বেকাৰ হোষ্টেল ( Baker Hostel) ভাৰতৰ পশ্চিম বংগৰ কলকাতাত অৱস্থিত বেকাৰ হোষ্টেল এখন চৰকাৰী হোষ্টেল। ১৯১০ চনত ব্ৰিটিছ ৰাজৰ শাসনকালত বংগৰ তেতিয়াৰ লেফটেনেণ্ট গৱৰ্ণৰ এডৱাৰ্ড নৰ্মান বেকাৰে এই হোষ্টেলখন প্ৰতিষ্ঠা কৰিছিল।১ তালতলাৰ ৮ স্মিথ লেনত অৱস্থিত এই হোষ্টেলটো মৌলানা আজাদ মহাবিদ্যালয়ৰ পুৰুষ ছাত্ৰ-ছাত্ৰীৰ বাবে।
ইতিহাস
১৮৯৬ চনত কলকাতাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্মিত টেইলৰ হোষ্টেলৰ চাৰিওফালে অস্বাস্থ্যকৰ পৰিৱেশ আৰু অপৰ্যাপ্ত আবাস ব্যৱস্থাৰ বাবে তেওঁলোকে নতুন হোষ্টেল নিৰ্মাণৰ বাবে আন্দোলন আৰম্ভ কৰে।[2] ১৯০৮ চনত নবাব আব্দুল জব্বৰে এই আন্দোলনৰ সূচনা কৰে।২ খান বাহাদুৰ আহছানুল্লাহ, এ কে ফজলুল হকে হোষ্টেলটো স্থাপন কৰাৰ দাবীত মুখ্য ভূমিকা পালন কৰিছিল।৩ ফলত চৰকাৰে এই হোষ্টেলটো নিৰ্মাণ কৰে।[2]
সংগ্ৰহালয়
এই হোষ্টেলৰ দুটা কোঠা (নং ২৩ আৰু ২৪) বাংলাদেশৰ প্ৰতিষ্ঠাপক, বাংলাদেশৰ পিতৃস্বৰূপ তথা দেশখনৰ প্ৰথম ৰাষ্ট্ৰপতি শ্বেখ মুজিবুৰ ৰহমানৰ সন্মানত সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হয়। ১৯৯৮ চনৰ ৩১ জুলাইত এই সংগ্ৰহালয়টো উদ্বোধন কৰা হয়।৪ ২০১১ চনৰ ২৩ ফেব্ৰুৱাৰীত হোষ্টেলত মুজিবৰ ৰহমানৰ আৱক্ষ মূৰ্তি স্থাপন কৰা হয়।৫
২০১৭ চনত সদৌ বংগ সংখ্যালঘু যুৱ ফেডাৰেচনে এই সিদ্ধান্তক সমালোচনা কৰি বংগবন্ধুৰ আৱক্ষ মূৰ্তিটো হোষ্টেলৰ পৰা আঁতৰাই দিবলৈ দাবী জনাইছিল, কাৰণ ইছলামে অট্টালিকাত মূৰ্তি স্থাপনৰ অনুমতি নিদিয়ে। সংস্থাটোৰ সাধাৰণ সম্পাদক কামৰুজ্জামানে এই কাৰ্য্য আপত্তিজনক বুলি বিবেচনা কৰিছিল। কাৰণ হোষ্টেলৰ ভিতৰত এটা মছজিদ আছে।৬ এই সন্দৰ্ভত সংগঠনটোৱে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায় আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনালৈ পত্ৰ প্ৰেৰণ কৰে। শ্বেখ হাছিনাৰ ভাৰত ভ্ৰমণৰ এমাহৰ আগৰ মাৰ্চ মাহত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে পশ্চিম বংগ চৰকাৰক সংগঠনটো আৰু ইয়াৰ সমৰ্থকসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল, যাক চৰকাৰে হাছিনা বিৰোধী উগ্ৰপন্থী গোট বুলি অভিহিত কৰিছিল।৭
সংগ্ৰহালয়টোৰ ২৪ নং কোঠাটো বংগবন্ধু সোঁৱৰণী কক্ষ নামেৰে জনাজাত। বংগবন্ধুৰ আৱক্ষ মূৰ্তি কোঠাটোৰ দুৱাৰৰ সন্মুখত অৱস্থিত। কোঠাটোৰ ভিতৰত তেওঁৰ ব্যৱহৃত বিচনা, টেবুল আৰু চকী আছে। সৰু পুথিভঁৰাল এটাত শ্বেখ মুজিবুৰ ৰহমানে লিখা কিতাপবোৰ সজাই থোৱা আছে। টেবুলত তেওঁৰ ৭ মাৰ্চৰ ভাষণ দিয়াৰ ফটো এখন। সংগ্ৰহালয়টোত প্ৰৱেশ সীমিত আৰু ইয়াক হোষ্টেল কৰ্তৃপক্ষই পৰিচালনা কৰে।৮
বাহ্যিক সংযোগ
- Baker Hostel at Maulana Azad College
তথ্যসূত্ৰ
- ↑ bn:বঙ্গবন্ধুর বেকার হোস্টেল. Risingbd.com
- ↑ Jabbar, Nawab Abdul. Banglapedia
- ↑ Ahsanullah, Khan Bahadur. Banglapedia
- ↑ (15 August 2015). Bangabandhu remembered at Bekar Hostel. Prothom Alo
- ↑ (23 February 2011). Bekar Hostel in Kolkata installs Bangabandhu's sculpture today. The Daily Star
- ↑ (23 March 2017). Remove Mujibur Rahman's bust from Kolkata hostel: ABMYF. New Age
- ↑ Chaudhury, Dipanjan Roy; Das, Madhuparna. (30 March 2017). Centre asks Mamata govt to act tough against fringe groups demanding removal of Mujibur statue. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Mitra, Prithvijit. (23 February 2012). The hostel room where Mujibar Rahman stayed. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেকাৰ হোষ্টেল” প্ৰবন্ধৰ সংশোধন ৬১৬৬১৭ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।