পশ্চিম বংগৰ সংগ্ৰহালয়
১৮ প্ৰবন্ধ
-
ভাৰতীয় সংগ্ৰহালয়
ভাৰতীয় সংগ্ৰহালয় (Indian Museum) ভাৰতৰ পশ্চিম বংগৰ মধ্য কলকাতাত অৱস্থিত এক বৃহৎ সংগ্ৰহালয়। স্বাধীনতাৰ পূৰ্বে ইয়াক ইম্পেৰিয়েল মিউজিয়াম অফ কলকতা বুলি কোৱা হৈছিল। সংগ্ৰহৰ আকাৰ অনুসৰি ই বিশ্বৰ নৱম পুৰণি সংগ্ৰহালয় আৰু এছিয়াৰ আটাইতকৈ পুৰণি আৰু বৃহৎ সংগ্ৰহালয়।
-
একাডেমী অফ ফাইন আৰ্টচ
একাডেমী অফ ফাইন আৰ্টচ ( Academy of Fine Arts ) কলকাতা (পূৰ্বৰ কলিকতা)ৰ পুৰণি ললিত কলা একাডেমীবোৰৰ অন্যতম। একাডেমীৰ গেলেৰীসমূহে ৬,৩০০ বৰ্গফুটৰ বিশাল ঠাই আগুৰি আছে আৰু ইয়াত এটা প্ৰেক্ষাগৃহ, এটা সন্মিলন কেন্দ্ৰ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ আৰু অমূল্য চিত্ৰকলা, বস্ত্ৰশিল্প আদিৰ সংগ্ৰহ আছে।
-
ভিক্টোৰিয়া মেম’ৰিয়েল, কলকাতা
ভিক্টোৰিয়া মেম’ৰিয়েল (The Victoria Memorial) মধ্য কলকাতাৰ মৈদানত অৱস্থিত মাৰ্বলৰ এটা বৃহৎ কীৰ্তিচিহ্ন, যাৰ প্ৰৱেশদ্বাৰ কুইনছ ৱে’ত আছে। ব্ৰিটিছ ৰাজৰ দ্বাৰা ইয়াক ১৯০৬ চনৰ পৰা ১৯২১ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।
-
কলকাতা মিউজিয়াম অফ মডাৰ্ণ আৰ্ট
কলকাতা মিউজিয়াম অফ মডাৰ্ণ আৰ্ট (Kolkata Museum of Modern Art; সংক্ষিপ্ত ৰূপ:KMOMA) হৈছে কলকাতাৰ নিউ টাউনত নিৰ্মাণ হ'বলগীয়া এটা প্ৰস্তাৱিত চিত্ৰকলা সংগ্ৰহালয়।
-
কাৰেন্সি বিল্ডিং
কাৰেন্সি বিল্ডিং (Currency Building) ভাৰতৰ পশ্চিম বংগৰ কলকাতাৰ বি বি ডি বাগ (ডেলহাউছি স্কোৱাৰ) কেন্দ্ৰীয় ব্যৱসায়িক জিলাত অৱস্থিত, ১৯ শতিকাৰ আৰম্ভণিৰ এটা অট্টালিকা। প্ৰথমে ১৮৩৩ চনত আগ্ৰা বেংকৰ কলিকতা শাখাৰ বাবে এই ভৱনটো নিৰ্মাণ কৰা হৈছিল।
-
গুৰুসদয় সংগ্ৰহালয়
গুৰুসদয় সংগ্ৰহালয় ( Gurusaday Museum) ভাৰতৰ কলকাতাত অৱস্থিত এক লোককলা আৰু শিল্প সংগ্ৰহালয়।
-
চাঁওতাল সংস্কৃতি সংগ্ৰহালয়
চাঁওতাল সংস্কৃতি সংগ্ৰহালয় ( Museum of Santal Culture) হৈছে পশ্চিম বংগৰ বিষ্ণুবাটি গাঁৱত অৱস্থিত এটা ব্যক্তিগত সামূহিক সংগ্ৰহালয়। সম্প্ৰদায়ৰ দ্বাৰা সঞ্চালিত এই সংগ্ৰহালয়টোৱে অঞ্চলটোত বহুলাংশে প্ৰচলিত চাওতাল সম্প্ৰদায়ৰ ইতিহাসৰ নথিকৰণ কৰে, য’ত তেওঁলোকৰ অতীত, তেওঁলোকৰ স্মৃতি আৰু পৰম্পৰাগত…
-
জোৰাসাঁকো ঠাকুৰবাড়ী
জোৰাসাঁকো ঠাকুৰবাড়ী (Jorasanko Thakur Bari) ভাৰতৰ পশ্চিম বংগৰ উত্তৰ কলকাতাৰ জোৰাসাকোত অৱস্থিত এটা হাউলী, ঠাকুৰ পৰিয়ালৰ পূৰ্বপুৰুষৰ ঘৰ। ই কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মস্থান আৰু ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয় চৌহদ পৰিসৰ।
-
নেতাজী ভৱন
নেতাজী ভৱন ( Netaji Bhawan ) পশ্চিম বংগৰ কলকাতাত অৱস্থিত এটা ঐতিহ্যমণ্ডিত ভৱন, যাক ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদী "নেতাজী" সুভাষ চন্দ্ৰ বসুৰ জীৱনৰ এক স্মাৰক আৰু গৱেষণা কেন্দ্ৰ হিচাপে ৰক্ষণাবেক্ষণ কৰা হৈছে। বৰ্তমান ই নেতাজী ৰিচাৰ্ছ ব্যুৰোৰ মুখ্য কাৰ্যালয়।
-
নৌকা সংগ্ৰহালয়, কলকাতা
নৌকা সংগ্ৰহালয় (Boat Museum) হৈছে এক সাৰ্বজানিক সংগ্ৰহালয়, যি সম্পূৰ্ণৰূপে বংগ অঞ্চলৰ নাওৰ ইতিহাস নথিকৰণৰ বাবে উৎসৰ্গিত। কলকাতাৰ কাঁকুৰগাছিৰ সাংস্কৃতিক গৱেষণা প্ৰতিষ্ঠানত অৱস্থিত এই সংগ্ৰহালয়টো বংগৰ নদীৰ অতীত স্মৃতি সংৰক্ষণৰ লক্ষ্যৰে এক বিৰল পদক্ষেপ।
-
বেকাৰ হোষ্টেল
বেকাৰ হোষ্টেল ( Baker Hostel) ভাৰতৰ পশ্চিম বংগৰ কলকাতাত অৱস্থিত বেকাৰ হোষ্টেল এখন চৰকাৰী হোষ্টেল। ১৯১০ চনত ব্ৰিটিছ ৰাজৰ শাসনকালত বংগৰ তেতিয়াৰ লেফটেনেণ্ট গৱৰ্ণৰ এডৱাৰ্ড নৰ্মান বেকাৰে এই হোষ্টেলখন প্ৰতিষ্ঠা কৰিছিল।
-
মাদাৰছ্ ৱাক্স মিউজিয়াম
মাদাৰছ্ ৱাক্স মিউজিয়াম (Mother's Wax Museum) হৈছে ভাৰতৰ কলকাতাৰ নিউ টাউনৰ একচন এৰিয়া–II ত পশ্চিম বংগৰ গৃহ নিৰ্মাণ আন্তঃগাঁথনি উন্নয়ন নিগমৰ ভৱনৰ ৫ম আৰু ৬ম মহলাত অৱস্থিত এটা মমৰ সংগ্ৰহালয়।
-
মালদা সংগ্ৰহালয়
মালদা সংগ্ৰহালয় (Malda Museum) পশ্চিম বংগ পুৰাতত্ত্ব সঞ্চালকালয়ৰ অধীনস্থ এটা পুৰাতাত্ত্বিক সংগ্ৰহালয়। ১৯৩৭ চনত প্ৰতিষ্ঠা হোৱা এই সংগ্ৰহালয়টো ভাৰতৰ পশ্চিম বংগৰ মালদা জিলাৰ ইংলিছ বজাৰৰ শুভংকৰ বন্ধ পথত অৱস্থিত।
-
মাৰ্বল পেলেচ, কলকাতা
মাৰ্বল পেলেচ (Marble Palace ) উত্তৰ কলকাতাৰ ঊনবিংশ শতিকাৰ জমিদাৰী প্ৰাসাদ আৰু এইটো ৪৬ নং মুক্তৰাম বাবু ষ্ট্ৰীট, কলকাতাত অৱস্থিত। ই ঊনবিংশ শতিকাৰ কলিকতাৰ অন্যতম সৰ্বোত্তম সংৰক্ষিত আৰু সুদৃশ্য অট্টালিকা।
-
মৌলানা আবুল কালাম আজাদ ইনষ্টিটিউট অৱ এছিয়ান ষ্টাডিজ
মৌলানা আবুল কালাম আজাদ ইনষ্টিটিউট অৱ এছিয়ান ষ্টাডিজ (Maulana Abul Kalam Azad Institute of Asian Studies) কলকাতাত অৱস্থিত এক স্বায়ত্তশাসিত গৱেষণা প্ৰতিষ্ঠান। ইয়াৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে ধন আগবঢ়ায়। ১৯৯৩ চনৰ ৪ জানুৱাৰীত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।
-
যামিনী ৰায় সংগ্ৰহালয়
যামিনী ৰায় সংগ্ৰহালয় ( The Jamini Roy Museum) শিল্পী যামিনী ৰায়ৰ পূৰ্বৰ বাসগৃহত অৱস্থিত এটা পৰিকল্পিত সংগ্ৰহালয়। ২০২৩ চনৰ আৰম্ভণিতে DAG-এ (পূৰ্বতে দিল্লী আৰ্ট গেলেৰী) ৰায়ৰ কলকাতাৰ বালিগঞ্জত অৱস্থিত, ৭৫ বছৰ পুৰণি বাসগৃহ অধিগ্ৰহণ কৰে।
-
ৰাজ্যিক পুৰাতাত্ত্বিক সংগ্ৰহালয়
ৰাজ্যিক পুৰাতাত্ত্বিক সংগ্ৰহালয় (State Archaeological Museum ) পশ্চিম বংগৰ কলকাতাত অৱস্থিত আৰু ১৯৬২ চনত প্ৰতিষ্ঠা হোৱা এটা পুৰাতাত্ত্বিক সংগ্ৰহালয়। ইয়াত চুছুনীয়া (বাঁকুৰা) আৰু অন্যান্য স্থানৰ পৰা উদ্ধাৰ হোৱা প্ৰাচীন, মধ্য আৰু উত্তৰ পাষাণ যুগৰ বিৰল উপকৰণ, পাণ্ডু ৰাজাৰ ধীবি (বৰ্ধমান)ৰ পৰা সংগৃহীত…
-
ৰামকৃষ্ণ মিচন স্বামী বিবেকানন্দৰ পৈতৃক গৃহ আৰু সাংস্কৃতিক কেন্দ্ৰ
ৰামকৃষ্ণ মিচন স্বামী বিবেকানন্দৰ পৈতৃক গৃহ আৰু সাংস্কৃতিক কেন্দ্ৰ (Ramakrishna Mission Swami Vivekananda's Ancestral House and Cultural Centre) ভাৰতৰ কলকাতাৰ ১০৫ বিবেকানন্দ ৰোডত অৱস্থিত। এই ঘৰতে স্বামী বিবেকানন্দৰ (তেতিয়া নৰেন্দ্ৰনাথ দত্ত বুলি কোৱা হৈছিল) ১৮৬৩ চনৰ ১২ জানুৱাৰীত জন্মগ্ৰহণ কৰে।