অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এম. জয়শ্ৰী

এম. জয়শ্ৰী (ইংৰাজী: M. Jayashree; ১৯২১ – ২০০৬), এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ মূলতঃ কানাড়া ছবিত অভিনয় কৰিছিল। ৰায়ৰা ছ'ছে (১৯৫৭), নাগাৰহাভু (১৯৭২), এৰাডু কানাছু আৰু শ্ৰী শ্ৰীনিবাস কল্যাণ আদি ছবিত কৰা সহযোগী চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত। এম.

হালনাগাদ: ১৩ মাৰ্চ ২০২৫ ২৩২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

এম. জয়শ্ৰী (ইংৰাজী: M. Jayashree; ১৯২১ – ২০০৬), এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ মূলতঃ কানাড়া ছবিত অভিনয় কৰিছিল। ৰায়ৰা ছ'ছে (১৯৫৭), নাগাৰহাভু (১৯৭২), এৰাডু কানাছু আৰু শ্ৰী শ্ৰীনিবাস কল্যাণ আদি ছবিত কৰা সহযোগী চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত।

এম. জয়শ্ৰীক বিশেষভাবে ‘ৰূপালী পৰ্দাৰ আম্মা’ বুলি কোৱা হৈছিল। ১৯৭০ চনত অমৰ ভাৰতী ছবিত অভিনয় কৰি তেওঁ কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বঁটা লাভ কৰে।

কৰ্মজীৱন

তামিল ছবি বাজিভিল থিৰুনালত অভিনয় কৰাবলৈ ষ্টুডিঅ’ৰ মালিকৰ ভগ্নী দেৱীয়ে জয়শ্ৰীক তামিলনাডুৰ পক্ষীৰাজ ষ্টুডিঅ’লৈ আনিছিল। তামিল ছবিত অভিনয়ৰ বাবে জয়শ্ৰীৰ সুবিধা দিয়া হৈছিল।১ এই কথা কানাড়া চলচ্চিত্ৰ নিৰ্মাতা হন্নপ্পা ভাগৱতৰে লক্ষ্য কৰিছিল আৰু তেওঁ ১৯৪৮ চনৰ ভক্ত কুম্বৰা ছবিৰ জৰিয়তে কানাড়া ছবিত অভিষেক ঘটায়ছিল।২

১৯৪৯ চনত লোককথাৰ আধাৰত নিৰ্মিত প্ৰথম কানাড়া চলচ্চিত্ৰ বুলি গণ্য কৰা নাগকন্নিকাত নায়িকা হিচাপে অভিনয় কৰিছিল।৩ ১৯৫১ চনত তেওঁ তিলোত্তমে ছবিৰ নাম ভূমিতাক অভিনয় কৰে। পৰবৰ্তী সময়ত তেওঁ ড° ৰাজকুমাৰ, কল্যাণ কুমাৰ, বিষ্ণুবৰ্ধন, অম্বৰীশ, বাঘ প্ৰভাকৰ, ৰাজেশ, গংগাধৰ, শ্ৰীনাথ আৰু অন্য বহুতো ছবিত মাতৃ, শাহু, খুৰী আদি চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। পাঁচ দশকজোৰা অভিনয় জীৱনত জয়শ্ৰীয়ে ৪৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল।

মৃত্যু

নব্বৈৰ দশকত জয়শ্ৰীয়ে মাত্ৰ দুখন ছবিতহে অভিনয় কৰিছিল। তেওঁৰ শেষৰখন মুক্তি পোৱা ছবি আছিল সাবিৰা মেটিলু, যিখন পুট্টানা কনাগালৰ এখন অসমাপ্ত ছবি আৰু কে.এছ.এল.স্বামীয়ে সমাপ্ত কৰিছিল।

জয়শ্ৰীয়ে জীৱনৰ শেষ বছৰবোৰ মহীশূৰৰ বৃদ্ধাশ্ৰম শ্ৰী বাসৱী শান্তিধমাত কটায়। ২০০৬ চনৰ ২৯ অক্টোবৰত পুৱাই হৃদ ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।১

সন্মান

  • ১৯৭০-৭১ - ‛অমৰ ভাৰতী’ ছবিৰ বাবে কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বঁটা।

তথ্যসূত্ৰ

  1. ↑ (12 July 2017). ಬೆಳ್ಳಿತೆರೆಯ ಅಜರಾಮರ ಅಭಿನೇತ್ರಿ ಎಂ. ಜಯಶ್ರೀ. The Newsism.com
  2. ↑ Bhakta Kumbara. nthwall.com
  3. ↑ B V Shiva Shankar. (16 March 2007). Sepia stories at 60. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এম. জয়শ্ৰী” প্ৰবন্ধৰ সংশোধন ৪৯১০৫৭ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।