অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰামকিঙ্কৰ বেইজ

ৰামকিঙ্কৰ বেইজ (২৫ মে’, ১৯০৬ - ২ আগষ্ট, ১৯৮০) আছিল এজন ভাৰতীয় বঙালী ভাস্কৰ্যশিল্পী। তেওঁ আধুনিক ভাৰতীয় ভাস্কৰ্যকলাৰ অন্যতম অগ্ৰপথিক আছিল। ৰামকিঙ্কৰ আছিল প্ৰথম ভাৰতীয় শিল্পী, যি আধুনিক পাশ্চাত্য শিল্প অধ্যয়ন কৰি সেই শৈলী নিজৰ ভাস্কৰ্যত প্ৰয়োগ কৰে।

হালনাগাদ: ৭ অক্টোবৰ ২০২৪ ১৯৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰামকিঙ্কৰ বেইজ (২৫ মে’, ১৯০৬ - ২ আগষ্ট, ১৯৮০) আছিল এজন ভাৰতীয় বঙালী ভাস্কৰ্যশিল্পী। তেওঁ আধুনিক ভাৰতীয় ভাস্কৰ্যকলাৰ অন্যতম অগ্ৰপথিক আছিল। ৰামকিঙ্কৰ আছিল প্ৰথম ভাৰতীয় শিল্পী, যি আধুনিক পাশ্চাত্য শিল্প অধ্যয়ন কৰি সেই শৈলী নিজৰ ভাস্কৰ্যত প্ৰয়োগ কৰে। তেওঁক ভাৰতীয় শিল্পত আধুনিকতাৰ জনক১ আৰু অন্যতম শ্ৰেষ্ঠ শিল্পী হিচাপে গণ্য কৰা হয়।

প্ৰাৰম্ভিক জীৱন

ৰামকিঙ্কৰ বেইজ ব্ৰিটিছ ভাৰতৰ বাংলা প্ৰেছিডেন্সিৰ বাঁকুড়া জিলাৰ যুগীপাডাৰ (অধুনিক ভাৰতৰ পশ্চিমবংগ ৰাজ্য) এক পৰমাণিক পৰিয়ালত জন্মগ্ৰহণ কৰে।২ তেওঁৰ উপাধি বেইজ, সংস্কৃত ভাষাত বৈদ্য আৰু প্ৰাকৃত বেজ-ৰ পৰিবৰ্তিত ৰূপ। তেওঁৰ পিতা আছিল চণ্ডীচৰণ বেইজ।

মধ্যকৈশোৰ বয়সত ৰামকিঙ্কৰ অসহযোগ আন্দোলনৰ অংশগ্ৰহণকাৰী স্বাধীনতা সংগ্ৰামীসকলৰ ছবি আঁকিছিল। মেট্ৰিক পৰ্যন্ত (বৰ্তমান মাধ্যমিকৰ সমতুল্য) পঢ়া−শুনা কৰাৰ পিছত ষোল্ল বছৰ বয়সত তেওঁ বাঁকুড়াৰ বিশিষ্ট সাংবাদিক আৰু প্ৰবাসী পত্ৰিকাৰ সম্পাদক ৰামানন্দ চট্টোপাধ্যায়ৰ দৃষ্টিত পৰে। চাৰি বছৰ পিছত তেওঁ শান্তিনিকেতনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিশ্বভাৰতী বিদ্যালয়ত চাৰুকলাৰ ছাত্ৰ হিচাপে যোগ দিয়ে।৩ আচাৰ্য নন্দলাল বসু আছিল তেওঁৰ শিক্ষক। ৰমেন্দ্ৰনাথ চক্ৰৱৰ্তী, বিনোদবিহাৰী মুখোপাধ্যায় আদি ব্যক্তিক তেওঁ সহপাঠী হিচাপে পাইছিল। চাৰুকলাৰ ডিপ্লোমা অৰ্জন কৰি তেওঁ বিশ্বভাৰতীৰ ভাস্কৰ্য বিভাগৰ বিভাগীয় প্ৰধানৰ পদ লাভ কৰে। ১৯৭১ চনত অৱসৰ গ্ৰহণ কৰে। বিশিষ্ট চিত্ৰশিল্পী জহৰ দাশগুপ্ত আছিল তেওঁৰ ছাত্ৰ।

তেওঁৰ জীবনকথাক লৈ সাহিত্যিক সমৰেশ বসুৱে (কালকূট) 'দেখি নাই ফিৰে' নামৰ এখন উপন্যাস ৰচনা কৰে। যাৰ চিত্ৰাংকন কৰেছিল শিল্পী বিকাশ ভট্টাচাৰ্যই।

তথ্যসূত্ৰ

  1. ↑ Exhibition of works of Ramkinkar Baij The Hindu, Oct 05, 2007
  2. ↑ Artist to artist: A rare film, completed 32 years after it was first shot, brings to fore the creativity of two masters of art Business Line, Dec 28, 2007
  3. ↑ Neglected treasures The Hindu, Aug 31, 2008

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামকিঙ্কৰ বেইজ” প্ৰবন্ধৰ সংশোধন ৪৩৫৯৩৬ (৭ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।