অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চাঁওতাল সংস্কৃতি সংগ্ৰহালয়

চাঁওতাল সংস্কৃতি সংগ্ৰহালয় ( Museum of Santal Culture) হৈছে পশ্চিম বংগৰ বিষ্ণুবাটি গাঁৱত অৱস্থিত এটা ব্যক্তিগত সামূহিক সংগ্ৰহালয়। সম্প্ৰদায়ৰ দ্বাৰা সঞ্চালিত এই সংগ্ৰহালয়টোৱে অঞ্চলটোত বহুলাংশে প্ৰচলিত চাওতাল সম্প্ৰদায়ৰ ইতিহাসৰ নথিকৰণ কৰে, য’ত তেওঁলোকৰ অতীত, তেওঁলোকৰ স্মৃতি আৰু পৰম্পৰাগত…

হালনাগাদ: ৬ আগষ্ট ২০২৫ ২৭১ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ
কিউৰেটৰ বিমল বাস্কি
কিউৰেটৰ বিমল বাস্কিছবি: Sneharshidasgupta · CC BY-SA 4.0
সংগ্ৰহালয়ৰ ভিতৰভাগ (দ্বিতীয় মহল)
সংগ্ৰহালয়ৰ ভিতৰভাগ (দ্বিতীয় মহল)ছবি: Sneharshidasgupta · CC BY-SA 4.0
সংগ্ৰহালয়ৰ ভিতৰৰ পৰম্পৰাগত চাল
সংগ্ৰহালয়ৰ ভিতৰৰ পৰম্পৰাগত চালছবি: Sneharshidasgupta · CC BY-SA 4.0

চাঁওতাল সংস্কৃতি সংগ্ৰহালয় ( Museum of Santal Culture) হৈছে পশ্চিম বংগৰ বিষ্ণুবাটি গাঁৱত অৱস্থিত এটা ব্যক্তিগত সামূহিক সংগ্ৰহালয়।১২ সম্প্ৰদায়ৰ দ্বাৰা সঞ্চালিত এই সংগ্ৰহালয়টোৱে অঞ্চলটোত বহুলাংশে প্ৰচলিত চাওতাল সম্প্ৰদায়ৰ ইতিহাসৰ নথিকৰণ কৰে, য’ত তেওঁলোকৰ অতীত, তেওঁলোকৰ স্মৃতি আৰু পৰম্পৰাগত জীৱন-ধাৰণৰ পদ্ধতি অন্তৰ্ভুক্ত হৈছে। পশ্চিমবংগৰ বীৰভূম জিলাৰ "৭০০তকৈ কম লোক"ৰ বসতিস্থল চাঁওতালি গাওঁ বিষ্ণুবাটিৰ আন সদস্যসকলৰ সহযোগত শিক্ষাবিদ ড° বৰো বাস্কিয়ে এই সংগ্ৰহালয়টো প্ৰতিষ্ঠা কৰিছিল।৩

প্ৰেক্ষাপট

২০০৭ চনত ভাৰতীয় সংগ্ৰহালয়ৰ সহায়ত প্ৰতিষ্ঠা হোৱা চাঁওতাল সংস্কৃতি সংগ্ৰহালয় হৈছে চাঁওতাল সম্প্ৰদায়ৰ সদস্যসকলে সম্পূৰ্ণৰূপে নিজৰ লোকসকলৰ বাবে পৰিচালনা কৰা সংগ্ৰহালয়। সংগ্ৰহালয়টোৰ সহ-প্ৰতিষ্ঠাপকসকলৰ অন্যতম ড° বড়ো বাস্কিৰ মতে, "সংগ্ৰহালয়টোৰ চাঁওতালী নাম হৈছে ‘’সন্তল আৰিচালিদোহো-জোগাও বাখোল’’, যাৰ অনুবাদ হৈছে চাঁওতাল সংস্কৃতি আৰু ঐতিহ্যৰ চোৱাচিতা কৰা গৃহ।"৪ একস্তৰীয় ঘৰটোৰ স্থাপত্য পৰম্পৰাগত চাঁওতালী ঘৰৰ বেৰত থকা পৰম্পৰাগত চিত্ৰৰ সৈতে সাদৃশ্য আছে। ইয়াক কেৱল চাঁওতালীৰ অতীতক চিত্ৰিত কৰা বৈচিত্ৰময় সামগ্ৰীসমূহ প্ৰদৰ্শনৰ বাবে উৎসৰ্গিত কৰা হৈছে। সংগ্ৰহৰ অধিকাংশই স্থানীয় বাসিন্দাসকলে দান কৰিছিল। কিছুমান বিৰল সামগ্ৰী কিনা হৈছিল আৰু আন কিছুমান বাঁকুৰা জিলাৰ অন্যান্য চাঁওতালী অঞ্চল আৰু ঝাৰখণ্ডৰ চাঁওতালী পৰগনাৰ কিছুমান ঠাইৰ পৰাও আহৰণ কৰা হৈছিল।৫

সংগ্ৰহ

সংগ্ৰহালয়টোত চাঁওতাল সংস্কৃতিৰ সৈতে জড়িত ১৫০টা সামগ্ৰী আছে আৰু ইয়াক ছটা সুকীয়া শ্ৰেণীত উপস্থাপন কৰা হৈছে- চিকাৰৰ সামগ্ৰী, বাদ্যযন্ত্ৰ, সাজ-পোছাক আৰু অলংকাৰ, ঘৰুৱা সামগ্ৰী, চাঁওতালসকলৰ পুৰণি ফটো আৰু শিলেৰে নিৰ্মিত চাঁওতাল ভাস্কৰ্য্য।৬ কিছুমান বিৰল সামগ্ৰীৰ ভিতৰত চাঁওতালসকলৰ প্ৰাচীন বাদ্যযন্ত্ৰ বানম (এক ধৰণৰ বীণা) অন্যতম।৭

অধিক পঠন

  1. Hembrom, Ruby. (n.d.). "Bodding and the Santal people: entwined in timelessness." Published: Museum of Cultural History, University of Oslo. Accessed here.
  2. Hembrom, Ruby. (n.d.). "My Life. My telling. In my voice." Accessed here.
  3. Kämpchen, Martin. (2006). "Santals reach out to the World." India International Centre Quarterly, 32(4), 100–109.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Dorfentwicklung Indien: Santal Museum. www.dorfentwicklung-indien.de
  2. ↑ Visiting the Museum of Santal Culture,West Bengal. indiantribalheritage.org
  3. ↑ (2020-02-22). Meet Boro Baski: The Educator Who Set Up a School for Indigenous Children in West Bengal. The New Leam
  4. ↑ Baski, Boro. (2021-02-19). The Museum of Santal Culture in Bishnubati. Articulate
  5. ↑ (2022-04-10). In West Bengal’s Birbhum, a unique community museum that archives Santal history and culture. The Indian Express
  6. ↑ Boro Baski. (2017-11-20). Museum of Santal Culture: A Catalogue on Santal Cultural Items
  7. ↑ eBook · Free catalogue: Banam: One of the ancient musical instruments of the Santals – West Bengal – Tribal Cultural Heritage in India. indiantribalheritage.org

সম্পৰ্কিত শ্ৰেণী

পশ্চিম বংগৰ সংগ্ৰহালয়ভাৰতভিত্তিক সাংস্কৃতিক সংগঠনচাঁওতাল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাঁওতাল সংস্কৃতি সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৫৩০৬৮৫ (৬ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।