অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নোৰা পোলী

নোৰা মাৰ্গাৰেট পোলী (Nora Margaret Polley, ২৯ জুলাই ১৮৯৪-১৯৮৮) গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম মহিলা আছিল, যেতিয়া তেওঁ ১৯২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত টেনিছ প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২২৭ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

নোৰা মাৰ্গাৰেট পোলী (Nora Margaret Polley, ২৯ জুলাই ১৮৯৪-১৯৮৮) গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম মহিলা আছিল, যেতিয়া তেওঁ ১৯২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত টেনিছ প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিছিল।১২

জন্ম পৰিচয়

নোৰা পোলীৰ জন্ম ভাৰতৰ বেংগলত হৈছিল, ৰেকৰ্ডে দেখুৱায় যে, তেওঁ ১৯০১ চনত ইষ্টবোৰ্ণৰ বৰ্ডিং স্কুললৈ যোৱাৰ আগতে স্কটলেণ্ডত বাস কৰি আছিল, পিছত ১৯১৫ চনত সিডনী ট্ৰেপছ পোলীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল, যি ১৯০২ চনৰ পৰা ভাৰতীয় সেনাত সেৱা কৰি আছিল আৰু পিছত মেজৰ পদলৈ পদোন্নত হৈছিল।৩

পোলীয়ে ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হোৱা ১৯২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত মহিলা একক আৰু মিশ্ৰিত ডাবলছ টেনিছ দুয়োটা প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ কানেছৰ এখন প্ৰতিযোগিতাত ছেমি ফাইনেলত উপনীত হৈ অনুষ্ঠানটোৰ বাবে সাজু হৈছিল। অলিম্পিক মহিলা এককত তেওঁ দ্বিতীয় ৰাউণ্ডত গ্ৰীক খেলুৱৈ লেনা ভালাওৰিটৌ-স্কাৰামাগাক প্ৰতিদ্বন্দ্বিতা কৰাৰ আগতে প্ৰথম ৰাউণ্ড এটাত তেওঁ বাই গৈছিল যদিও তেওঁ অৱশেষত তিনিটা ছেটত জয়লাভ কৰিছিল;৪ তৃতীয় ৰাউণ্ডত তেওঁ স্পেনিছ খেলুৱৈ লিলি এলভাৰেজৰ বিৰুদ্ধে খেলিছিল যদিও দুৰ্ভাগ্যবশতঃ তেওঁ সম্পূৰ্ণৰূপে আউটপ্লে হৈছিল আৰু পোন ছেটত ০–৬, ৩–৬ ত পৰাস্ত হৈছিল। তেওঁ ভাৰতৰ পৰা যোৱা চিডনী জেকবৰ সৈতে টীমআপ কৰে আৰু মিশ্ৰিত ডাবলছত প্ৰথম ৰাউণ্ডত জয়লাভ কৰিছিল, পিছত দ্বিতীয় ৰাউণ্ডত তেওঁলোকে এডউইন মেকক্ৰিয়া আৰু মেৰী ৱালিছৰ আইৰিছ যোৰক তিনিটা ছেটত পৰাজয় কৰিছিল।৫

অলিম্পিকৰ পিছত একে গ্ৰীষ্মকালতে, পোলীয়ে ইংলেণ্ড ভ্ৰমণ কৰিছিল আৰু টুনব্ৰিজ ৱেলছ টেনিছ টুৰ্ণামেণ্টকে ধৰি ইংলেণ্ডৰ দক্ষিণত আৰু কেইটামান টুৰ্ণামেণ্ট খেলিছিল,৬ আৰু বেক্সহিল-অন-চিৰ এটা অনুষ্ঠানত খেলিছিল।৭ ইয়াৰ পিছত তেওঁৰ আৰু কোনো ৰেকৰ্ড পোৱা নাযায়।

মৃত্যু

১৯৮৮ চনত যুক্তৰাজ্যৰ হেৰফৰ্ডশ্বায়াৰৰ লেয়মিনষ্টাৰত নোৰা পোলীৰ মৃত্যু হয়।৩

তথ্যসূত্ৰ

  1. ↑ When Polley made history in Paris. thehindu.com
  2. ↑ First female competitors at the Olympics by country. Olympedia
  3. ↑ Nora Polley. Olympics at Sports-Reference.com
  4. ↑ Tennis at the 1924 Paris Summer Games: Women's Singles Round Two. Olympics at Sports-Reference.com
  5. ↑ Tennis at the 1924 Paris Summer Games: Mixed Doubles Round Two. Olympics at Sports-Reference.com
  6. ↑ (1 August 1924). Tunbridge Wells Tennis Tournament. Sevenoaks Chronicle and Kentish Advertiser
  7. ↑ (6 September 1924). Chief Trophies. Bexhill-on-Sea Observer

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ টেনিছ খেলুৱৈভাৰতীয় অলিম্পিক প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নোৰা পোলী” প্ৰবন্ধৰ সংশোধন ৬৩৭৩১৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।