নেতাজী ভৱন ( Netaji Bhawan ) পশ্চিম বংগৰ কলকাতাত অৱস্থিত এটা ঐতিহ্যমণ্ডিত ভৱন, যাক ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদী "নেতাজী" সুভাষ চন্দ্ৰ বসুৰ জীৱনৰ এক স্মাৰক আৰু গৱেষণা কেন্দ্ৰ হিচাপে ৰক্ষণাবেক্ষণ কৰা হৈছে।১ বৰ্তমান ই নেতাজী ৰিচাৰ্ছ ব্যুৰোৰ মুখ্য কাৰ্যালয়।২
ইতিহাস
১৯০৯ চনত বসুৰ পিতৃয়ে নিৰ্মাণ কৰা এই ঘৰটো৩ বৰ্তমান নেতাজী ৰিচাৰ্ছ ব্যুৰোৰ অধীনস্থ আৰু পৰিচালিত। ইয়াত সংগ্ৰহালয়, আৰ্কাইভ আৰু পুথিভঁৰাল আছে। এই ব্যুৰো সুগতা বসু আৰু তেওঁৰ মাতৃ কৃষ্ণ বসুৱে পৰিচালনা কৰে।৪ কলকাতাৰ লালা লাজপত ৰায় সৰণিত এই ভৱনটো অৱস্থিত।
১৯৪১ চনত নেতাজী ভৱনত গৃহবন্দীৰ হৈ থকাৰ পৰা পলায়ন কৰি বসুৱে বাৰ্লিনলৈ যায়। ইয়াৰ পিছত তেওঁ ছাবমেৰিনত (জাৰ্মান ইউ-বোট U-180 আৰু জাপানী চাবমেৰিন I-29) জাপানৰ দখলত থকা দক্ষিণ-পূব এছিয়ালৈ যাত্ৰা কৰে। ভাৰতীয় জাতীয় সেনা সংগঠিত কৰি তেওঁ ইম্পেৰিয়েল জাপানী সেনাবাহিনীৰ সৈতে ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হয়।
নেতাজী ভৱন সংগ্ৰহালয়টোত বসুৰ ভৰিৰ ছাপৰ অৱশেষ প্ৰদৰ্শিত হৈছে। এই ভৱন দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৱে ভ্ৰমণ কৰে। শেহতীয়াকৈ ২০০৭ চনত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেই নেতাজী ভৱন ভ্ৰমণ কৰে।৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Hindustan Times
- ↑ (23 January 2022). Ex-Japan PM Shinzo Abe given Netaji Award 2022. economictimes.com. The Economic Times
- ↑ (23 December 2014). Declare Netaji's birthday as national holiday: WB Governor. Business Standard India. Press Trust of India
- ↑ (24 January 2014). Netaji's birth anniversary fete turns sour - Today's Paper - The Hindu. The Hindu
- ↑ (2007-08-24). Abe praises Indians who backed Japan in WWII. The Daily Star (Bangladesh){{!}}
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেতাজী ভৱন” প্ৰবন্ধৰ সংশোধন ৪৭০৮৪৪ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।