অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

শান্তি চন্দ্ৰশেখৰ

শান্তি চন্দ্ৰশেখৰ (ইংৰাজী: Shanthi Chandrasekar) হৈছে ভাৰতীয় মূলৰ এগৰাকী আমেৰিকান চিত্ৰশিল্পী। থাঞ্জাভুৰ চিত্ৰকলাৰ (Thanjavur painting) পৰম্পৰাগত শিল্পকলাৰ প্ৰশিক্ষণৰ লাভ কৰাৰ দ্বাৰা তেওঁৰ শিল্পকৰ্ম প্ৰবলভাৱে প্ৰভাৱ পৰিছে। তেওঁ বৰ্তমাৱ গ্ৰেটাৰ ৱাশ্বিংটন ডি. চি. অঞ্চলৰ মেৰিলেণ্ডত বাস কৰে।

হালনাগাদ: ১ এপ্ৰিল ২০২৪ ৪০৩ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

শান্তি চন্দ্ৰশেখৰ (ইংৰাজী: Shanthi Chandrasekar) হৈছে ভাৰতীয় মূলৰ এগৰাকী আমেৰিকান চিত্ৰশিল্পী।১ থাঞ্জাভুৰ চিত্ৰকলাৰ (Thanjavur painting) পৰম্পৰাগত শিল্পকলাৰ প্ৰশিক্ষণৰ লাভ কৰাৰ দ্বাৰা তেওঁৰ শিল্পকৰ্ম প্ৰবলভাৱে প্ৰভাৱ পৰিছে।২ তেওঁ বৰ্তমাৱ গ্ৰেটাৰ ৱাশ্বিংটন ডি. চি. অঞ্চলৰ মেৰিলেণ্ডত বাস কৰে। তেওঁৰ জন্ম হৈছিল ভাৰতৰ তামিলনাডুত।৩

শিক্ষা

শান্তি চন্দ্ৰশেখৰে ভাৰতৰ চেন্নাইৰ মহিলা খ্ৰীষ্টান কলেজত (Women’s Christian College) অধ্যয়ন কৰে আৰু তাৰ পিছত ভাৰতৰ চিদাম্বৰমৰ অন্নমলাই বিশ্ববিদ্যালয়ৰ (Annamalai University) পৰা মনোবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩

শিল্পকৰ্ম

চন্দ্ৰশেখৰৰ শিল্পকলা প্ৰধানকৈ গ্ৰেটাৰ ৱাশ্বিংটন ডি.চি. অঞ্চলত প্ৰদৰ্শিত কৰা হৈছে। ২০১৩ আৰু ২০১৬ চনত তেওঁ দুবাৰকৈ “মেৰিলেণ্ড ষ্টেট আৰ্টছ কাউন্সিল”ৰ (Maryland State Arts Council) ব্যক্তিগত শিল্পী বঁটা৪ লাভ কৰাৰ লগতে ২০০৯, ২০১৩ আৰু ২০১৬ চনত “এম. ডি. মণ্টগোমেৰী কাউণ্টি”ৰ (Montgomery County, MD) “আৰ্টছ এণ্ড হিউমেনিটিজ কাউন্সিল”ৰ (Arts and Humanities Council) পৰা তিনিবাৰকৈ ব্যক্তিগত শিল্পীৰ অনুদান লাভ কৰিছে।১ ২০১২ চনত “ডিষ্ট্ৰিক্ট অৱ কলম্বিয়া আৰ্টছ চেণ্টাৰ”ৰ (District of Columbia Arts Center) দ্বাৰা আয়োজিত “দ্য ডি. চি. আৰ্ট ডেকাথলন” (The DC Art Decathlon) নামেৰে জনাজাত এখন কলা প্ৰতিযোগিতাত তেওঁক সোণৰ পদকৰ লগতে "অনুৰাগীৰ প্ৰিয়" পদক প্ৰদান কৰা হয়।৫৬

ৱাশ্বিংটন পোষ্টে লক্ষ্য কৰিছে যে তেওঁৰ কামে "সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডৰ পৰা আৰম্ভ কৰি প্ৰযুক্তিগত উন্নতিলৈকে তেওঁৰ নিজৰ মগজুৱে সকলো অন্বেষণ কৰিবলৈ বয়নৰ এটা কেন্দ্ৰীয় বিষয়বস্তু ব্যৱহাৰ কৰে।"৫ কাকতখনৰ শিল্প সমালোচকে এটা বেলেগ পৰ্যালোচনাত এইটোও লক্ষ্য কৰিছে যে তেওঁ "মহিলাৰ মুখমণ্ডলসমূহ দক্ষিণ ভাৰতৰ পৰম্পৰাগত মূলৰ সাজোনৰ সৈতে ব্যৱস্থাপিত কৰে।"৭ একেজন সমালোচকে ইয়াৰ পূৰ্বে ২০১৩ চনত ডিষ্ট্ৰিক্ট অৱ কলম্বিয়া আৰ্টছ চেণ্টাৰত তেওঁৰ একক অনুষ্ঠানৰ পৰ্যালোচনাত লক্ষ্য কৰিছিল যে "শিল্প, হস্তকলা, বিজ্ঞান আৰু ধৰ্ম হয়তো একেটা মৌলিক বস্তুৰ ভিন্ন প্ৰকাশ। হিন্দু ধৰ্ম, তাত্ত্বিক পদাৰ্থ বিজ্ঞান আৰু পৰিয়াল ইতিহাসৰ পৰা উদ্ভৱ হোৱা শান্তি চন্দ্ৰশেখৰৰ মাল্টিমিডিয়া কামত সেয়া দেখা পোৱা যায়।"৮ শেহতীয়াকৈ ২০১৯ চনত ৱাশ্বিংটনৰ মেৰিলেণ্ডৰ কলেজ পাৰ্কৰ পদাৰ্থ বিজ্ঞানৰ চেণ্টাৰত অনুষ্ঠিত হোৱা এটা দলীয় অনুষ্ঠানত তেওঁৰ কামৰ পৰ্যালোচনাত কৰি দ্য আমেৰিকান পোষ্টে তেওঁৰ ভাস্কৰ্য্য “ৱৰ্মহ’ল”ক “কাপোৰখনক এটা সৰু সুৰংগলৈ নিক্ষেপ কৰি দুখন বৃত্তাকাৰ জালৰ সৈতে সংযোগ কৰা এই চিত্ৰ হৈছে অনুষ্ঠানটোত দেখা পোৱা বাস্তৱ জগতৰ চিত্ৰৰ আটাইতকৈ ওচৰৰ বস্তু” বুলি সমালোচনা কৰিছিল।৯

কোলাম প্ৰকল্প

২০২১ চনত চন্দ্ৰশেখৰে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক সন্মান জনাই দক্ষিণ ভাৰতীয় পৰম্পৰাগত কোলাম সৃষ্টিৰ বাবে দেশজোৰা প্ৰকল্পৰ নেতৃত্ব দিয়ে। এই কোলামত আমেৰিকাৰ বিভিন্ন ঠাইৰ প্ৰায় ২০০০ লোকৰ অৱদান আছিল। প্ৰথমতে ইয়াক উদ্বোধনীৰ সময়ত কেপিটেলৰ ওচৰত প্ৰদৰ্শন কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও নিৰাপত্তাজনিত সমস্যাৰ বাবে ইয়াক ৰাষ্ট্ৰপতিৰ উদ্বোধনী সমিতিৰ ভাৰ্চুৱেল আদৰণি অনুষ্ঠানৰ অংশ হিচাপে ভাৰ্চুৱেলভাৱে প্ৰদৰ্শিত কৰা হৈছিল।১০১১১২

সংগ্ৰহ আৰু বঁটা

তেওঁৰ কৰ্মসমূহ ৱাশ্বিংটন ডি. চি. চহৰৰ স্থায়ী সংগ্ৰহালায়ত,১৩ আৰু মেৰিলেণ্ডৰ মণ্টগোমেৰী কাউণ্টৰ ৱৰ্কছ অন পেপাৰ সংগ্ৰহালায়ত১৪ সংৰক্ষিত কৰি থোৱা হৈছে। তেওঁক বিজ্ঞান অনুপ্ৰাণিত অংকন ধাৰাবাহিক নিৰ্মাণৰ বাবে মণ্টগোমাৰী কাউণ্টিৰ আৰ্টছ এণ্ড হিউমেনিটিজ কাউন্সিলৰ পৰা আৰ্টছ এণ্ড স্কোলাৰছ প্ৰজেক্ট গ্ৰাণ্টৰ ২০২০ বিত্তীয় বৰ্ষৰ বিজয়ী ঘোষণা কৰা হৈছে। সেই কামবোৰৰ কিছুমান এম. ডি.ৰ বেথেছডাৰ চাবাৰবান হাস্পতালৰ প্ৰাৰ্থনা কক্ষ আৰু ধ্যান কক্ষত স্থাপন কৰা হৈছে।১৫

গ্ৰন্থ

চন্দ্ৰশেখৰে ২০১৬ চনত স্কিনাৰ হাউচ বুকছৰ পৰা ৰুথ কেছিংগাৰৰ কথা সাগৰ: অ'চেন অৱ ষ্ট'ৰীজ (Katha Sagar: Ocean of Stories), শ্ৰী ৰামানুজন - এন ইলাষ্ট্ৰেটেড বায়'গ্ৰাফী (Sri Ramanujan - An Illustrated Biography) আৰু শেহতীয়াকে স্লাইম: হাউ এলগে ক্ৰিয়েটেড আছ, প্লেগ আছ, এণ্ড জাষ্ট মাইট চেভ আছ (Slime: How Algae Created Us, Plague Us, and Just Might Save Us) নামৰ গ্ৰন্থৰ চিত্ৰকল্প কৰিছে।

তথ্যসূত্ৰ

  1. ↑ (2013-11-05). SHANTHI CHANDRASEKAR. Maryland State Arts Council
  2. ↑ (2011-02-25). A Portrait of the Artist: Shanthi Chandrasekar. Gaithersburg, MD Patch
  3. ↑ Indo-American Arts Council, Inc.. www.iaac.us
  4. ↑ The Betty Mae Kramer Gallery Presents Shanthi Chandrasekar and Susan Goldman Immemorial. East City Art
  5. ↑ Merry, Stephanie. (2012-01-19). Art in focus: DC Arts Center Decathlon. The Washington Post
  6. ↑ Posts ·. DCAC DecathlonJanuary 13 – February 5 – District of Columbia Arts Center
  7. ↑ Jenkins, Mark. (2015-11-13). In the galleries: Getting ‘Personal’ at King Street. The Washington Post
  8. ↑ Jenkins, Mark. (2013-01-31). ‘Journeys’ to the intersection of mind and matter. The Washington Post
  9. ↑ Jenkins, Mark. (2019-03-29). In the galleries. The Washington Post
  10. ↑ Page, Sydney. To honor Kamala Harris, these women are bringing a traditional Indian art form to D.C., made by thousands of hands. Washington Post
  11. ↑ People across U.S. made over 2,000 pieces of Indian art to welcome Harris. NBC News
  12. ↑ (2021-01-25). This 1,800-piece crowdsourced art project for Kamala Harris honors her Indian heritage. SFChronicle.com
  13. ↑ Results · Search Artists · eMuseum · dcarts. dcarts.emuseum.com
  14. ↑ (2019-04-09). Montgomery County Public Arts Trust Seeks Contemporary Works on Paper. East City Art
  15. ↑ Our Mental Health is Important in these Times. Here's How Creativity Can Help.. Artists Circle Fine Art

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চিত্ৰশিল্পীআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তি চন্দ্ৰশেখৰ” প্ৰবন্ধৰ সংশোধন ৪১৬৫০০ (১ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।