ভাৰতীয় অভিনয় শিল্পী
৪৭ প্ৰবন্ধ
-
শ্ৰীলতা নাম্বুতিৰি
শ্ৰীলতা নাম্বুতিৰি (ইংৰাজী: Sreelatha Namboothiri; জন্ম: অঞ্জিলিভেলিল বসন্ত) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নেপথ্য গায়িকা৷ তেওঁ মালয়ালম চলচ্চিত্ৰ আৰু দূৰদৰ্শনত অভিনয় কৰে। তেওঁ প্ৰায় তিনিশৰো অধিক ছবিত অভিনয় কৰিছে। ১৯৬৭ চনত মুক্তি লাভ কৰা খদীজা আছিল তেওঁৰ প্ৰথম চলচ্চিত্ৰ।
-
শ্ৰুতি জয়ন
শ্ৰুতি জয়ন (ইংৰাজী: Sruthy Jayan) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ মূলতঃ মালয়ালম চলচ্চিত্ৰত কাম কৰে। তেখেত এগৰাকী প্ৰশিক্ষিত শাস্ত্ৰীয় নৃত্যশিল্পী।
-
সুচিতা ত্ৰিবেদী
সুচিতা ত্ৰিবেদী (ইংৰাজী: Suchita Tribedi; জন্ম: ২০ ছেপ্টেম্বৰ ১৯৭৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ হিন্দী দূৰদৰ্শনৰ নাটকত কৰা অভিনয়ৰ বাবে পৰিচিত। ষ্টাৰ প্লাছৰ ধাৰাবাহিক বা বহু আৰু বেবীত মীনাক্ষী থক্কৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁক বহুলভাৱে স্মৰণ কৰা হয়, যাৰ বাবে তেওঁ দুবাৰকৈ হাস্যৰসৰ চৰিত্ৰৰ…
-
ৰণবীৰ শ্ব’ৰে
ৰণবীৰ শ্ব'ৰে (Ranvir Shorey; জন্ম: ১৮ আগষ্ট ১৯৭২) এগৰাকী ভাৰতীয় অভিনেতা আৰু প্ৰাক্তন ভিডিঅ' জকী। এক ছ’টিছি লাভ ষ্ট’ৰী (২০০২) ছবিত আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা তেওঁ মূলসুঁতিৰ আৰু স্বতন্ত্ৰ চিনেমা দুয়োটা ক্ষেত্ৰতে কাম কৰি আহিছে।
-
আচৰানী
গোৱৰ্ধন আচৰানী (Govardhan Asrani) (জন্ম: ১ জানুৱাৰী ১৯৪১) জনপ্ৰিয়ভাৱে আছৰানী নামেৰে পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা আৰু পৰিচালক৷ তেওঁৰ বলিউডত কেৰিয়াৰ পাঁচ দশকৰো অধিক দীঘলীয়া। আছৰানীয়ে ৩৫০ খনতকৈও অধিক হিন্দী ছবিত অভিনয় কৰিছে। তেওঁ মুখ্য চৰিত্ৰ, কমেডী চৰিত্ৰ আৰু সহযোগী চৰিত্ৰত অভিনয় কৰিছে।
-
এম. জয়শ্ৰী
এম. জয়শ্ৰী (ইংৰাজী: M. Jayashree; ১৯২১ – ২০০৬), এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ মূলতঃ কানাড়া ছবিত অভিনয় কৰিছিল। ৰায়ৰা ছ'ছে (১৯৫৭), নাগাৰহাভু (১৯৭২), এৰাডু কানাছু আৰু শ্ৰী শ্ৰীনিবাস কল্যাণ আদি ছবিত কৰা সহযোগী চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত। এম.
-
গীতাঞ্জলি কুলকাৰ্ণী
গীতাঞ্জলি কুলকাৰ্ণী (Geetanjali Moreshwar Sherikar)(জন্মনাম: গীতাঞ্জলি মৰেশ্বৰ শ্বেৰিকাৰ) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মাৰাঠী চিনেমা আৰু হিন্দী চিনেমাত কাম কৰে। তেওঁ দুটা ফিল্মফেয়াৰ এৱাৰ্ড-মাৰাঠী আৰু তিনিটা ফিল্মফেয়াৰ অ'টিটিকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
-
জুন মালিয়া
জুন মালিয়া (June Malia) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ প্ৰধানকৈ বাংলা ভাষাৰ চিনেমা আৰু টেলিভিছনত কাম কৰে। তেওঁ এগৰাকী সমাজসেৱক আৰু পশ্চিম বংগ মহিলা আয়োগৰ সদস্য। ২০২১ চনত তেওঁ মেদিনীপুৰ সমষ্টিৰ পৰা পশ্চিম বংগ বিধানসভাৰ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হয়।
-
জেমী লিভাৰ
জেমী লিভাৰ (ইংৰাজী: Jamie Lever; জন্ম: ১৯ অক্টোবৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ব্যঙ্গ শিল্পী৷ তেওঁ হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত কাম কৰে। জেমী লিভাৰ জনপ্ৰিয় ব্যঙ্গ শিল্পী তথা অভিনেতা জনী লিভাৰৰ কন্যা।
-
তন্ময় ভাট
তন্ময় ভাট (Tanmay Bhat; জন্ম: ২৩ জুন ১৯৮৭) এজন ভাৰতীয় ইউটিউবাৰ, কমেডিয়ান, চিত্ৰনাট্যকাৰ, অভিনেতা, পৰিৱেশক আৰু প্ৰযোজক। তেওঁ গুৰচিমৰান খাম্বাৰ সৈতে সৃষ্টিশীল অনুষ্ঠান AIB (এআইবি)ৰ সহ-প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন চিইঅ'/চিএফঅ'।২০১৮ চনত তেওঁ আমাজন প্ৰাইমত সম্প্ৰচাৰিত ষ্টেণ্ড আপ কমেডী প্ৰতিযোগিতা…
-
দিব্যেন্দু ভট্টাচাৰ্য
দিব্যেন্দু ভট্টাচাৰ্য (Dibyendu Bhattacharya(জন্ম ১১ নৱেম্বৰ ১৯৭৫) হিন্দী আৰু বাংলা চিনেমা আৰু ৱেব ছিৰিজত কাম কৰা এজন ভাৰতীয় অভিনেতা। তেওঁ দেৱ ডি, হটষ্টাৰৰ ৱেব ছিৰিজ ক্ৰিমিনেল জাষ্টিছত লায়ক তালুকদাৰ আৰু চনীলিভৰ ৱেব ছিৰিজ আনদেখীত ডেপুটি এছপি বৰুণ ঘোষৰ চৰিত্ৰত অভিনয় কৰি পৰিচয় অৰ্জন কৰে।
-
বি. জয়া (অভিনেত্ৰী)
বাছাপ্পা জয়া (ইংৰাজী: Basappa Jaya; ৩ ছেপ্টেম্বৰ ১৯৪৪ – ৩ জুন ২০২১) বি. জয়া নামেৰে জনাজাত, কানাড়া চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী। ছবি পৰিচালনা কৰাৰ আগতে তেওঁ ২০০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল।
-
মোহনা কেব্ৰাল
মোনা ব্লাছিয়া " মোহানা " কেব্ৰাল (ইংৰাজী : Mona Blasia " Mohana " Cabral; ৩ ফেব্ৰুৱাৰী ১৯২৯ – ১১ ছেপ্টেম্বৰ ১৯৯০), মিছ মোহানা নামেৰেও পৰিচিত, ফ্ৰান্সত বাস কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা, টেলিভিছন প্ৰযোজক আৰু নৃত্যশিল্পী আছিল তেওঁ হিন্দী চলচ্চিত্ৰ, টেলিভিছন, টিয়াট্ৰ প্ৰডাকচন আদিৰ কামৰ বাবে…
-
শিল্পা মুদবী
শিল্পা মুদবী (Shilpa Mudbi) শিল্পা এগৰাকী ভাৰতীয় গৱেষিকা, গায়িকা, পৰিবেশিকা, নাট্যশিল্পী, অভিনেত্ৰী, আৰু তথ্যচিত্ৰ নিৰ্মাতা। বৰ্তমান তেওঁ কৰ্ণাটকৰ বিভিন্ন লোক-শিল্পৰ সংৰক্ষণ আৰু সংগ্ৰহৰ কাম কৰি আছে। স্বামী আৰু সুমিত্ৰা সুন্দৰৰ সৈতে তেওঁ আৰ্বান ফ’ক প্ৰজেক্টৰ সহ-প্ৰতিষ্ঠাপক আছিল।
-
সতীশ শ্বাহ
সতীশ ৰবিলাল শ্বাহ (Satish Ravilal Shah; ২৫ জুন ১৯৫১ – ২৫ অক্টোবৰ ২০২৫) এজন ভাৰতীয় অভিনেতা আছিল। জানে ভি দো ইয়াৰো (১৯৮৩), য়েহ জো হেয় জিন্দেগী (১৯৮৪), চাৰাভাই বনাম চাৰাভাই (২০০৪), মেইন হুন না (২০০৪), কল হো না হো (২০০৩), ফানা (২০০৬) আৰু ওম শান্তি ওম (২০০৭) আদি ছবিত কমিক চৰিত্ৰত অভিনয়ৰ বাবে তেওঁ…
-
সৌৰভ দাস
সৌৰভ দাস (Sourav Das; জন্ম: ২১ জানুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেতা, উপস্থাপক, কৌতুক অভিনেতা, আৰু থিয়েটাৰ পৰিচালক। ‘বয়েই গেল’ নামৰ টিভি ধাৰাবাহিক এখনত অভিনয়েৰে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল।
-
ৰীমা ৰাকেশ নাথ
ৰীমা ৰাকেশ নাথ (ইংৰাজী: Reema Rakesh Nath) এগৰাকী বলীউড চলচ্চিত্ৰ লেখিকা, পৰিচালক, আৰু প্ৰযোজক৷ তেওঁ সাজন, আৰজু আৰু হম তুম্হাৰে হেঁ সনমৰ দৰে ছবিৰ চিত্ৰনাট্যৰ লিখাৰ বাবে পৰিচিত।