অমৃতা দেৱী বিষ্ণোই বন্যপ্ৰাণী সুৰক্ষা বঁটা ভাৰত চৰকাৰে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে প্ৰতিষ্ঠা কৰা এক ৰাষ্ট্ৰীয় বঁটা। ১৭৩০ চনত ৰাজস্থানৰ খেজাৰলীত খেজৰি গছৰ বাগিছা এখন ৰক্ষা কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত খেজাৰলী হত্যাকাণ্ডত নিহত হোৱা অমৃতা দেৱী বিষ্ণোইৰ স্মৃতিত এই বঁটা প্ৰদান কৰা হৈছে।১২৩৪৫
ৰাজস্থান আৰু মধ্যপ্ৰদেশ চৰকাৰে প্ৰথমে বন্যপ্ৰাণীৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্য পৰ্যায়ৰ অমৃতা দেৱী বিষ্ণোই বঁটা আৰম্ভ কৰিছিল। এই বঁটাত আছিল নগদ ২৫,০০০ টকা। পিছলৈ ২০১৩ চনত পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ে অমৃতা দেৱী বিষ্ণোই ৰাষ্ট্ৰীয় বঁটা প্ৰতিষ্ঠা কৰে। ১,০০,০০০ টকা নগদ ধনৰ বঁটা বন্যপ্ৰাণী সুৰক্ষাৰ সৈতে জড়িত ব্যক্তি বা প্ৰতিষ্ঠানক দিয়া হয়।১২
ৰাজ্যৰ যোধপুৰৰ চিৰাই গাঁৱৰ গংগা ৰাম বিষ্ণয়ক মৰণোত্তৰভাৱে ২০০১ চনৰ ১১ ছেপ্টেম্বৰত কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰীয়ে প্ৰথম অমৃতা দেৱী বিষ্ণোই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। গংগা ৰামে কোনোবা চিকাৰীক খেদি ফুৰিছিল যিয়ে এটা হৰিণ হত্যা কৰিছিল আৰু চিকাৰীয়ে গুলীয়াই হত্যা কৰিছিল। ১১ ছেপ্টেম্বৰক ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস হিচাপে পালন কৰা হয়।৬৭৮৯
১৪৮৫ চনত ৰাজস্থানৰ থাৰ মৰুভূমিত গুৰু জম্ভেশ্বৰে আৰম্ভ কৰিছিল বিষ্ণোই সম্প্ৰদায়। ১৭৩০ চনত অমৃতা দেৱীৰ সৈতে আন ৩৬৩ জনতকৈ অধিক বিষ্ণোই খেজৰি গছ বচাই মৃত্যুবৰণ কৰে।১০ ৰাজস্থান, পঞ্জাব, হাৰিয়ানা, আৰু মধ্যপ্ৰদেশৰ পশ্চিম অঞ্চলত বিয়পি পৰা বিষ্ণোই সম্প্ৰদায়ে ১৯৭২ চনৰ বন্যপ্ৰাণী সুৰক্ষা আইনখনৰ পিছত ভাৰতত স্বীকৃতি লাভ কৰে। ই উত্তৰাখণ্ডৰ চিপকো আন্দোলনক অনুপ্ৰাণিত কৰিছিল। ১৯৯৮ চনত ৰাজস্থানৰ যোধপুৰৰ ওচৰত চিনেমাৰ শ্বুটিঙৰ সময়ত দুটা ব্লেকবাক হত্যা কৰাৰ অভিযোগত বিষ্ণোই সম্প্ৰদায়ে বলীউডৰ অভিনেতা চলমান খানক আদালতলৈ লৈ যায়।১২৬১১১২
তথ্যসূত্ৰ
- ↑ (2020-06-04). The Bishnois have been at the forefront of environmental conservation for centuries. Gaonconnection · Your Connection with Rural India
- ↑ Amrita Devi Bishnoi Wildlife Protection Award - The Official Website of Ministry of Environment, Forest and Climate Change, Government of India Ministry of Environment, Forest and Climate Change. The Official Website of Ministry of Environment, Forest and Climate Change, Government of India
- ↑ Veda, A., 1998. Management of Natural Resources
- ↑ (April 14, 2011). Govt plans national awards for environment protectors. The Times of India
- ↑ Remembering Amrita's sacrifice. The Tribune
- ↑ (2020-04-07). Bishnois organise and educate themselves to take environment conservation beyond religion. Mongabay-India
- ↑ Sahapedia. (2020-09-10). When Amrita Devi and 362 Bishnois sacrificed their lives for the Khejri tree. Feminism In India
- ↑ International Research Journal of Commerce Arts and Science. International Research Journal of Commerce Arts and Science
- ↑ (2020-09-11). National Forest Martyrs Day 2020: Why we observe this day on Sept 11 every year and how it started. Jagran English
- ↑ (2018-06-05). On Environment Day, recognise Bishnois for saving trees. Business Standard India. Press Trust of India
- ↑ (2017-05-28). The Bishnois, India's original environmentalists, who inspired the Chipko movement. Ecologise
- ↑ Salman Khan: How a committed and inspired Bishnoi community did Salman Khan in. The Economic Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৃতা দেৱী বিষ্ণোই পৰিৱেশ সুৰক্ষা বঁটা” প্ৰবন্ধৰ সংশোধন ৬০৮৪৮৮ (২৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।