গৰদ শাৰী ( Garad saree ) পশ্চিম বংগৰ পৰম্পৰাগত হাতেৰে বোৱা শাৰী। পশ্চিম বংগৰ মুৰ্চিদাবাদ আৰু বীৰভূম জিলাত ইয়াৰ উৎপাদন হয়। মিৰ্জাপুৰৰ বোৱনী মৃত্যুঞ্জয় সৰকাৰ এই বিখ্যাত শাৰীৰ উদ্ভাৱক।১ এই হস্ততাঁত শাৰীখন আচল আৰু "বুটি"ত সুন্দৰ সূক্ষ্ম নক্সা, বয়নত ১০০% বিশুদ্ধ ৰেচমৰ ব্যৱহাৰ আৰু কাপোৰৰ মিহিগুণৰ বাবে বিখ্যাত। ২০২৪ চনত গৰদ শাৰীয়ে পশ্চিম বংগৰ পঞ্জীয়নভুক্ত ভৌগোলিক নিৰ্দেশক হিচাপে স্বীকৃতি লাভ কৰে।২
এই শাৰীখন পৰম্পৰাগতভাৱে ৯০-৯২ ৰেচম সূতা আৰু সোণালী জৰী সূতা ব্যৱহাৰ কৰি উৰামাকো গাঁতশালত বোৱা হয়। শাৰীত নক্সাবিহীন পাৰি আৰু গা অংশ বা পাৰি বা গা অংশৰ সৈতে অতিৰিক্ত দীঘ জে/চি বা জালা নক্সা দেখা যায়। আগতে শাড়ীৰ পাৰি, গা অংশ আৰু আচলত কোনো নক্সা নাছিল আৰু এই শাৰীখন আছিল পবিত্ৰতা, বিশুদ্ধতা আৰু মংগলৰ প্ৰতীক। বৰ্তমান সময়তো বঙালী হিন্দু মহিলাসকলে পূজাৰ সময়ত বিশেষকৈ দুৰ্গা পূজাৰ অষ্টমী পূজা আৰু বিসৰ্জনৰ দিনা সেন্দূৰ খেলাত এই শাৰী পিন্ধে। গৰদ শাড়ীৰ বিশেষত্ব হ'ল ইয়াক সৰল পৰম্পৰাগত “খাই” মাৰা বা “খাই” ফিনিচ দিয়া হয় আৰু শেষত ভাঁজ কৰি “প্যাট” নামৰ বিশেষ আকৃতিত ভাঁজ কৰা হয়।
ৰঘুনাথগঞ্জ আৰু মুৰাৰাই অঞ্চলৰ তাঁতী সম্প্ৰদায়ে এই শাৰী তৈয়াৰ কৰে। ২০২৪ চনলৈকে পশ্চিম বংগৰ মুৰ্ছিদাবাদ আৰু বীৰভূম জিলাত গৰদ শাৰী বোৱাৰ কামত ৬০০ৰো অধিক তাঁতশাল জড়িত হৈ আছে। ২০১৮–১৯ বিত্তীয় বৰ্ষত ১৪.৯৬ কোটি টকা (২০২৩ চনত ১৯ কোটি বা ২.১ মিলিয়ন মাৰ্কিন ডলাৰৰ সমতুল্য) কোটি টকাৰ গৰদ শাড়ীৰ ব্যৱসায় কৰা হৈছিল।৩
তথ্যসূত্ৰ
- ↑ Application details of the Garad Saree – Geographical Indications. Intellectual Property India
- ↑ 703 – Form GI-1 – 08-09-2020
- ↑ Roy Chowdhury, Bappaditya. (9 October 2020). আন্তৰ্জাতিক স্বীকৃতিৰ লড়াইয়ে নামল বাংলাৰ টাঙ্গাইল, কড়িয়াল, গৰদ. Bartaman Patrika
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৰদ শাৰী” প্ৰবন্ধৰ সংশোধন ৪৯৫৭৬০ (২২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।