অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নৌকা সংগ্ৰহালয়, কলকাতা

নৌকা সংগ্ৰহালয় (Boat Museum) হৈছে এক সাৰ্বজানিক সংগ্ৰহালয়, যি সম্পূৰ্ণৰূপে বংগ অঞ্চলৰ নাওৰ ইতিহাস নথিকৰণৰ বাবে উৎসৰ্গিত। কলকাতাৰ কাঁকুৰগাছিৰ সাংস্কৃতিক গৱেষণা প্ৰতিষ্ঠানত অৱস্থিত এই সংগ্ৰহালয়টো বংগৰ নদীৰ অতীত স্মৃতি সংৰক্ষণৰ লক্ষ্যৰে এক বিৰল পদক্ষেপ।

হালনাগাদ: ৯ আগষ্ট ২০২৬ ২২৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

নৌকা সংগ্ৰহালয় (Boat Museum) হৈছে এক সাৰ্বজানিক সংগ্ৰহালয়, যি সম্পূৰ্ণৰূপে বংগ অঞ্চলৰ নাওৰ ইতিহাস নথিকৰণৰ বাবে উৎসৰ্গিত।১২৩ কলকাতাৰ কাঁকুৰগাছিৰ সাংস্কৃতিক গৱেষণা প্ৰতিষ্ঠানত অৱস্থিত এই সংগ্ৰহালয়টো বংগৰ নদীৰ অতীত স্মৃতি সংৰক্ষণৰ লক্ষ্যৰে এক বিৰল পদক্ষেপ। এই সংগ্ৰহালয়টোক নাও, থলুৱা নাও নিৰ্মাণ আৰু ইয়াৰ ঐতিহ্য বুজাৰ বাবে সমৰ্পিত ভাৰতৰ প্ৰথম সংগ্ৰহালয় বুলি কোৱা হয়।৪ নৌকা সংগ্ৰহালয়ৰ কাষতে পুতলা সংগ্ৰহালয়, কঠা সংগ্ৰহালয় আৰু জনজাতীয় সামগ্ৰীৰ সংগ্ৰহ আছে।৫৬৭

অন্য অনুৰূপ প্ৰতিষ্ঠানসমূহৰ ভিতৰত আছে কলকাতাৰ ষ্ট্ৰেণ্ড ৰোডত অৱস্থিত কলকাতা প'ৰ্ট ট্ৰাষ্ট মেৰিটাইম আৰ্কাইভছ এণ্ড হেৰিটেজ চেণ্টাৰ।৮৯

সংগ্ৰহ

নৌকা সংগ্ৰহালয়ত বৰ্তমান "নাওৰ ৪৬ টা কাঠৰে নিৰ্মিত প্ৰতিৰূপ" আছে যিয়ে বংগৰ নাওৰ ঐতিহ্যক চিত্ৰিত কৰে।১০ সুন্দৰবনৰ মালবাহী নাও, উপকূলীয় মাছ ধৰা নাও আৰু উত্তৰ বংগৰ জনপ্ৰিয় সমতল তলৰ নাওৰ পৰা আৰম্ভ কৰি ডিংগী নামেৰে জনাজাত সৰ্বব্যৱহাৰৰ নাওলৈকে সংগ্ৰহালয়ত প্ৰদৰ্শন হৈছে। সংগ্ৰহালয়টোত কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ “পদ্মা” নামৰ নাওখনৰ প্ৰতিৰূপ আৰু মহেঞ্জোদাৰো যুগৰ নাওৰ প্ৰতিৰূপো প্ৰদৰ্শন কৰা হৈছে।১১১২

যিহেতু নাও নিৰ্মাণ কৰাটো প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি অহা পৰম্পৰা আৰু সাধাৰণতে এতিয়া প্ৰান্তীয় হৈ পৰা সম্প্ৰদায়সমূহে সম্পন্ন কৰে। পৰম্পৰাগত কাৰুকাৰ্য্যক উজ্জ্বল কৰি তুলিবলৈ সংগ্ৰহালয়টোত উপস্থাপন কৰা সকলো নাওৰ আৰ্হি দক্ষিণ দিনাজপুৰ জিলাৰ ৰাজবংশীসকলে নিৰ্মাণ কৰিছে।১২

অধিক পঠন

  1. Hardgrave Jr, Robert L. (2001). Boats of Bengal: Eighteenth Century Portraits by Balthazar Solvyns. Manohar Publishers and Distributors. ISBN 978-8173043581
  2. McGrail, Sean; Blue, Lucy; Kentley, Eric. (1999). "The Reverse-Clinker Boats of Bangladesh and Their Planking Pattern." South Asian Studies, 15(1), 151–158. doi:10.1080/02666030.1999.9628573

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Pal, Suchismita. (2023-01-02). Make Way To India's Only Boat Museum In Kolkata That Displays Models Of 46 Traditional Boats. Curly Tales
  2. ↑ Ready To Set Sail In India's One And Only Boat Museum In Kolkata?. Whats Hot
  3. ↑ Row Row Row Your Boat All The Way To India’s Only Boat Museum In Kolkata · LBB. LBB, Kolkata
  4. ↑ (2022-03-13). Take a boat ride into West Bengal’s maritime history at India’s only dedicated museum. The Times of India
  5. ↑ Kolkata’s Kantha Museum, where tales are stitched. Get Bengal
  6. ↑ Conversing with Puppets of Bengal at Puppet Museum. Get Bengal
  7. ↑ Ethnographic Museums in Cultural Research Institute. Cultural Research Institute, Government of West Bengal
  8. ↑ Kolkata Port Trust Maritime Archives and Heritage Centre. map.sahapedia.org
  9. ↑ Kolkata Port Trust Maritime Archive and Heritage Centre: A treasure trove of heritage. www.telegraphindia.com
  10. ↑ West Bengal’s boat culture comes alive in Kankurgachi museum walk. www.telegraphindia.com
  11. ↑ Gangopadhyay, Uttara. (October 3, 2020). A Whale Of A Time At India's Only Boat Museum. Outlook India
  12. ↑ (2018-12-15). This Kolkata boat museum is the only one of its kind in the country. The Hindu

সম্পৰ্কিত শ্ৰেণী

পশ্চিম বংগৰ সংগ্ৰহালয়ভাৰতভিত্তিক সাংস্কৃতিক সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৌকা সংগ্ৰহালয়, কলকাতা” প্ৰবন্ধৰ সংশোধন ৬২৫৫৩৩ (৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।