অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ইচবগুল

ইচবগুল বা শিঙাবন (বৈজ্ঞানিক নাম: Plantago Ovata) ভূমধ্যসাগৰীয় অঞ্চলৰ স্থানীয়, মধ্য, পূব আৰু দক্ষিণ এছিয়া আৰু উত্তৰ আমেৰিকাৰ এবিধ গুল্ম জাতীয় উদ্ভিদ।

হালনাগাদ: ২২ এপ্ৰিল ২০২৬ ২৮৬ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ
Plantago ovata in Ab Pakhsh
Plantago ovata in Ab Pakhshছবি: Rohalamin · CC BY 4.0

ইচবগুল বা শিঙাবন (বৈজ্ঞানিক নাম: Plantago Ovata) ভূমধ্যসাগৰীয় অঞ্চলৰ স্থানীয়, মধ্য, পূব আৰু দক্ষিণ এছিয়া আৰু উত্তৰ আমেৰিকাৰ এবিধ গুল্ম জাতীয় উদ্ভিদ।১ ইয়াৰ বিভিন্ন ইংৰাজী নাম আছে ব্লণ্ড কেলেণ্টেইন, ডেজাৰ্ট ইণ্ডিয়ানৱেইট,২ ব্লণ্ড চাইলিয়াম,৩ ইছপাগোল৩কে ধৰি বহুতো সাধাৰণ নামেৰে জনাজাত।

ই এক প্ৰকাৰৰ খাদ্য আঁহৰ চাইলিয়ামৰ সাধাৰণ উৎস।৪ চাইলিয়াম বীজৰ খোলা হজম নহয় আৰু ই দ্ৰৱণীয় আঁহৰ উৎস যিটো বিউটাইৰেট উৎপাদনকাৰী বেক্টেৰিয়াই বুটাইৰিক এচিড – এটা চুটি শৃংখলাযুক্ত ফেটি এচিড –লৈ কিম্বন কৰিব পাৰে।৫ ইচবগুল হৈছে চাইলিয়ামযুক্ত বাণিজ্যিক সামগ্ৰীৰ বাবে আটাইতকৈ জনপ্ৰিয় উৎস।৬

বিৱৰণ

ইচবগুল হৈছে গুল্ম জাতীয় উদ্ভিদ। ইয়াৰ ফুলৰ আকাৰ বৰ সৰু। গছৰ উচ্চতা গড় ২ ফুট মান হয়। ইয়াৰ ফলটো ৭-৮ মিলিমিটাৰ দীঘল হয় আৰু ফলটোৰ ভিতৰত ৩ মিলিমিটাৰ দীঘল বীজ থাকে। বীজটো দেখেবলৈ নাওৰ নিচিনা আৰু ইয়াৰ তুঁহ পিচল জাতীয় হয়। ই একপ্ৰকাৰৰ ৰবি শস্য বুলিব পাৰি কাৰণ ইয়াক হেমন্ত কালত সিচাঁ হয়। ইচবগুল বা শিঙাবনক ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশৰ প্ৰায় সকলো মানুহেই চিনি পায়। ইয়াৰ বিভিন্ন ধৰণৰ ঔষধি গুণ আছে।

ইয়াৰ আদি বাসস্থল ভূমধ্যসাগৰীয় অঞ্চলৰ দেশসমূহত। ইয়াৰোপৰি স্পেইন, উত্তৰ আফ্ৰিকা, পাকিস্তানৰ সিন্ধ অঞ্চল, পশ্চিম এছিয়া, চীন, ৰাছিয়া আদি দেশসমূহত পোৱা যায়। ইচবগুল বা শিঙাবন (Plantago)ৰ প্ৰায় ২০০ প্ৰজাতি আছে, যত প্ৰায় ১০ প্ৰজাতি ভাৰতত পোৱা যায়। পৃথিৱীত বাণিজ্যিকভাৱে যিসমূহ প্ৰজাতিৰ খেতি কৰা হয় তাৰ ভিতৰত ফ্ৰান্সৰ ক’লা বীজৰ প্লাণ্টাগো ইণ্ডিকা (Plantogo indica) স্পেনীয় প্লাণ্টাগো চিলিয়াম (Plantago psyllium) আৰু ভাৰতীয় বগা ৰঙৰ বীজ থকা ইচবগুল (Plantago Ovata)।

ঔষধি গুণাগুণ

ইচবগুল মানুহৰ শৰীৰৰ বাবে বৰ উপকাৰি। ইয়াৰ তুঁহ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰোঁতে সহায় কৰে।

  • ইয়াত যি অদ্ৰৱণীয় বা দ্ৰৱণীয় খাদ্যৰ আঁহ থাকে সেয়া কোষ্ঠকাঠিন্য (Constipation)ৰ বাবে বৰ উপকাৰি।
  • ডায়েৰীয়া বা পাকস্থলীৰ বেমাৰ নিৰাময় কৰে।
  • এচিডিটিৰ সমস্যা দূৰ কৰে।
  • শৰীৰ ওজন কমাত সহায় কৰে।
  • পাকস্থলীৰ বৰ্জ্য পদাৰ্থ নিষ্কাশন কৰে আৰু খাদ্যবস্তু হজম হোৱাত সহায় কৰে।
  • হৃদৰোগৰ পৰা সুৰক্ষিত ৰাখে।
  • ডায়বেটিচ বা বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে।

ৰাসায়নিক উপাদান

  • চাইলিয়াম

ব্যাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Plantago ovata in Flora of China @ efloras.org. www.efloras.org
  2. ↑ USDA PLANTS
  3. ↑ USDA GRIN Taxonomy
  4. ↑ Medlineplus. Blond psyllium (Plantago ovata)
  5. ↑ Jovanovski, Elena; Yashpal, Shahen; Komishon, Allison. (15 September 2018). Effect of psyllium (Plantago ovata) fiber on LDL cholesterol and alternative lipid targets, non-HDL cholesterol and apolipoprotein B: a systematic review and meta-analysis of randomized controlled trials. The American Journal of Clinical Nutrition. পৃ. 922–932
  6. ↑ Melton. (2019). Encyclopedia of Food Chemistry. Elsevier. পৃ. 62. ISBN 978-0-12-814045-1

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতঅসমৰ উদ্ভিদঔষধি উদ্ভিদভাৰতীয় উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইচবগুল” প্ৰবন্ধৰ সংশোধন ৬০১৯৬০ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।