আৰৱা আবৌন (Arwa Abouon) জন্ম: ১৯৮২ – মৃত্যু: ২০২০) এগৰাকী লিবিয়ান-কানাডিয়ান ফটোগ্ৰাফাৰ আছিল।
জীৱনী
আৰৱা আবৌনে ১৯৮২ চনত লিবিয়াৰ ট্ৰিপলিত জন্মগ্ৰহণ কৰে। তেওঁ ট্ৰিপলিৰ আমাজিগ বংশৰ আছিল।।১ ১৯৮৩ চনত মুয়াম্মাৰ গাদ্দাফি শাসনত দিয়া যুৱক নিযুক্তিৰ কাৰণে তেওঁ পৰিয়ালৰ সৈতে কানাডালৈ প্ৰব্ৰজন কৰে। তেওঁৰ দেউতাক, মুস্তাফা মহম্মদ আবৌনে (১৯৪০–২০১৩), নিজৰ পুত্ৰসকলৰ জীৱন সুৰক্ষাৰ বাবে আশংকা কৰিছিল।২
আৰৱা আবৌনে ক্যুবেকৰ মণ্ট্ৰিয়েলৰ কনকৰ্ডিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে আৰু তাৰ পৰা ডিজাইন আৰ্টত মেজৰ ডিগ্ৰী লাভ কৰি ২০০৭ চনত সুখ্যাতিৰে সূক্ষ্ম কলাৰ স্নাতক ডিগ্ৰী লাভ কৰে।৩৪ তেওঁৰ শিল্প কৰ্ম পশ্চিমীয়া দেশত বাস কৰা এগৰাকী ইছলামিক মহিলা হিচাপে, তেওঁৰ জীৱনৰ অভিজ্ঞতাৰ পৰা বহুখিনি প্ৰভাৱিত হয় আৰু তেও তেওঁৰ কৰ্মত প্ৰায়ে পশ্চিমীয়া সাংস্কৃতিক প্ৰতীকৰ লগতে পৰম্পৰাগত ইছলামিক ৰীতি-নীতি, সাজ-পাৰ আৰু আইকনসমূহো সন্নিবিষ্ট কৰা হয়।৩৫ তেওঁ ব্যাখ্যা কৰে যে, তেওঁৰ কামৰ লক্ষ্য হৈছে "ৰাজনৈতিক বিষয়ৰ পৰা বিশ্বাসৰ ভেটিৰ কাব্যিক উপস্থাপনলৈ মনোযোগ পৰিৱৰ্তন কৰি ইছলামিক সংস্কৃতিৰ এক সুক্ষ্ম প্ৰশংসাসূচক ভাস্কৰ্য্য শিল্পকৰ্ম কৰা।"৬
আবৌনৰ কৰ্মৰাজি আন্তৰ্জাতিক পৰ্যায়ত কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপ, এছিয়া আৰু মধ্যপ্ৰাচ্যৰ বিভিন্ন গেলেৰীত প্ৰদৰ্শিত হৈছে।২ ২০১৪ চনত ভূমধ্যসাগৰীয় দেশৰ বাবে ২৬ সংখ্যক বাৰ্ষিক আলেকজেণ্ড্ৰা বিয়েনালে বঁটাত তেওঁৰ ডিপ্টিক (Diptych) মিৰ'ৰ মিৰ'ৰ, আল্লাহ আল্লাহে দ্বিতীয় পুৰস্কাৰ লাভ কৰে।২৭ শিল্প সমালোচক ভেলেৰী বেহিয়েৰীয়ে এই শিল্প কৰ্মত লক্ষ্য কৰিছে যে, এই শিল্পৰ টুকুৰাটোৱে ওৰণি টানি লৈ আৰু ওৰণি নোলোৱাকৈ আবৌনৰ প্ৰতিফলন দেখুৱাইছে আৰু ই "ইচ্ছাকৃতভাৱে দৃশ্যগত সৰলতা আৰু হাস্যৰসৰ সৈতে" ধাৰাভাষ্য প্ৰদান কৰে।৮ ২০২০ চনৰ ৯ জুনত মণ্ট্ৰিয়েলত তেওঁৰ মৃত্যু হয়।৯১০
প্ৰদৰ্শনী
- ২০১২ - হৃদয় দ্বাৰা শিক্ষণ - তৃতীয় লাইন গ্যালাৰী, ডুবাই।২১১
- ২০১৪ - হনোলুলু - চুলতান গ্যালাৰী, কুৱেইট।১২
- ২০১৫ - বাৰ্থমাৰ্ক থিয়’ৰী - লণ্ডন প্ৰিণ্ট ষ্টুডিঅ', লণ্ডন, ইউ কে।১৩৮
- ২০১৭ - অভয়াৰণ্য - FOR-SITE ফাউণ্ডেচন, ফ'ৰ্ট মেছন চেপেল, চান ফ্ৰান্সিস্কো, কেলিফৰ্নিয়া।
- ২০১৮ - সংযোগ: আমাৰ সংগ্ৰহৰ সৈতে আমাৰ শিল্প বৈচিত্ৰ্য সংলাপ, মণ্ট্ৰিয়েল মিউজিয়াম অৱ ফাইন আৰ্টছ১৪
তথ্যসূত্ৰ
- ↑ El-Zobaidi, Dunia. (23 October 2015). The Birthmark Theory of Canadian-Libyan artist Arwa Abouon. www.thearabweekly.com/. The Arab Weekly
- ↑ Al-Ageli, Nahla. (9 January 2015). Libyan-Canadian Artist Arwa Abouon Contemplates Life After Death, Angels & Paradise, in Loving Memory of Her Father. Muftah
- ↑ (24 November 2012). 'Learning by Heart' by Libyan-Canadian artist Arwa Abouon. Islamic Arts Magazine
- ↑ Abouon, Arwa. C.V.. Arwa Abouon
- ↑ Behiery, Valerie. (2012). Imaging Islam in the Art of Arwa Abouon. Journal of Canadian Art History. পৃ. 129–147
- ↑ Chunara, Nazish. (August 2016). Arwa Abouon. Venison
- ↑ (27 October 2015). Visual artist Arwa Abouon tackles subjects of identity, gender, humanity and spirituality. al.arte.magazine
- ↑ Behiery, Valerie. (November 2012). Arwa Abouon: Learning by Heart. Nafas Art Magazine
- ↑ 'Libya has lost one of its great artists': Tributes are paid to photographer Arwa Abouon who died aged 38. The National
- ↑ (June 11, 2020). Decease of artist Arwa Abouon. Montreal Museum of Fine Arts
- ↑ Arwa Abouon - Learning By Heart. www.thethirdline.com. The Third Line Art Gallery
- ↑ Honolulu by Arwa Abouon. artkuwait.org. Sultan Gallery
- ↑ (22 September 2015). Nour Festival - Arwa Abouon - London Print Studio. www.londonprintstudio.org.uk. London Print Studio
- ↑ Stein, Katharine. (October 10, 2018). Building new narratives at the Montreal Museum of Fine Arts. www.concordia.ca
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰৱা আবৌন” প্ৰবন্ধৰ সংশোধন ৪৮৬৩৭৩ (৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।