অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জোৰাসাঁকো ঠাকুৰবাড়ী

জোৰাসাঁকো ঠাকুৰবাড়ী (Jorasanko Thakur Bari) ভাৰতৰ পশ্চিম বংগৰ উত্তৰ কলকাতাৰ জোৰাসাকোত অৱস্থিত এটা হাউলী, ঠাকুৰ পৰিয়ালৰ পূৰ্বপুৰুষৰ ঘৰ। ই কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মস্থান আৰু ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয় চৌহদ পৰিসৰ।

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ২৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

জোৰাসাঁকো ঠাকুৰবাড়ী (Jorasanko Thakur Bari) ভাৰতৰ পশ্চিম বংগৰ উত্তৰ কলকাতাৰ জোৰাসাকোত অৱস্থিত এটা হাউলী, ঠাকুৰ পৰিয়ালৰ পূৰ্বপুৰুষৰ ঘৰ। ই কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মস্থান আৰু ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয় চৌহদ পৰিসৰ। ১

ঠাকুৰ পৰিয়ালে বাস কৰা সময়ৰ ৰূপ দিবলৈ ঠাকুৰবাড়ীক পুনৰ নিৰ্মাণ কৰা হৈছে আৰু বৰ্তমান ই ঠাকুৰ সংগ্ৰহালয় হিচাপে কাম কৰি আছে, য’ত ঠাকুৰ পৰিয়ালৰ ইতিহাসৰ বিষয়ে বিৱৰণ প্ৰস্তুত কৰা হৈছে। ইয়াৰ ভিতৰত বংগৰ নৱজাগৰণ আৰু ব্ৰাহ্ম সমাজৰ ভূমিকাৰ বিষয়টোও অন্তৰ্ভূক্ত হৈ আছে। ২ সংগ্ৰহালয়ৰ ভিতৰত ফটোগ্ৰাফী কঠোৰভাৱে নিষিদ্ধ, কিন্তু বাহিৰত ফটোগ্ৰাফী কৰাৰ অনুমতি আছে। সন্ধিয়া পোহৰ আৰু শব্দৰ অনুষ্ঠানো থাকে। ৩

পশ্চিম বংগ চৰকাৰে বহুদিনৰ পৰাই বংগৰ অন্যতম শ্ৰেষ্ঠ কবি-দাৰ্শনিক ৰবীন্দ্ৰনাথ ঠাকুৰৰ সন্মানত বিশ্ববিদ্যালয় স্থাপনৰ পৰিকল্পনা আৰম্ভ কৰিছিল। অৱশেষত ১৯৬১ চনত বিশ্ববিদ্যালয়খন গঢ় লৈ উঠিছিল। এই বছৰটো বিশেষ আছিল, কাৰণ এই বছৰটোত ঠাকুৰৰ জন্ম জয়ন্তীৰ শতবাৰ্ষিকী উদযাপন কৰা হৈছিল। সেই অনুসৰি ৰবীন্দ্ৰ ভাৰতী আইন মতে জোৰাসাকোৰ বাসগৃহত বিশ্ববিদ্যালয়খন স্থাপন কৰা হয়। বিশ্ববিদ্যালয়খনৰ লক্ষ্য আছিল সংস্কৃতি আৰু কলাৰ উন্নতি। ৩ পিছৰ বছৰত ৰবীন্দ্ৰ ভাৰতী সংগ্ৰহালয় গঠন কৰা হয়। মহৰ্ষি ভৱনৰ পশ্চিমে অৱস্থিত বিচিত্ৰ ভৱন; এইটো ১৮৯৭ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে নিজে নিৰ্মাণ কৰা আন এটা অট্টালিকা। স্থাপত্যই ঔপনিৱেশিক শৈলীক নিবিড়ভাৱে অনুসৰণ কৰিছে। আংশিকভাৱে প্লাষ্টাৰ কৰি বগা ৰঙেৰে ৰঙেৰে বোলোৱা, এই ৰঙা ইটাৰ গঠনটো আকৰ্ষণীয়, আৰু বগা চম্পা, স্পেনিছ চেৰী, অশোক আদি গছেৰে পৰিবেষ্টিত। এই ভৱনটোতে বৰ্তমান সংগ্ৰহালয় আৰু আৰ্কাইভ আছে। ঘৰৰ প্ৰথম মহলাত ইয়াক প্ৰদৰ্শিত কৰা হৈছে। ৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Rabindra Bharti Museum (Jorasanko Thakurbari)
  2. ↑ Rabindra Bharati Museum Kolkata
  3. ↑ Rabindra Bharati Museum · RBU. rbu.ac.in

সম্পৰ্কিত শ্ৰেণী

পশ্চিম বংগৰ সংগ্ৰহালয়ভাৰতভিত্তিক সাংস্কৃতিক সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোৰাসাঁকো ঠাকুৰবাড়ী” প্ৰবন্ধৰ সংশোধন ৫৯৪৫২৫ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।