাসী ভাৰতীয়ক বিক্ৰী কৰাৰ ট্ৰেজেডীৰ মাজেৰে ভাৰতৰ হায়দৰাবাদত পৰিৱেশিত ছবিখনে ভাৰতত কইনা ক্ৰয়ৰ বিষয়টোক উজ্জ্বল কৰি তুলিছে।
-
বিউটিফুল (২০২০ চনৰ চলচ্চিত্ৰ)
বিউটিফুল: এন অ'ড টু ৰংগীলা ২০২০ চনৰ ভাৰতীয় হিন্দী-ভাষাৰ ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ, যি অগস্ত্য মঞ্জুৱে পৰিচালনা কৰিছিল আৰু নৰেশ কুমাৰ টি.য়ে প্ৰযোজনা কৰিছিল। চলচ্চিত্ৰখনত নয়না গাংগুলী, কে. কে. বিনোজী, আৰু পাৰ্থ সূৰীয়ে মুখ্য ভূমিকা নিভাইছিল।
-
মা বেটী
মা বেটী হ'ল ১৯৮৬ চনৰ ভাৰতীয় পাৰিবাৰিক নাট্য চলচ্চিত্ৰ। বলীউডৰ এইখন চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে শশী কাপুৰ, শৰ্মিলা ঠাকুৰ, তনুজা আৰু মীনাক্ষী শেশাদ্ৰীয়ে।
-
মোহিনিয়াত্তম (চলচ্চিত্ৰ)
মোহিনিয়াত্তম (Mohiniyattam) হৈছে শ্ৰীকুমাৰন থাম্পিৰ দ্বাৰা পৰিচালিত ১৯৭৬ চনৰ ভাৰতীয় মালায়ালম চলচ্চিত্ৰ। চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অদুৰ ভাচী, লক্ষ্মী, টি আৰ ওমানা আৰু নীলাম্বুৰ বালানে। চলচ্চিত্ৰখনত জি দেৱৰাজনৰ সংগীতৰ স্কোৰ আছে।
-
সন্তোষ (২০২৪ চলচ্চিত্ৰ)
সন্তোষ (Santosh) সন্ধ্যা সূৰীৰ দ্বাৰা ৰচিত তথা পৰিচালিত, ২০২৪ চনত মুক্তিপ্ৰাপ্ত, হিন্দী ভাষাৰ এখন অপৰাধমূলক নাট্য চলচ্চিত্ৰ। ছবিখন যুক্তৰাজ্য, ভাৰত, জাৰ্মানী আৰু ফ্ৰান্সৰ এক আন্তঃৰাষ্ট্ৰীয় সহ-প্ৰযোজনা।
-
সাৱিত্ৰী (২০১৬ চলচ্চিত্ৰ)
সাৱিত্ৰী হ'ল পৱন সাদিনেনীৰ দ্বাৰা পৰিচালিত আৰু নাৰা ৰোহিত আৰু নন্দিতা ৰাজে মুখ্য চৰিত্ৰত অভিনয় কৰা ২০১৬ চনৰ তেলেগু একচন ৰোমান্টিক-কমেডী চলচ্চিত্ৰ। এয়া সাৱিত্ৰী আৰু সত্যবান ভাৰতীয় লোককথাৰ আধুনিক অভিযোজন। ২০১৫ চনৰ ২৭ জুনত হায়দৰাবাদত এই ছবিখন উন্মোচন কৰা হৈছিল।
-
হেট ষ্ট'ৰী
হেট ষ্ট'ৰী হৈছে ২০১২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ কামুক থ্ৰিলাৰ চলচ্চিত্ৰ। ইয়াৰ পৰিচালক বিবেক অগ্নিহোত্ৰীৰ আৰু প্ৰযোজক বিক্ৰম ভাট। ইয়াত নিখিল দ্বিবেদী, গুলশান দেৱৈয়া, পাওলি দাম আদিয়ে অভিনয় কৰিছে আৰু ছবিখন ২০ এপ্ৰিল ২০১২ তাৰিখে মুক্তি পাইছিল।
-
হেপ্পী বাৰ্থডে মাম্মীজী
হেপ্পী বাৰ্থডে মাম্মীজী হৈছে ২০২১ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ চুটি ছবি। শ্বেফালি শ্বাহে ছবিখনৰ কাহিনীটো লিখিছে। ছবিখনৰ পৰিচালনাও তেখেতেই কৰিছে। ইয়াৰ লগতে ছবিখনৰ মুখ্য একক চৰিত্ৰটোত তেখেতে অভিনয় কৰিছে। ছবিখন ছানচাইন পিকচাৰ্ছে প্ৰযোজনা কৰিছে।