মাৰ্বল পেলেচ (Marble Palace ) উত্তৰ কলকাতাৰ ঊনবিংশ শতিকাৰ জমিদাৰী প্ৰাসাদ আৰু এইটো ৪৬ নং মুক্তৰাম বাবু ষ্ট্ৰীট, কলকাতাত অৱস্থিত। ই ঊনবিংশ শতিকাৰ কলিকতাৰ অন্যতম সৰ্বোত্তম সংৰক্ষিত আৰু সুদৃশ্য অট্টালিকা।১ মাৰ্বলৰ দেৱাল, মজিয়া, ভাস্কৰ্য্যৰ বাবে এই অট্টালিকাটো বিখ্যাত, যাৰ বাবে অট্টালিকাটোৰ নাম মাৰ্বল পেলেচ হৈছে। ২
সংগ্ৰহ
মাৰ্বল পেলেচত বহুতো পশ্চিমীয়া ভাস্কৰ্য্য, ভিক্টোৰিয়ান যুগৰ আচবাব, ইউৰোপীয় আৰু ভাৰতীয় শিল্পীৰ চিত্ৰ, আৰু অন্যান্য শিল্পকৰ্ম আছে। সজ্জাগত বস্তুৰ ভিতৰত ডাঙৰ ডাঙৰ ঝুমৰ, ঘড়ী, মজিয়াৰ পৰা চিলিংলৈকে দাপোন, কলহ, আৱক্ষ মূৰ্তি আদি। এই ঘৰটোত পিটাৰ পল ৰুবেন্সৰ দুখন ছবি আছে- দ্য মেৰিজ অফ চেণ্ট কেথেৰিন আৰু দ্য মাৰ্টিৰডম অফ চেণ্ট চেবাষ্টিয়ান। ইয়াৰ উপৰিও ছাৰ জোছুৱা ৰেনল্ডছৰ দুখন ছবি- দ্য ইনফেণ্ট হাৰকিউলিছ ষ্ট্ৰেংলিং দ্য চাৰ্পেণ্ট আৰু ভেনাছ এণ্ড কিউপিড আছে। সংগ্ৰহসমূহত অন্তৰ্ভুক্ত হোৱা আন শিল্পীসকলৰ ভিতৰত আছে টিটিয়ান, বাৰ্টল’মে এষ্টেবান মুৰিল’ আৰু জন অ’পী।৩
প্ৰবেশ
যিহেতু মাৰ্বল পেলেচ ব্যক্তিগত বাসগৃহ, সেয়েহে ইয়াত ফটোগ্ৰাফী নিষিদ্ধ। প্ৰৱেশ বিনামূলীয়া, কিন্তু কলকাতাৰ বি বি ডি বাগস্থিত পশ্চিম বংগ পৰ্যটন তথ্য ব্যুৰোৰ পৰা ২৪ ঘণ্টা আগতেই অনুমতি পত্ৰ ল’ব লাগিব। অট্টালিকাটোৰ ভিতৰত গাইড থাকে, যিয়ে দৰ্শনাৰ্থীক অট্টালিকাটো ভ্ৰমণ কৰায়। যদিও যিবোৰ অংশত এতিয়াও বসবাস আছে, তাত প্ৰবেশৰ সীমাবদ্ধতা আছে। সোমবাৰ আৰু বৃহস্পতিবাৰৰ বাহিৰে সকলো দিনতে মাৰ্বল পেলেচ পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ খোলা থাকে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Dasgupta, Prosenjit. (2000). 10 Walks in Calcutta. Harper Collins. ISBN 81-7223-383-3
- ↑ The Marble Palace. www.museumsofindia.org
- ↑ Sengupta, Somini. (May 3, 2009). A Walk in Calcutta. New York Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্বল পেলেচ, কলকাতা” প্ৰবন্ধৰ সংশোধন ৬৩২৮৪৫ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।