শ্বৰীব হাছমী (Sharib Hashmi; জন্ম: ২৫ জানুৱাৰী ১৯৭৬) হিন্দী চিনেমাজগতৰ এজন ভাৰতীয় অভিনেতা, লেখক, প্ৰযোজক আৰু পৰিচালক। আমাজন প্ৰাইম ভিডিঅ’ৰ ধাৰাবাহিক দ্য ফেমিলি মেন (২০১৯-২০২১)ত জে কে টালপেডৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত। ইয়াৰ বাবে তেওঁ ড্ৰামা-চিৰিজৰ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ অ’টিটি বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
মুম্বাইৰ মালাড়ত এটা মধ্যবিত্ত পৰিয়ালত হাছমীয়ে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ জেড এ জোহৰ আছিল এজন বিখ্যাত চলচ্চিত্ৰ সাংবাদিক। শ্বৰীবে স্কুলীয়া শিক্ষা ছেইণ্ট জনছ মডেল ইংৰাজী হাইস্কুলৰপৰা লাভ কৰিছিল আৰু ভাৰতৰ মুম্বাইৰ ভৱন কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।১
কৰ্মজীৱন
শ্বৰীবে এমটিভি ৰ’ডিজ ছিজন-২ ত পৰ্দাৰ আঁৰত কাম কৰিছিল। ২০০৮ চনত তেওঁ স্লামডগ মিলিয়নেয়াৰত অভিনয় কৰিছিল, যিখন ছবি অস্কাৰ বিজয়ী চলচ্চিত্ৰ হিচাপে পৰিগণিত হয়।
২০১২ চনত তেওঁ ইনামুলহাক আৰু কুমুদ মিশ্ৰৰ সৈতে ফিল্মিষ্টানত মুখ্য ভূমিকা লাভ কৰে।২ শ্বাহৰুখ খান, অনুষ্কা শৰ্মা আৰু কেটৰিনা কাইফে অভিনয় কৰা জবতক হায় জান ছবিত তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।৩
পিছলৈ তেওঁ বদমাচিয়ান (২০১৫), ফুলু ফুলু (২০১৭), ভদকা ডায়েৰীছ (২০১৮), বাট্টি জি ইউ আই মিটাৰ চালু (২০১৮), নক্কাছ (২০১৯), উজদা চামান (২০১৯), দৰবান (২০২০) আৰু বিক্ৰম ৱেধা (২০২২) আদি ছবিত কাম কৰে।৪
শ্বৰীব হাছমীৰ আন আন কামৰ ভিতৰত আমাজন প্ৰাইমৰ প্ৰডাকচন ব্লকবাষ্টাৰ ছিৰিজ দ্য ফেমিলি মেন৫ আৰু ভুট চিলেক্ট ব্লকবাষ্টাৰ অসুৰ।৬
২০২০ চনত তেওঁ টেলিভিছন ধাৰাবাহিক এ ভাইৰেল ৱেডিং, স্কেম ১৯৯২ত অভিনয় কৰে আৰু বহু বিজ্ঞাপন, টেলিভিছন ৱেব ধাৰাবাহিক আৰু ছবিত কাম কৰে।৭
শ্বৰীব হাছমীয়ে দ্য ফেমিলী মেনৰ জৰিয়তেহে প্ৰকৃততে সমাদৰ লাভ কৰে। চিৰিজটোৱে তেওঁৰ বাবে বিপুল প্ৰশংসা কঢ়িয়াই আনিছিল, আৰু তেওঁৰ অন-স্ক্ৰীণ কেমিষ্ট্ৰীয়ে দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিছিল। এই প্ৰসংগত হাছমীয়ে কয় - "মই ‘দ্য ফেমিলি মেন’ৰ পৰৱৰ্তী সময়ত দেখা পোৱা আটাইতকৈ ডাঙৰ পৰিৱৰ্তনটো হ’ল নিৰ্বাচন কৰাৰ শক্তি। তাৰ আগতে মই যিখিনি পাইছিলোঁ সেইবোৰৰ সকলো কামেই কৰিছিলোঁ। ফিল্মিষ্টানৰ পিছত ব্যতিক্ৰমী কাম এটা কৰিবলৈ মোৰ মন গ’ল। ভাল ছবি কিছুমানৰ কাম আৰম্ভ কৰিলোঁ যদিও সেইবোৰ শ্বেলফত ৰখা হ’ল। হয়তো মোৰ ভাগ্যত লিখা হৈছিল। কিছুমান প্ৰজেক্ট ফ্লোৰলৈও যাব পৰা নাছিল। "৮
ব্যক্তিগত জীৱন
২০০৩ চনৰ ২৭ ডিচেম্বৰত শ্বৰীবে নাছৰিন হাছমীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
চলচ্চিত্ৰপঞ্জী
চলচ্চিত্ৰসমূহ
| বৰ্ষ | শীৰ্ষক | চৰিত্ৰ | টোকা | সূত্ৰ |
|---|---|---|---|---|
| ২০০৮ | শ্লামডগ মিলেনিয়াৰ | প্ৰকাশ | ইংৰাজী চলচ্চিত্ৰ | |
| হাল-ই-দিল | বিজু | |||
| ২০১২ | জব তক হ্যায় জান | জৈন | ||
| ফিল্মিস্তান | ছানি | |||
| ২০১৫ | বদমাচিয়াঁ | জছী চৌধুৰী | ||
| ২০১৭ | ফুল্লু | ফুল্লু | ||
| ২০১৮ | বত্তি গুল মিটাৰ চালু | বিকাশ | ||
| ভডকা ডায়েৰীজ | ছিনিয়ৰ ইন্সপেক্টৰ অংকিত দয়াল | |||
| ২০১৯ | নক্কাছ | চামাদ | ||
| ফাষ্টে ফাচাতে | ময়ংক | |||
| উজ্ড়া চমন | ৰাজ কুমাৰ | |||
| ২০২০ | গুল মাকাই | আতাউল্লাহ খান | ||
| মাই ক্লায়েণ্টচ ৱাইফ | মানস বাৰ্মা | |||
| দৰবাৰ | ৰায়চৰণ | জি৫-ত মুক্তিপ্ৰাপ্ত | ||
| ৰাম সিং চাৰ্লি | ৰঘুনাথ | চনী লিভ-ত মুক্তিপ্ৰাপ্ত | ||
| বিশ্ব | ||||
| মিচেছ এণ্ড মিষ্টাৰ খুৰানা | মানৱ খুৰানা | |||
| ২০২১ | পগলেত | বি. কে. আৰোৰা | নেটফ্লিক্সত মুক্তিপ্ৰাপ্ত | |
| হেলমেট | বাণ্টি ভাই | জি৫-ত মুক্তিপ্ৰাপ্ত | ||
| ২০২২ | ধাকড় | ফজল | ||
| বিক্ৰম বেধা | বাবলু | |||
| ২০২৩ | মিছন মজনু | আচলাম উছমানিয়া | নেটফ্লিক্সত মুক্তিপ্ৰাপ্ত | |
| জৰা হটকে জৰা বচকে | দাৰোগা ৰঘুবংশী | |||
| শিৱ শাস্ত্ৰী বালবোৱা | সিনমোহন সিং | |||
| তৰলা | নলিন দালাল | জি৫-ত মুক্তিপ্ৰাপ্ত | ||
| ২০২৪ | ফাইটাৰ | বৰ্তমান | ||
| মলহাৰ | মোহন | |||
| শৰ্মাজী কী বেটী | সুধীৰ শৰ্মা | আমাজন প্ৰাইম চলচ্চিত্ৰ | ||
| ২০২৫ | সংগী | বামন | ||
| দ্য ডিপ্লমেট | তিৱাৰী | |||
| মাৰ্ডাৰবাদ | মকছুদ গাজীাবাদী | |||
| উফ্ফ য়ে চিয়াপা | গুংৰা | |||
| গুস্তাক ইশ্ক | ভূৰে | |||
| ২০২৬ | হেপ্পী পেটেল: খতৰনাক জাচুছ | গীত | ||
| rowspan="2" | সম্পূৰ্ণ হৈছে | |||
| প্ৰাক-প্ৰযোজনা |
অন্যান্য অৱদান
| বৰ্ষ | চলচ্চিত্ৰ | টোকা আৰু সূত্ৰ |
|---|---|---|
| লেখক হিচাপে | ||
| ২০০০-২০০৬ | এমটিভি বকৰা (MTV Bakra) | টেলিভিছন শ্ব' |
| ২০১৮ | মিত্ৰোঁ | সংলাপ |
| ২০১৯ | নোটবুক | সংলাপ |
| ২০২০ | ৰাম সিং চাৰ্লি | |
| প্ৰযোজক হিচাপে | ||
| ২০২০ | ৰাম সিং চাৰ্লি | চনী লিভ-ত মুক্তিপ্ৰাপ্ত |
| পৰিচালক হিচাপে | ||
| ১৯৯৯ | হম তুম পে মৰতে হ্যায় | কলা নিৰ্দেশক হিচাপে কাম কৰিছিল |
চুটি ছবি
| বৰ্ষ | শীৰ্ষক | চৰিত্ৰ | সূত্ৰ |
|---|---|---|---|
| ২০১৪ | মেহৰুণী | মিষ্টাৰ শৰ্মা | |
| ২০১৫ | লুডো অব এ ডাইচ এণ্ড এ ডিচিজন | টেক্সী চালক ১ | |
| ফাইণ্ডিং হোম | জাভেদ আলী | ||
| ২০১৮ | ৱিদিন (Within) | অভি | |
| ধুন্দ | হৰমীত | ||
| ২০২০ | সোঁচ | পিতৃ | |
| কালা বাই ফ্ৰম ভায়খলা | অনিকেত |
টেলিভিছন
| বৰ্ষ | শীৰ্ষক | চৰিত্ৰ | প্লেটফৰ্ম | টোকা | সূত্ৰ |
|---|---|---|---|---|---|
| ২০০৩-২০০৬ | এমটিভি বকৰা | বিভিন্ন চৰিত্ৰ | এমটিভি | ||
| ২০১১ | বেষ্ট অব লাক নিক্কি | পাৰ্থ ছাৰ | ডিজনী | কেমিঅ’; ১টা খণ্ড | |
| ২০১৬ | ছেক্স চ্যাট ৱিথ পাপ্পু এণ্ড পাপা | নিখিল | ইউটিউব | ||
| ২০১৯-বৰ্তমান | দ্য ফেমিলী মেন | জয়ৱন্ত কাশীনাথ "জে.কে." তালপাড়ে | আমাজন প্ৰাইম ভিডিঅ’ | ||
| ২০২০ | অসুৰ | লোলাৰ্ক দুবে | ভুট (Voot) | ||
| এ ভাইৰেল ৱেডিং | উজ্জ্বল পূজাৰী ওৰফে ইউপি | ইৰ’ছ নাও | |||
| স্কেম ১৯৯২ | শৰদ বেলাৰী | চনী লিভ | |||
| ২০২২ | দ্য গ্ৰেট ইণ্ডিয়ান মাৰ্ডাৰ | অশোক ৰাজপুত | ডিজনী+ হটষ্টাৰ | ||
| ২০২৪ | ৩৬ ডেইজ | বিনোদ শিন্দে | চনী লিভ | ||
| খোজ - পৰছায়োঁ কে উচ পাৰ | বেদ | জি৫ |
বঁটা আৰু সন্মান
| বৰ্ষ | বঁটা | শিতান | কৰ্ম | ফলাফল | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০১৪ | ষ্টাৰডাষ্ট বঁটা | শ্ৰেষ্ঠ অভিনয় | ৯ | ||
| ২০১৫ | আইফা বঁটা | কৌতুক চৰিত্ৰত শ্ৰেষ্ঠ অভিনয় | ১০ | ||
| স্ক্ৰীণ বঁটা | শ্ৰেষ্ঠ কমেডিয়ান | ১১ | |||
| ষ্টাৰ গীল্ড বঁটাঁ | শ্ৰেষ্ঠ নৱাগত পুৰুষ অভিনেতা | ১২ | |||
| ২০২০ | ফিল্মফেয়াৰ অটিটি বঁটা | ড্ৰামা চিৰিজত শ্ৰেষ্ঠ সহযোগী অভিনয় | অসুৰ | ১৩ | |
| ২০২১ | ফিল্মফেয়াৰ অটিটি বঁটা | ড্ৰামা চিৰিজত শ্ৰেষ্ঠ সহযোগী অভিনয় | দ্য ফেমিলী মেন চিজন২ | ১৪ | |
| ২০২৩ | ফিল্মফেয়াৰ অটিটি বঁটা | ড্ৰামা ফিল্মত শ্ৰেষ্ঠ সহযোগী অভিনয় | তাৰলা | ১৫ |
তথ্যসূত্ৰ
- ↑ (13 November 2013). Interview with Sharib Hashmi. Storybaaz
- ↑ Amandeep Narang. (16 September 2019). Interview · Filmistaan fame actor Sharib Hashmi: 'Magic of movies will never die'. The Statesman
- ↑ IANS. I didn't get many offers post Jab Tak Hai Jaan says Sharib Hashmi
- ↑ Sharib Hashmi filmography by Cinestaan. Cinestaan
- ↑ Samarth Goyal. (26 September 2019). Sharib Hashmi aka JK Talpade of The Family Man: I'm sure there is going to be a second season. Hindustan Times (HT)
- ↑ (8 December 2020). 10 best Indian web series of 2020 on Amazon Prime Video, Disney+Hotstar, Voot you must watch before the year ends. GQ India
- ↑ A. Kameshwari. (13 May 2020). Viral Wedding mini series on Eros Now. Indian Express
- ↑ timesofindia.indiatimes.com/web-series/news/hind
- ↑ Nayak, Pooja. (15 December 2014). Stardust awards 2014
- ↑ IIFA Awards
- ↑ (14 January 2015). Winners of 21st Annual Life OK Screen Awards. Bollywood Hungama
- ↑ (9 January 2015). Star Guild Awards 2015 nominations
- ↑ TOI. (18 December 2020). Flyx Filmfare OTT Awards 2020 complete nominations. Times of India
- ↑ (10 December 2021). Filmfare OTT Awards 2021 Winners List: Scam 1992 Wins Big With More Than 10 Honours. India.com
- ↑ (26 November 2023). Filmfare OTT Awards 2023. Filmfare
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বৰীব হাছমী” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৭৭ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।