যামিনী ৰয় (Jamini Roy; ১১ এপ্ৰিল ১৮৮৭ – ২৪ এপ্ৰিল ১৯৭২) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী আছিল। ১৯৫৫ চনত তেওঁক ভাৰত চৰকাৰৰ পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হয়। তেওঁ শিল্পী অৱনীন্দ্ৰনাথ ঠাকুৰৰ শিষ্য আছিল, যাৰ শৈল্পিক মৌলিকতা আৰু ভাৰতত কলাৰ উদ্ভৱত অৱদান সন্দেহাতীত হৈ আছে।
জীৱনৰ প্ৰাৰম্ভিক কাল
১৮৮৭ চনৰ ১১ এপ্ৰিলত পশ্চিমবংগৰ বাঁকুড়া জিলাৰ বেলিয়াতোড় গাঁৱত ভূমি-মালিকসকলৰ এক মধ্যমীয়া সমৃদ্ধকায় কায়স্থ পৰিয়ালত যামিনী ৰয়ৰ জন্ম হয়।১ তেওঁ এক মধ্যবিত্ত, কলা প্ৰেমী পৰিয়ালত ডাঙৰ দীঘল হৈছিল আৰু ইয়েই অৱশেষত তেওঁৰ ভৱিষ্যত জীৱনৰ সিদ্ধান্তক প্ৰভাৱিত কৰিছিল।২ তেওঁৰ পিতাৰ নাম ৰামতৰণ ৰায়৩ আৰু মাতৃ নগেন্দ্ৰবালা দেবী।৪
ষোল্ল বছৰ বয়সত তেওঁক পৰিয়ালৰ ফালৰ পৰা কলিকতাৰ চৰকাৰী কলা মহাবিদ্যালয়ত পঢ়িবলৈ পঠোৱা হৈছিল।১ বেংগল স্কুলৰ প্ৰতিষ্ঠাপক অৱনীন্দ্ৰনাথ ঠাকুৰ উক্ত প্ৰতিষ্ঠানটোৰ উপ-অধ্যক্ষ আছিল। তেওঁক প্ৰচলিত শৈক্ষিক পৰম্পৰাত ধ্ৰুপদী ন্যুড অংকন আৰু তৈল্য চিত্ৰাংকন কৰিবলৈ শিকোৱা হৈছিল আৰু ১৯০৮ চনত তেওঁ ফাইন আৰ্টত ডিপ্লোমা লাভ কৰে। অৱশ্যে, তেওঁ পিছলৈ উপলব্ধি কৰিছিল যে তেওঁ পশ্চিমীয়া পৰম্পৰাক প্ৰতিনিধিত্ব কৰা ব্যক্তি নহয়, নিজৰ সংস্কৃতিৰ পৰা অনুপ্ৰেৰণা ল'বৰ বাবে সেয়েহে তেওঁ জীৱিত লোক আৰু জনজাতীয় কলাৰ প্ৰতি গুৰুত্ব আৰোপ কৰে। তেওঁ কালিঘাট পাট (কালীঘাট চিত্ৰকলা)ৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হৈছিল, যি আছিল বোল্ড চুইপিং ব্ৰাছ-ষ্ট্ৰোকৰ এক কলাশৈলী। তেওঁ, তেওঁৰ পূৰ্বৰ প্ৰভাৱবাদী দৃশ্য আৰু প্ৰতিকৃতি অংকনৰ পৰা আঁতৰি ১৯২১ ৰ পৰা ১৯২৪ চনৰ ভিতৰত তেওঁৰ পৰীক্ষামূলক চাঁওতালি নৃত্যৰ চিত্ৰ কৰ্ম আৰম্ভ কৰিছিল। যামিনী ৰয়ৰ ৪জন পুত্ৰ আৰু ১ গৰাকী কন্যা সন্তান আছিল।
শৈলী
ৰয়ে প্ৰতিকৃতি অংকন শিল্পী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ১৯২০ ৰ দশকৰ আৰম্ভণিতে হঠাতে তেওঁ নিজকে আৱিষ্কাৰৰ প্ৰচেষ্টাত কমিছন ভিত্তিত প্ৰতিকৃতি অংকনৰ কাম এৰি দিছিল।৫
ৰয়ে তেওঁৰ প্ৰশিক্ষণৰ পাশ্চাত্য শৈলীৰ পৰিৱৰ্তে বঙালী লোক পৰম্পৰাৰ ওপৰত আধাৰিত এক নতুন শৈলীৰ ওপৰত কাম আৰম্ভ কৰে।৬
ৰয়ে তেওঁৰ জীৱনকালত ২০,০০০ চিত্ৰ অংকন কৰিছিল সেই হিচাপে দৈনিক প্ৰায় ১০খন চিত্ৰ। সেয়ে ৰয়ক আৰ্ট মেচিন বিশেষণৰে জনা যায়। অৱশ্যে তেওঁৰ শৈল্পিক লক্ষ্য সদায়ে একে আছিল। তেওঁ সদায় সাধাৰণ মধ্যবিত্ত শ্ৰেণীক কলাৰ আপধাৰক হিচাপে লক্ষ্য কৰি লৈছিল। মধ্যবিত্ত শ্ৰেণীৰ প্ৰতি তেওঁৰ সন্মান ৰখাটো তেওঁৰ সমালোচনামূলক দৃষ্টিভংগীৰ ওপৰত প্ৰতিফলিত হৈছে; তেওঁ বিশ্বাস কৰিছিল যে সাধাৰণ মানুহ চৰকাৰতকৈ অধিক গুৰুত্বপূৰ্ণ কিয়নো এই সকল লোকেই তেওঁৰ কলাৰ কণ্ঠস্বৰ আছিল।৭
বঁটা আৰু সন্মান
- পদ্মভূষণ: ১৯৫৪ -ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান।৮
- ললিতকলা একাডেমি পুৰস্কাৰ: ১৯৫৫ - যামিনী ৰয়ে সৰ্বপ্ৰথম এই পুৰস্কাৰটি লাভ কৰে। চাৰু শিল্পৰ ই এক সৰ্বশ্ৰেষ্ঠ সম্মান।৯
- ডি-লিট: ১৯৫৬
ইয়াৰোপৰি ১৯৭৬ চনত, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপে তেওঁৰ চিত্ৰ কৰ্মৰ শৈল্পিক আৰু নান্দনিক মূল্যৰ প্ৰতি সন্মান ৰাখি তেওঁক "নাইন মাষ্টাৰ"ৰ মাজৰ এক বুলি ঘোষণা কৰিছিল, ইয়াৰ লগে লগে তেওঁ কাম সমূহ "কলাৰ ভাণ্ডাৰ" হিচাপে বিবেচিত হয়।১০
১১ এপ্ৰিল ২০১৭ ত গুগল ইণ্ডিয়াই ৰয়ক তেওঁৰ ১৩০ তম জন্মদিন উপলক্ষে এটি গুগল ডুডল উৎসৰ্গা কৰিছিল।৬
সহায় গ্ৰন্থ
- Bishnu Dey; John Irwin. (1944). Jamini Roy. Indian Society of Oriental Art
- (1982). Six Indian painters: Rabindranath Tagore, Jamini Roy, Amrita Sher-Gil, M.F. Husain, K.G. Subramanyan, Bhupen Khakhar. Tate Gallery Publications Dept. ISBN 978-0-905005-58-4
- (1992). Jamini Roy in the Context of Indian Folk Sensibility and His Impact on Modern Art: Seminar Papers. Lalit Kala Akademi
বাহ্যিক সংযোগ
- Biography at Calcuttaweb.com
- "JAMINI ROY Artwork details with Auctions prices"
- The First but Forgotten Exhibition by Satyasri Ukil
- Jamini Roy at Prinseps
তথ্যসূত্ৰ
- ↑ Jamini Roy (1887–1972) Biography. Indian Art Circle
- ↑ Jamini Roy Biography - Paintings & Artworks, Life History & Achievements
- ↑ (2018-04-07). চিত্ৰকৰ ও পটুয়া শিল্পী যামিনী ৰায়েৰ জন্মদিন আজ. এইবেলা
- ↑ (2020-06-06). গান্ধীজি যদি ছবিই দেখতে চান,তা হলে আমাৰ ষ্টুডিয়োতে আসবেন. আনন্দবাজাৰ পত্ৰিকা
- ↑ (2013). Jamini Roy - Journey To The Roots. NGMA
- ↑ Jamini Roy: A painter's quest for an Indian identity. www.aljazeera.com
- ↑ May 31, Indranil Banerjie; May 31, 1987 ISSUE DATE; January 8, 1987UPDATED. Jamini Roy: The 'national artist' who produced timeless works of art. India Today
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ List of Fellows. Lalit Kala Akademi
- ↑ Nine Masters Government Museum and Art Gallery, Chandigarh. "Nine Masters: Rabindranath Tagore, Amrita Sher-Gil, Jamini Roy and Nandalal Bose, Ravi Varma, Gaganendranath Tagore, Abanindranath Tagore, Sailoz Mookherjea and Nicholas Roerich."
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যামিনী ৰয়” প্ৰবন্ধৰ সংশোধন ৬১৭২৭৮ (১৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।