অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আজালিয়া চুহাইমি

আজালিয়া চুহাইমি (Azalia Suhaimi; জন্মঃ ১৮ মে’ ১৯৮৫) হৈছে মালয়েছিয়াৰ এগৰাকী গল্পকাৰ, কবি আৰু শিল্পী। কাহিনী কোৱাৰ ক্ষেত্ৰত আৰু গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা বিষয়ত সজাগতা বৃদ্ধিৰ বাবে তেওঁ বিভিন্ন মাধ্যমৰ সংমিশ্ৰণ ঘটায়।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২৪ ৪৬৬ শব্দ · ৩ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আজালিয়া চুহাইমি (Azalia Suhaimi; জন্মঃ ১৮ মে’ ১৯৮৫) হৈছে মালয়েছিয়াৰ এগৰাকী গল্পকাৰ, কবি আৰু শিল্পী। কাহিনী কোৱাৰ ক্ষেত্ৰত আৰু গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা বিষয়ত সজাগতা বৃদ্ধিৰ বাবে তেওঁ বিভিন্ন মাধ্যমৰ সংমিশ্ৰণ ঘটায়। তেওঁ ব্যৱহাৰ কৰা মাধ্যমসমূহৰ ভিতৰত আছে কবিতা, চিত্ৰ, ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী।

পটভূমি

আজালিয়া চুহাইমি‍ৰ জন্ম কুৱালা লামপুৰত আৰু তাতেই ডাঙৰ-দীঘল হৈছিল; ইপোহ নামৰ সৰু চহৰ এখনৰ বিদ্যালয়ত পঢ়া-শুনা কৰিছিল। তেওঁ কম বয়সৰ পৰাই লিখা-মেলা কৰিবলৈ‍ ভাল পাইছিল আৰু হাইস্কুলৰ পৰাই ইংৰাজী সাহিত্যৰ প্ৰতি‍ গুৰুত্ব দিবলৈ‍ আৰম্ভ কৰিছিল।

তৃতীয় পৰ্যায়ৰ শিক্ষাৰ বাবে অষ্ট্ৰেলিয়াৰ ছিডনীলৈ উৰা মৰাৰ পূ্ৰ্বে‍ তেওঁ প্ৰথমবাৰৰ বাবে কমপ্যাক্ট কেমেৰা ক্ৰয় কৰি‍ ফটোগ্ৰাফী কলাৰ সৈতে প্ৰথমবাৰৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰিছিল। বিশ্ববিদ্যালয়ৰ বছৰবোৰত অষ্ট্ৰেলিয়া ভ্ৰমণ কালত ফটোগ্ৰাফীৰ প্ৰতি তেওঁৰ প্ৰেম বৃদ্ধি হৈছিল। ইয়াৰ ফলত তেওঁ অষ্ট্ৰেলিয়া নিউ চাউথ ৱেলছ বিশ্ববিদ্যালয়ৰ সৃষ্টিশীল কলা অনুষদৰ অন্তৰ্গত কলেজ অৱ ফাইন আৰ্টছত ফটোগ্ৰাফীৰ এক সঠিক পাঠ্যক্ৰমৰ বাবে নামভৰ্তি‍ কৰিছিল। চুটি পাঠ্যক্ৰমৰ যোগেদি‍ ফটোগ্ৰাফী অধ্যয়ন কৰাৰ পিছতো তেওঁ দাবী কৰিছিল যে কেৱল কেমেৰাৰ কাৰিকৰী কামত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে কলাত্মক দৃষ্টিভংগী আৰু হৃদয়েৰে ফটো তোলা কথাটোহে তেওঁ বেছি পছন্দ কৰে।

লেখা আৰু ফটোগ্ৰাফী দুয়োটাৰে প্ৰতি তেওঁৰ প্ৰেম ৰাজহুৱা হৈছিল যেতিয়া তেওঁ ফটোপোয়েট্ৰী নামৰ এটা ব্লগ তৈয়াৰ কৰিছিল। ফটোগ্ৰাফীৰ উপৰিও আজালিয়া চুহাইমীয়ে ভিডিঅ'গ্ৰাফীতো নিজৰ দক্ষতা অন্বেষণ কৰিছিল।

আজালিয়া চুহাইমি‍য়ে নিউ চাউথ ৱেলছ বিশ্ববিদ্যালয়ৰ পৰা একাউণ্টেন্সী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল, আৰু পৰৱৰ্তী জীৱনত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত ডিপ্লোমা সম্পূৰ্ণ কৰি তেওঁ তেওঁৰ আগ্ৰহ অনুসৰণ কৰাৰ সিদ্ধান্ত লৈছিল।

মাতৃকুলৰ মানসিক স্বাস্থ্য বিষয়ত সজাগতা বৃদ্ধি কৰিবলৈ তেওঁ ডিজিটেল চিত্ৰ সৃষ্টি কৰি তাত তেওঁৰ নিজৰ শৈল্পিক দক্ষতা অন্বেষণ কৰিছিল।

তেওঁৰ কথা, কলা, ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফীসমূহ ছ'চিয়েল মিডিয়াত, মুখ্যতঃ নতুন মাতৃ দৰ্শকসকলৰ মাজত ব্যাপকভাৱে শ্বেয়াৰ হৈছে।

বঁটা আৰু প্ৰকাশনসমূহ

তেওঁৰ ৱেবছাইট আজালিয়া চুহাইমি ফটোপয়েট্ৰিক স্বীকৃতিপ্ৰাপ্ত অনলাইন কলেজ ৱেবছাইটৰ দ্বাৰা ১০০টা শ্ৰেষ্ঠ কবিতা ব্লগৰ অংশ হিচাপে স্থান দিয়া হৈছিল।১২ তেওঁৰ কিছু আলোকচিত্ৰ ক্ৰিয়েটিভ আৰ্টছ শাখাৰ অধীনত লাইভ এণ্ড ইন্সপায়াৰ অনলাইন আলোচনীত সময়ে সময়ে প্ৰকাশিত হৈছে।৩ কলা জগতৰ বাহিৰেও, আজালিয়া চুহাইমীয়েও দ্য ষ্টাৰ নামেৰে জনাজাত স্থানীয় মালয়েছিয়াৰ বাতৰি কাকতত নিজ দেশৰ বিষয়ে মতামত প্ৰকাশ কৰি আহি‍ছে।৪

আজালিয়াই বৰ্তমান এখন কিতাপৰ কাম কৰি আছে‍ বুলি জানিব পৰা গৈছে আৰু সেইখনত তেওঁ তেওঁৰ সকলো শ্ৰেষ্ঠ ফটোপোয়েট্ৰি ৰচনা সংকলিত কৰিব বিচাৰিছে‍।

প্ৰদৰ্শনীসমূহ

আজালিয়াই প্ৰথমে নিউ চাউথ ৱেলছ বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয়ৰ সময়ছোৱাত বিশেষকৈ কলেজ অৱ ফাইন আৰ্টছৰ ৰঙীন ফটোগ্ৰাফীৰ গ্ৰীষ্মকালীন পাঠ্যক্ৰমত নিজৰ ফটোগ্ৰাফী কৰ্মসমূহ প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছিল। অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছ বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ সেৱাই আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় ফটোগ্ৰাফী প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল য’ত তেওঁৰ কৰ্মৰাজি সমগ্ৰ বিশ্বৰ আন ছাত্ৰ-ছাত্ৰীৰ সৈতে একেলগে প্ৰদৰ্শিত হৈছিল৷

২০০৮ চনত অষ্ট্ৰেলিয়াৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত আজালিয়াই মালয়েছিয়াৰ কেইবাটাও শিল্প প্ৰদৰ্শনী আৰু অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। তেওঁ অংশগ্ৰহণ কৰা প্ৰদৰ্শনীসমূহৰ ভিতৰত আছিল ৰান্তাই আৰ্ট ফেষ্টিভেল (২০০৮), কে. এল. ইউ. ই. আৰ্বানস্কেপ্স (২০০৯ আৰু ২০১০), আৰু লগতে কুৱালা লামপুৰ ডিজাইন উইক (২০০৯ আৰু ২০১০)। কুৱালা লামপুৰ ডিজাইন উইক ২০১০-ত তেওঁৰ ফটোগ্ৰাফী আৰু কবিতাৰ দুয়োটা কাম তেওঁ নিজে ডিজাইন কৰা এটা তম্বুৰ চাৰিওফালে আঁৰি‍ প্ৰদৰ্শন কৰা হৈছিল।৫ আজালিয়াই তেওঁৰ সকলো প্ৰদৰ্শনীতে নিজৰ উদ্ধৃতি আৰু ফটোগ্ৰাফীৰে ডিজাইন কৰা সংগ্ৰহযোগ্য পোষ্টকাৰ্ডও বিক্ৰী কৰি আহিছে৷৬

তথ্যসূত্ৰ

  1. ↑ Home. azaliasuhaimi.com
  2. ↑ 100 Best Poetry Blogsaccreditedonlinecolleges.com 2010
  3. ↑ Azalia Suhaimi « Live & Inspire Magazine – the online portal that serves to report on HAPPY news and stories of growth and inspiration
  4. ↑ Quirks and quacks. thestar.com.my
  5. ↑ Azalia Suhaimi at the Kuala Lumpur Design Week 2010
  6. ↑ Azalia Suhaimi's collectible postcards

সম্পৰ্কিত শ্ৰেণী

ফটোগ্ৰাফাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজালিয়া চুহাইমি” প্ৰবন্ধৰ সংশোধন ৪৫৫৪৩৫ (১৫ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।