হিলিয়াৰ হ্ৰদ (Lake Hillier) হৈছে পশ্চিম অষ্ট্ৰেলিয়াৰ দক্ষিণ উপকূলত থকা এটা নিমখীয়া পানীৰ হ্ৰদ। গুলপীয়া ৰঙৰ বাবে ই বিশেষভাৱে উল্লেখযোগ্য। গোল্ডফিল্ড-এস্পেৰেন্স অঞ্চলৰ ৰেচাৰ্চে দ্বীপপুঞ্জ গঠন কৰা দ্বীপ আৰু আইলেটবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মধ্য দ্বীপৰ কাষত এই হ্ৰদটো অৱস্থিত। এটা পাতল দীঘলীয়া পাৰে হ্ৰদটোক ভাৰত মহাসাগৰৰপৰা বিভাজন কৰিছে।

বিৱৰণ
হিলিয়াৰ হ্ৰদৰ দৈৰ্ঘ্য প্ৰায় ৬০০ মিটাৰ (২,০০০ ফুট) আৰু প্ৰস্থ প্ৰায় ২৫০ মিটাৰ (৮২০ ফুট)।১ হ্ৰদটো এটা বালিৰ পাৰে, লগতে পেপাৰবাৰ্কৰ এক ঘন বনভূমি আৰু ইউকেলিপ্টাছ গছে আগুৰি আছে।২ গছ-গছনিৰে আবৃত বালিৰ টিলাৰ এটা ঠেক পটিয়ে ইয়াৰ উত্তৰ প্ৰান্তক মধ্য দ্বীপৰ উত্তৰ উপকূলৰ পৰা পৃথক কৰে। হ্ৰদটোৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ইয়াৰ গুলপীয়া, জীৱন্ত ৰং। এই জীৱন্ত ৰং স্থায়ী, আৰু পাত্ৰ এটাত পানী তুলি আনিলেও এই ৰং সলনি নহয়। ডুনালিলা চেলিনা নামৰ জীৱৰ উপস্থিতিৰ বাবে পানীৰ এই গুলপীয়া ৰংটো হোৱা বুলি বিশ্বাস কৰা হয়।৩ বায়’মলিকিউলাৰ ৰিচৰ্চ ফেচিলিটিজ (এ বি আৰ এফ) সংগঠনৰ অংশ দ্য এক্সট্ৰিম মাইক্ৰোবিয়ম প্ৰকল্পৰ অন্তৰ্গত মেটাজিনোমিক্স ৰিচাৰ্চ গ্ৰুপে (এম জি আৰ জি) ডুনালিলাৰ লগতে চেলিনিবেক্টৰ ৰুবাৰ, ডেক্লোৰোমোনাছ এৰোমেটা আৰু আৰ্কিয়াৰ কেইটামান প্ৰজাতি বিচাৰিবলৈ হ্ৰদটোৰ ওপৰত এটা মেটাজিনোমিক পৰীক্ষা কৰিছে।৪
বুৰঞ্জী
১৮০২ চনৰ ১৫ জানুৱাৰীত নিজৰ অভিযানৰ সময়ত মেথিউ ফ্লিণ্ডাৰ্ছে হিলিয়াৰ হ্ৰদটো পৰিদৰ্শন কৰে। ফ্লিণ্ডাৰ্ছৰ জাৰ্নেলসমূহক হ্ৰদটোৰ প্ৰথম লিখিত ৰেকৰ্ড বুলি গণ্য কৰা হয়। ফ্লিণ্ডাৰ্ছে দ্বীপটোৰ সৰ্বোচ্চ শৃংগ (বৰ্তমান ফ্লিণ্ডাৰ্ছ পিক বুলি কোৱা হয়) আৰোহণ কৰাৰ পিছত গুলপীয়া হ্ৰদটো প্ৰত্যক্ষ কৰে।৫
সূত্ৰ অনুসৰি ফ্লিণ্ডাৰ্ছে পৰৱৰ্তী সময়ত মধ্য দ্বীপৰ পৰা অভিযানৰ প্ৰস্থানৰ আগতে ২০ মে’, ১৮০৩ তাৰিখে গ্ৰহণী বেমাৰত মৃত্যু হোৱা অনুসন্ধানকাৰী দলৰ এজন ক্ৰু সদস্য উইলিয়াম হিলিয়াৰৰ নামেৰে হ্ৰদটোৰ নামাকৰণ কৰে।৬৭
উনবিংশ শতিকাৰ শেষৰ ফালে হ্ৰদটো নিমখ খননৰ অধীনত আছিল। নিমখ খনন উদ্যোগটো "ব্যৱহাৰৰ বাবে সংগ্ৰহ কৰা নিমখ বিষাক্ত" বুলি ধৰা পৰা আদিকে ধৰি কেইবাটাও কাৰণত বিফল হোৱা বুলি জানিব পৰা গৈছে।৭
পৰ্যটন
মৃত সাগৰৰ তুলনাত উচ্চ হাৰত নিমখ থকা স্বত্বেও, হিলিয়াৰ হ্ৰদ সাঁতুৰিব পৰাকৈ সুৰক্ষিত। অৱশ্যে, পশ্চিম অষ্ট্ৰেলিয়া পৰিৱেশ সংৰক্ষণ বিভাগৰ পূৰ্বৰ অনুমোদন অবিহনে ইয়াত সাঁতুৰিবলৈ অনুমতি দিয়া নহয়।৮
হিলিয়াৰ হ্ৰদত উপনীত হোৱাৰ বহুত কম উপায় আছে। বিমান যাত্ৰা হৈছে ইয়াত উপস্থিত হোৱাৰ সচৰাচৰ পদ্ধতি, এস্পেৰেন্স বিমানবন্দৰৰ পৰা দিনে ছয়খন বিমান ওচৰৰ কেপ লে গ্ৰেণ্ড ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে হিলিয়াৰ হ্ৰদৰ ওপৰেৰে উৰা মাৰে। হ্ৰদৰ লগতে ইয়াৰ চাৰিওফালৰ বনাঞ্চল পৰিদৰ্শন কৰিব বিচৰা যাত্ৰীসকলৰ বাবে জাহাজ ভ্ৰমণ হৈছে পৰিদৰ্শনৰ এক বিকল্প ব্যৱস্থা।
তথ্যসূত্ৰ
- ↑ Lake Hillier
- ↑ (2014). Ten Random Facts - Lake Hillier
- ↑ Department of Environment and Conservation. (2012). A guide to managing and restoring wetlands in Western Australia. Department of Environment and Conservation, Perth, Western Australia. পৃ. 18–19
- ↑ Heger, Monica. (March 7, 2016). Extreme Microbiome Project Aims to Characterize Microbes Living in Harsh Environments. genomeweb
- ↑ Flinders, Matthew. (1814). A Voyage to Terra Australis; Undertaken for the purpose of completing the discovery of that vast country, and prosecuted in the years 1801, 1802 and 1803, in his majesty's ship the Investigator, and subsequently in the armed vessel Porpoise and Cumberland schooner. With an account of the shipwreck of the Porpoise, arrival of the Cumberland at Mauritius, and imprisonment of the commander during six years and a half in that island. Volume I. Printed by W. Bulmer and Co. and published by G. And W. Nicol
- ↑ Flinders, Matthew. (1814). A Voyage to Terra Australis; Undertaken for the purpose of completing the discovery of that vast country, and prosecuted in the years 1801, 1802 and 1803, in his majesty's ship the Investigator, and subsequently in the armed vessel Porpoise and Cumberland schooner. With an account of the shipwreck of the Porpoise, arrival of the Cumberland at Mauritius, and imprisonment of the commander during six years and a half in that island. Volume II. Printed by W. Bulmer and Co. and published by G. And W. Nicol
- ↑ Green, Jeremy; Souter, Corioli; Baker, Patrick. (2001). Department of Maritime Archaeology Visit to Middle Island, Recherche Archipelago, Esperance, 29 April–4 May 2001, Report–Department of Maritime Archaeology Western Australian Maritime Museum No. 154. Western Australian Maritime Museum. পৃ. 7
- ↑ Swim in Lake Hillier, Australia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিলিয়াৰ হ্ৰদ” প্ৰবন্ধৰ সংশোধন ৫৮৩৫৮৪ (২৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।